ভেংকটৰমন লক্ষ্মীবাই (ইংৰাজী: V. Lakshmibai) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে বষ্টনস্থিত নৰ্থ-ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ত গণিতৰ অধ্যাপক। তেখেতে বীজগণিতীয় জ্যামিতি, বীজগণিতীয় গোটৰ তত্ত্ব, উপস্থাপন তত্ত্ব আদি সম্পৰ্কে গৱেষণা কৰিছে। [1] "ফ্লেগ ভেৰাইটি" আৰু "স্কাবাৰ্ট ভেৰাইটি" সম্পৰ্কত তেখেতৰ গৱেষণাৰ পৰিসৰ বহল আৰু গভীৰ।[2]

ভি. লক্ষ্মীবাই
বাসস্থান ব'ষ্টন
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ গণিত
কৰ্মস্থান নৰ্থ-ইষ্টাৰ্ণ বিশ্ববিদ্যালয়, বষ্টন
শিক্ষানুষ্ঠান টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (TIFR)
জনা যায় বীজগণিতীয় জ্যামিতি, উপস্থাপন তত্ত্ব, ফ্লেগ ভেৰাইটি আৰু স্কাবাৰ্ট ভেৰাইটি

শিক্ষা আৰু কৰ্মজীৱন সম্পাদনা কৰক

লক্ষ্মীবাইয়ে ১৯৭৬ চনত টাটা প্ৰাথমিক গৱেষণা প্ৰতিষ্ঠানৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। [1] চাৰা বিল্লেইৰ সৈতে তেখেতে "Singular Loci of Schubert Varieties" শীৰ্ষক প্ৰকৰণগ্ৰন্থখন লিখি উলিয়ায়। (Progress in Mathematics ১৮২,বাৰ্খছেউৰ, ২০০০).[3] ইয়াৰ লগতে জাষ্টিন ব্ৰাউনৰ সৈতে তেওঁ Flag Varieties: An Interplay of Geometry, Combinatorics, and Representation Theory, The Grassmannian Variety: Geometric and Representation-Theoretic Aspects (Developments in Mathematics ৪২, স্প্ৰীনজাৰ, ২০১৫) শীৰ্ষক প্ৰকৰণ গ্ৰন্থখন লিখে। (Texts and Readings in Mathematics ৫৩, হিন্দুস্তান বুক এজেন্সী, ২০০৯)[4] [5]

স্বীকৃতি সম্পাদনা কৰক

২০১২ চনত তেখেত আমেৰিকান গাণিতিক সমাজৰ এগৰাকী প্ৰাৰম্ভিক সভ্য হিচাপে নিৰ্বাচিত হয়। [6]

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "Venkatraman Lakshmibai", Faculty profiles (Northeastern University), archived from the original on 2017-08-19, https://web.archive.org/web/20170819062111/http://www.northeastern.edu/cos/faculty/venkatraman-lakshmibai/, আহৰণ কৰা হৈছে: 2017-08-18 
  2. https://cos.northeastern.edu/people/venkatraman-lakshmibai/
  3. Review of Singular Loci of Schubert Varieties by Michel Brion (2001), MR1782635
  4. Review of Flag Varieties: An Interplay of Geometry, Combinatorics, and Representation Theory by Christian Ohn (2010), MR2474907
  5. Review of The Grassmannian Variety: Geometric and Representation-Theoretic Aspects by Li Li, MR3408060
  6. List of Fellows of the American Mathematical Society, http://www.ams.org/profession/fellows-list, আহৰণ কৰা হৈছে: 2017-08-18 

বাহ্যিক সংযোগ সম্পাদনা কৰক