ভাৰতীয় উচ্চ শিক্ষা: পৰিবৰ্তন আৰু প্ৰত্যাহ্বান: স্বাধীনতা-উত্তৰ ভাৰতত উচ্চ শিক্ষাই বহু পৰিবৰ্তনৰ মাজেদি বৰ্তমানৰ অবস্থা পাইছেহি আৰু যোৱা দশকত এই পৰিবৰ্তনৰ হাৰ আগতকৈ বেছি আছিল। ২৫বছৰতকৈ কম বয়সৰ ৬০০ নিযুত জনসমষ্টিৰ আমাৰ দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰ খনে যুৱ প্ৰজন্মক সামৰি লবৰ বাবে বৰ্তমান সময়ত আৰু বহু প্ৰসাৰ তথা পৰিবৰ্তন কৰিব লাগিব। দেশৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লগে লগে মধ্যবিত্ত শ্ৰেণীৰ জনসংখ্যা বৃদ্ধি হৈছে আৰু সেই অনুপাতে উচ্চ শিক্ষাৰ চাহিদা বাঢ়িবলৈ আৰম্ভ কৰিছে। ২০২০ চনলৈ আমাৰ দেশত স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰী পৃথিবীৰ ভিতৰতে বেছি আৰু স্নাতকধাৰীৰ সংখ্যা পৃথিৱীৰ ভিতৰত দ্বিতীয় (চীন প্ৰথম) হ’ব বুলি ব্ৰিটিছ কাউন্সিলৰ এক প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। উচ্চ শিক্ষা এখন দেশৰ সঞ্জীৱনী শক্তি আৰু ২১ শতিকাৰ জ্ঞান ভিত্তিক সমাজৰ এক অবিচ্ছেদ্য আহিলা। বৰ্দ্ধিত জনসংখ্যা আৰু উচ্চ শিক্ষাৰ পাঠ্যক্ৰমৰ বিভিন্নতা, প্ৰশাসনিক ব্যৱস্থা আৰু ভৌগোলিক পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ শিক্ষাৰ এক তথ্য-ভেটি/ডাটাবেছ নিৰ্মাণ অপৰিহাৰ্য হৈ পৰিছে। বৰ্তমানৰ ডাটাবেছ আওপুৰণি আৰু পৰ্যাপ্ত নোহোৱাটো সৰ্ব্বজন বিদিত। বৰ্তমানৰ উচ্চ শিক্ষাৰ ডাটাবেছৰ তথ্য সংগ্ৰহ পদ্ধতি আৰু ব্যাপ্তি অসম্পূৰ্ণ, নিয়ন্ত্ৰণহীন আৰু সময়তকৈ পিছ পৰা। একাদশ পঞ্চবাৰ্ষিক যোজনাৰ শেষৰ ফালে ভাৰতীয় উচ্চ শিক্ষাৰ মুঠ নাম ভৰ্ত্তিৰ হাৰ (Gross Enrolment Ratio—GER) প্ৰায় ১৫% আৰু চৰকৰে ২০২০ চনলৈ GER ৩০% লৈকে বৃদ্ধি কৰিবলৈ ধাৰ্য্য কৰিছে। ইয়াতে এইটো উল্লেখ কৰা উচিত যে GER হৈছে বিদ্যালয় পৰ্যায়ৰ শিক্ষা শেষ কৰি উচ্চ শিক্ষাত নাম ভৰ্ত্তি কৰা ছাত্ৰ-ছাত্ৰীৰ শতকৰা হাৰ। GER বঢ়াবলৈ চৰকাৰে বিভিন্ন উদ্যোগ হাতত লৈছে যাৰ বাবে উচ্চ শিক্ষাৰ ডাটাবেছ (শিক্ষানুষ্ঠান, ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ সংখ্যা ইত্যাদি)ৰ সৈতে এখন প্ৰকৃত ছবি নীতি নিৰ্মাতা সকলক প্ৰয়োজন হ’ব। ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠান সমূহ বৰ্তমান স্নাতক পৰ্যায়ৰ শিক্ষাৰ এক উল্লেখনীয় অংশীদাৰ আৰু ক্ৰমাগত বৰ্দ্ধিত দিশত। ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠান সমূহে বিশেষকৈ বৃত্তিগত (professional) আৰু বাণিজ্যিক প্ৰশাসন (business management) শিক্ষাতহে প্ৰসাৰ লাভ কৰিছে যদিও বৰ্তমান ইয়াৰ পৰিধি বাঢ়িছে। আৰু বহু ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠান অনাগত দিনত প্ৰতিষ্ঠা হ’ব আৰু ভাৰতৰ উচ্চ শিক্ষাত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি। অৱশ্যে ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ মানদণ্ড, মাছুল আৰু প্ৰশাসনীয় বিষয় সমূহৰ নিয়ন্ত্ৰণ অপৰিহাৰ্য। যদি ২০২০চনলৈ GER ৩০% লৈকে বঢ়াব লাগে তেন্তে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত অভূতপূৰ্ব সাল-সালনি পৰিলক্ষিত হোৱাটো নিশ্চিত। এই সাল-সলনিত অৰ্থনৈতিক আৰু জনসংখ্যাৰ পৰিবৰ্তনে মুখ্য ভূমিকা ল’ব। ভাৰতীয় অৰ্থব্যৱস্থা ২০২০ চনত পৃথিবীৰ তৃতীয় বৃহৎ অৰ্থব্যৱস্থা হিচাবে স্থান লাভ কৰিব বুলি অৰ্থনীতিবিদ সকলে ধাৰণা কৰিছে অৰু সেই অনুপাতে মধ্যবিত্ত শ্ৰেণীৰ জনসংখ্যা ও বাঢ়িব। যোৱা দশকত যদিও ভাৰতীয় উচ্চ শিক্ষাই এক বিশেষ উন্নতি লাভ কৰিছে এতিয়াও আমাৰ সন্মুখত বহু প্ৰত্যাহ্বান আছে যাৰ ভিতৰত চাৰিটা অতি গুৰুত্বপূৰ্ণ। প্ৰথমটো হৈছে যোগান আৰু চাহিদাৰ মাজৰ বিসংগতি। ভাৰতৰ GER বৰ্তমান মাত্ৰ ১৮% যিটো চীনত ২৬% আৰু ব্ৰাজিলত ৩৬%। ইয়াৰ অৰ্থ হৈছে যে আমাৰ দেশত উচ্চ শিক্ষাৰ প্ৰচুৰ চাহিদা অপূৰণীয় হৈ আছে। ২০২০চনলৈ GER ৩০% হ’বলৈ ৪০ নিযুত ছাত্ৰ-ছাত্ৰীক পঢ়াৰ সুবিধা দিব লাগিব, তথা অহা ৬ বছৰত উচ্চ শিক্ষা ক্ষেত্ৰখনত ১৪ নিযুত আসন বৃদ্ধি কৰিব লাগিব যিটো অসম্ভব নহলেও অত্যন্ত কঠিন কাম। দ্বিতীয় প্ৰত্যাহ্বান হৈছে আমাৰ উচ্চ শিক্ষাৰ শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ নিম্ন পৰ্যায়ৰ গুণগত মানদণ্ড। উচ্চ শিক্ষা ক্ষেত্ৰখন চিৰকলীয়া সমস্যা সমূহ যেনে—উপযুক্ত শিক্ষকৰ অভাব, আওপুৰণি পাঠ্যক্ৰম, দায়িত্বহীনতা, অনিশ্চয়তা, গবেষণা আৰু শিক্ষণৰ বিচ্ছিন্নতা আদিয়ে এনেদৰে আবৰি আছে যে ইয়াৰ পৰিবৰ্তন অতি কষ্টকৰ। তৃতীয় প্ৰত্যাহ্বান হৈছে গবেষণা আৰু উদ্ভাৱনীয়তাৰ সীমাৱদ্ধতা। PhD ৰ নাম ভৰ্ত্তিৰ হাৰ কম হোৱা বাবে আমাৰ দেশত গবেষকৰ সংখ্যা কম। আনহাতে interdisciplinary and multidisciplinary গবেষণাৰ স-সুবিধা অতি সীমিত। তদুপৰি উদ্যোগ জগতৰ লগত সংগতি ৰাখি কৰা ব্যৱহাৰিক গবেষণা আৰু ইয়াৰ বাণিজ্যিকীকৰণ আমাৰ দেশত এতিয়াও খুবেই কম পৰিমাণে হৈছে। দেশৰ উন্নতিৰ বাবে গবেষণা আৰু উদ্যোগৰ মাজত এক সুদৃঢ় সম্পৰ্ক থকা অৰ্থনীতিৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। ভৌগোলিক আৰু জনসাংখ্যিক দিশৰ পৰা অসমান বৃদ্ধি আৰু অসমানুপাতিক সহজলভ্যতা উচ্চ শিক্ষাৰ চতূৰ্থ প্ৰত্যাহ্বান। সামাজিক ভাবে ভাৰতবৰ্ষ বহুধা বিভক্ত আৰু উচ্চ শিক্ষাৰ প্ৰসাৰ সকলো জাতি-জনগোষ্ঠি বা ভৌগোলিক বিভিন্নতা অনুসৰি সমানে হোৱা নাই। সম্প্ৰসাৰণ, ভৌগোলিক আৰু সামাজিক নিৰপেক্ষতা, আৰু শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰা বৰ্তমান উচ্চ শিক্ষা বিভাগ তথা চৰকাৰৰ মূল লক্ষ্য হ’লেহে ২০২০চনৰ নিৰ্দ্ধাৰিত GER (৩০%) পাবলৈ আমি সক্ষম হ’ম। ইয়াৰ বাবে অহা পাঁচ বছৰত উচ্চ শিক্ষাৰ পুঁজিৰ আবন্তন, নেতৃত্ব আৰু প্ৰশাসন, মানদণ্ডৰ উন্নতি, উদ্যোগৰ লগত সম্পৰ্ক, আন্তৰাষ্ট্ৰীয় সহযোগিতা, শিক্ষণ আৰু গবেষণা আদিৰ ক্ষেত্ৰত সকলো দৃষ্টি কোণৰ পৰা আমূল পৰিবৰ্তনৰ প্ৰয়োজন হ’ব। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহৰ সবলীকৰণ ইতিমধ্যেই আৰম্ভ হৈছে। বিশেষকৈ ৰাজ্যিক বিশ্ববিদ্যালয় সমূহৰ উন্নতিৰ কাৰণে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ (Rashtriya Ucchatar Shiksha Abhiyan—RUSA) অধীনত কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ আবন্তন দিয়া আৰম্ভ কৰিছে।

৬৮৭খন বিশ্ববিদ্যালয় (কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৪৫, ৰাজ্যিক বিশ্ববিদ্যালয় ৩২২, Deemed University ১২৮, ব্যক্তিগত বিশ্ববিদ্যালয় ১৯২) আৰু প্ৰায় ৪০,০০০খন মহাবিদ্যালয় সামৰি ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থা পৃথিবীৰ ভিতৰতেই এক বিশাল শিক্ষা ব্যৱস্থা। ভাৰতত প্ৰায় ১৮০০খন মহিলা মহাবিদ্যালয় আছে। দূৰ আৰু মুক্ত শিক্ষা পাদ্ধতিৰ জৰিয়তে লাখ লাখ লোকক উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা দিয়া হৈছে। এখন ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (ইগ্‌নু- IGNOU) ৰ উপৰিও ভাৰতত আৰু ১৪খন মুক্ত বিশ্ববিদ্যালয় আছে। তথ্য আৰু প্ৰযুক্তি বিজ্ঞানৰ অপৰিসীম উন্নতিৰ ফলত দূৰ আৰু মুক্ত শিক্ষা আজি প্ৰতি জন ব্যক্তিৰ ওচৰলৈ কাষ চাপি আহিছে। কেৱল উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বঢ়ালেই GER বাঢ়িব এনে কথা নহয়। বিশ্ববিদ্যালয় অনুদান আয়োগৰ তথ্য (Higher education in India at a glance) অনুসৰি যোৱা দহ বছৰত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানৰ বৃদ্ধিৰ হাৰৰ অনুপাতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বঢ়া নাই। ভাৰতত প্ৰতি দহ বছৰে মহাবিদ্যালয় প্ৰায় ২০,০০০ খনকৈ বাঢ়ে (২০০০-০১ চনত মহাবিদ্যালয়ৰ সংখ্যা ১২, ৮০৬ আৰু ২০১০-১১ চনত এই সংখ্যা ৩৩,০২৩; বৃদ্ধিৰ হাৰ ১৫০%) আৰু বিশ্ববিদ্যালয়ৰ সংখ্যা ২০০০-০১ চনত ২৫৬ ৰ পৰা ২০১০-১১চনত ৫৬৪ হৈছিল মুখ্যত deemed-universities আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ বাবে। অৱশ্যে এই সময়চোৱাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৮.৪ নিযুতৰ পৰা দুগুণ হৈ ১৭ নিযুত হৈছিল যদিও শিক্ষানুষ্ঠানৰ বৃদ্ধিৰ হাৰতকৈ যথেষ্ট কম। যিখন দেশৰ ৮১ % ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত তেনে এখন দেশত শিক্ষানুষ্ঠানৰ বৃদ্ধিৰ হাৰতকৈ ছাত্ৰ-ছাত্ৰীৰ বৃদ্ধিৰ হাৰ কম হোৱাটো নিশ্চয় চিন্তনীয় বিষয়।

জনসংখ্যা-সম্পৰ্কীয় তথ্যই এই কথা প্ৰতিপন্ন কৰিছে যে অনাগত সময়ত ভাৰতৰ জনসংখ্যা চীনতকৈ বেছি হ’ব আৰু ৮% গঢ় বাৰ্ষিক মুঠ ঘৰুৱা আয় (GDP) বৃদ্ধিৰে উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী মধ্যবিত্ত শ্ৰেণীৰ লোকৰ সংখ্যা অহা ১০ বছৰত ৫০০ নিযুত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সাধাৰণতে উচ্চ বা উচ্চ-মধ্যবিত্ত শ্ৰেণীৰ বাবে তৈয়াৰ কৰা উচ্চ শিক্ষা ব্যৱস্থাই এতিয়া সকলোকে সামৰি ল’ব লাগিব। সেয়েহে উচ্চ শিক্ষাৰ ক্ষেত্ৰত পৰিবৰ্তন সময়ৰ আহ্বান আৰু সকলোৱে এই পৰিবৰ্তন হৃদয়ংগম কৰা আৱশ্যক।