ভুমচু
ভুমচু (ইংৰাজী: Bhumchu) প্ৰতিবছৰে তিব্বত, ভূটান আৰু ভাৰতৰ ছিক্কিম ৰাজ্যত উদযাপন কৰা পাৰম্পৰিক উৎসৱ। এই বৌদ্ধ উৎসৱ তিব্বতীয় চন্দ্ৰ বৰ্ষপঞ্জীৰ প্ৰথম মাহৰ চতুৰ্দশ আৰু পঞ্চদশ দিনত অনুষ্ঠিত হয়। এই দিন সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পৰে। ভুমচু নাম 'ভুম' অৰ্থাৎ পাত্ৰ আৰু 'চুম' অৰ্থাৎ পানীৰ পৰা আহিছে। ভুমচুৰ আক্ষৰিক অৰ্থ হৈছে 'পৱিত্ৰ পানীৰ পাত্ৰ'।[1]
ভুমচু | |
---|---|
টাশ্বিডিং বৌদ্ধ মঠ, ছিক্কিম | |
পালন কৰে | তিব্বত, ভূটান আৰু ছিক্কিম |
প্ৰকাৰ | বৌদ্ধ |
তাৰিখ | তিব্বতীয় প্ৰথম চন্দ্ৰমাহৰ ১৪শ আৰু ১৫শ দিন |
ইতিহাস
সম্পাদনা কৰকভুমচুৰ উদযাপন ৰজা ত্ৰিচং দেউতচনিনৰ ৰাজত্বকালত তিব্বতত ৭৫৫ ৰ পৰা ৮০৪ খ্ৰীষ্টাব্দৰ মাজত আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা হয়। তেওঁক তিনিজন ধৰ্ম ৰজাৰ ভিতৰত এজন বুলি গণ্য কৰা হয় যিয়ে বৌদ্ধ ধৰ্মক তিব্বত অঞ্চলটোৰ সৈতে পৰিচয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ শাসনৰ অধীনত যেতিয়া তিব্বতলৈ আমন্ত্ৰণ জনোৱা হয় তেতিয়া গুৰু পদ্মসম্ভৱে এক পবিত্ৰ সাধনা কৰিছিল আৰু তেওঁৰ পৱিত্ৰ পাত্ৰ পৰা পানীৰে মাটি সংৰক্ষণ কৰিছিল। পিছত তেওঁৰ পানীৰ পাত্ৰ ছিক্কিমৰ টাশ্বিডিং বৌদ্ধ মঠত লুকুৱাই ৰখা হৈছিল। ১৭ শতিকাত এই পাত্ৰটো পুনৰ পদ্মসম্ভৱৰ অৱতাৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল আৰু সেই সময়ৰ পৰাই এই উৎসৱৰ আৰম্ভণি হৈছিল।[2]
বৰ্ণনা
সম্পাদনা কৰকজিগপো লিংপাৰ মতে ভূম বা পৱিত্ৰ পাত্ৰত ভাৰতৰ পৱিত্ৰ ভূমি, ওডিয়ানা আৰু জাহৰৰ পৱিত্ৰ ভূমিত পোৱা বিভিন্ন প্ৰকাৰৰ পৱিত্ৰ মাটি, পানী আৰু পাঁচ প্ৰকাৰৰ মূল্যবান ৰত্নৰ পৰা তৈয়াৰ কৰা হৈছে। ছিক্কিমৰ টাশ্বিডিং মঠক এক পৱিত্ৰ স্থান হিচাপে স্বীকৃতি দিয়া হয়। বিশ্বাস কৰা হয় যে এই ঠাই ডাক্কাৰ টাশ্বিডিং চাৰিটা পৱিত্ৰ গুহাৰ কেন্দ্ৰত, পূবে শৰচোগ বেপুগ, দক্ষিণে খাণ্ডোজাংপু, পশ্চিমে দেচেনপুগ আৰু উত্তৰে লহাৰী নাইংপুগ অৱস্থিত আৰু বিশ্বাস মতে ই নৰকৰ কষ্টৰ পৰা মুক্ত কৰে। বছৰৰ আৰম্ভণিতে পৱিত্ৰ পাত্ৰটো খোলা হয় আৰু লামা বা সন্ন্যাসীয়ে ভৱিষ্যত নিৰ্ধাৰণ কৰে। "যদি পানী কাষলৈ থাকে, তেন্তে আগন্তুক বৰ্ষত শান্তি আৰু সমৃদ্ধি বিৰাজ কৰিব। যদি পানী কাষত থাকে আৰু বিয়পি থাকে, ই প্ৰাকৃতিক দুৰ্যোগ আৰু অশান্তিক সূচিত কৰে। যদি পানীৰ স্তৰ কম বা প্ৰায় শুকান হয় তেন্তে ই দুৰ্ভিক্ষক সূচিত কৰে।" বিশ্বাস কৰা হয় যে তিব্বতত গুৰু পদ্মসম্ভৱে কৰা ভুমচুত ভাল লক্ষণৰ চিহ্ন হিচাপে পাত্ৰৰ পৰা পানী পৰিছিল আৰু ভূমিকম্প হৈছিল। ধৰ্মৰ চাৰিজন অভিভাৱক দেৱতা আৰু ৩৩খন স্বৰ্গৰ দেৱতাসকলে আকাশৰ পৰা পুষ্পবৃষ্টি কৰিছিল।"
ছিক্কিমত মাজনিশাৰ পৰা পৰৱৰ্তী দিনলৈকে হাজাৰ হাজাৰ লোকে পৱিত্ৰ পানী প্ৰাপ্তিৰ বাবে অপেক্ষা কৰি থকা দেখা যায়। "পবিত্ৰ পানী"ৰ এক অংশ মানুহৰ মাজত বিতৰণ কৰা হয় আৰু পাত্ৰটো নদীৰ পানীৰে পুনৰ পূৰণ কৰা হয়। এই পাত্ৰ পৰৱৰ্তী ভুমচু উৎসৱৰ সময়তহে মুকলি কৰা হয়। কোৱা হয় যে, ভুমচু পানীৰ এটা টোপাল গ্ৰহণ কৰি জ্ঞান প্ৰাপ্ত কৰিব পাৰি আৰু সকলো অশুভ আত্মা আৰু দুখ আঁতৰ হয়। জনবিশ্বাস মতে, এই পানী গ্ৰহণ কৰিলে কোনোমতে বুদ্ধত্ব লাভ কৰিব বা পৰৱৰ্তী জীৱনত উচ্চ স্থানত জন্ম গ্ৰহণ কৰিব পাৰে।[3]
তথ্য উৎস
সম্পাদনা কৰক- ↑ "আৰ্কাইভ কপি". Archived from the original on 2010-12-13. https://web.archive.org/web/20101213084824/http://traditionscustoms.com/festivals/bhumchu-festival। আহৰণ কৰা হৈছে: 2021-03-13.
- ↑ "Bhumchu Festival Sikkim". https://www.tourmyindia.com/states/sikkim/bhumchu-festival.html। আহৰণ কৰা হৈছে: 13 February 2021.
- ↑ "Archived copy". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304103336/http://www.travel-sikkim.com/event/Bhumchu। আহৰণ কৰা হৈছে: 11 August 2015.