ভূপাল দুৰ্ঘটনা
১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰত ভাৰতৰ মধ্যপ্ৰদেশৰ ভূপালস্থিত ইউনিয়ন কাৰ্বাইড কৰপৰেশন (UCC)-ৰ অধীনৰ ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (UCIL; বৰ্তমানে এভাৰেডি ইণ্ডাণ্ট্ৰিজ লিমিটেড) নামৰ এটি কীটনাশক কাৰখানাত বহুলমাত্ৰাত হোৱা মিথাইল আইছ'চায়ানেট (MIC) বিষাক্ত গেছৰ নিৰ্গমনে ইয়াৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চলত এই বিপৰ্যয়ৰ সূচনা কৰিছিল। এই দুৰ্ঘটনাটোক ভূপাল দুৰ্ঘটনা বা ভূপালত গেছৰ শোকাৱহ ঘটনা হিচাপে আখ্যা দিয়া হয়। প্ৰায় ৫ লক্ষাধিক লোক পীড়িত হোৱা এই দুৰ্ঘটনাটোক অনেকে ইতিহাসৰ আটাইতকৈ কৰুণ শিল্প বিপৰ্যয় হিচাপে অভিহিত কৰিছে।[1][2]
বিষাক্ত গেছৰ বাবে মৃত্যুবৰণ কৰা আৰু ঘূণীয়া সকলৰ স্মৃতিত ওলন্দাজ শিল্পী ৰুথ কুফাৰস্কিমিডিটে নিৰ্মাণ কৰা স্মৃতিসৌধ | |
দিনাংক | ২ ডিচেম্বৰ ১৯৮৪ | – ৩ ডিচেম্বৰ ১৯৮৪
---|---|
স্থান | ভূপাল, মধ্যপ্ৰদেশ, ভাৰত |
স্থানাংক | 23°16′51″N 77°24′38″E / 23.28083°N 77.41056°Eস্থানাংক: 23°16′51″N 77°24′38″E / 23.28083°N 77.41056°E |
মৃত্যু | অতি কমেও ৩,৭৮৭; প্ৰায় ১৬,০০০ জনৰ হৈ দাবী |
আহত | অতি কমেও ৫,৫৮,১২৫ |
উৎস অনুসৰি মৃতকৰ সংখ্যা ভিন্ন যদিও চৰকাৰী তথ্য মতে তাৎক্ষণিক মৃত্যুৰ সংখ্যা ২,২৫৯। ২০০৮ চনত মধ্যপ্ৰদেশ চৰকাৰে ৩,৭৮৭টা মৃতকৰ পৰিয়াললৈ আৰু ৫,৭৪,৩৬৬ পীড়িত লোকলৈ ক্ষতিপূৰণ আগবঢ়াইছে।[3] ২৬ বছৰৰ পিছত ৭ জুন, ২০১০ চনত আদালতে ৰায় নিদিয়া পৰ্যন্ত দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কে যথেষ্ট মতবিৰোধ আছিল। ভাৰত চৰকাৰ আৰু স্থানীয় সমাজকৰ্মীসকলৰ মতে শিথিল ব্যৱস্থাপনা আৰু বিলম্বিত তদাৰক বা ৰক্ষণাবেক্ষণৰ বাবে MIC টেংকলৈ পাইপেৰে পানীৰ ওভতনি প্ৰবাহ হয় আৰু দুৰ্ঘটনাটোৰ সূত্ৰপাত হয়। আনহাতে UCC মতে কোনো অসাধু ব্যক্তিৰ কূটাঘাতমূলক কামৰ বাবেহে টেংকিত পানী সোমায় আৰু বৃহৎমাত্ৰাত MIC নিগৰ্মন হয়।
UCC আৰু কোম্পানীটোৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া ওৱাৰেন এণ্ডাৰছেনৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেৱানী আৰু অপৰাধমূলক শাখাত এই গোচৰ তৰা হৈছিল। কিন্তু ১৯৮৬ আৰু ২০১২ চনৰ ভিতৰত আমেৰিকান আদালতে UCC ৰ অধীনৰ UCIL এটা স্বতন্ত্ৰ ভাৰতীয় কোম্পানী বুলি মত পোষণ কৰি বাৰম্বাৰ এই গোচৰ বাতিল কৰিছিল আৰু বিভিন্ন কাৰণত ভাৰতীয় আদালতলৈ পুনৰ প্ৰৰণ কৰিছিল। UCC, UCIL আৰু UCC ৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডাৰছেনক সাঙুৰি দেৱানী আৰু অপৰাধমূলক গোচৰ ভূপালৰ জিলা আদালততো দিয়া হৈছিল।[4][5] ২০১০ চনৰ জুন মাহত সেই সময়ৰ অধ্যক্ষকে ধৰি ৮জন (এজনৰ ইতিমধ্যে মৃত্যু হয়) কৰ্মচাৰীক তেওঁলোকে নিজ কামত কৰা গাফিলতিয়ে সহসৃজনৰ প্ৰাণ কাঢ়ি নিয়া এই দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি ভাৰতীয় কানুন মতে ২ বছৰৰ কাৰাদণ্ড আৰু প্ৰত্যেকজনকে ২০০০ ডলাৰৰ জৰিমনা ভৰায়।
তথ্যউৎস
সম্পাদনা কৰক- ↑ Mandavilli, Apoorva (9 July 2018). "The World's Worst Industrial Disaster Is Still Unfolding". The Atlantic. https://www.theatlantic.com/science/archive/2018/07/the-worlds-worst-industrial-disaster-is-still-unfolding/560726/। আহৰণ কৰা হৈছে: 10 July 2018.
- ↑ "Bhopal trial: Eight convicted over India gas disaster". BBC News. 7 June 2010. Archived from the original on 7 June 2010. https://web.archive.org/web/20100607185745/http://news.bbc.co.uk/1/hi/world/south_asia/8725140.stm। আহৰণ কৰা হৈছে: 7 June 2010.
- ↑ "Madhya Pradesh Government : Bhopal Gas Tragedy Relief and Rehabilitation Department, Bhopal". Mp.gov.in. Archived from the original on 18 May 2012. https://web.archive.org/web/20120518020821/http://www.mp.gov.in/bgtrrdmp/relief.htm। আহৰণ কৰা হৈছে: 28 August 2012.
- ↑ "Company Defends Chief in Bhopal Disaster". New York Times. 3 August 2009. http://dealbook.blogs.nytimes.com/2009/08/03/company-defends-chief-in-bhopal-disaster/। আহৰণ কৰা হৈছে: 26 April 2010.
- ↑ "U.S. Exec Arrest Sought in Bhopal Disaster". CBS News. 31 July 2009. https://www.cbsnews.com/stories/2009/07/31/world/main5201155.shtml। আহৰণ কৰা হৈছে: 26 April 2010.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ৱিকিমিডিয়া কমন্সত ভূপাল দুৰ্ঘটনা সম্পৰ্কীয় মিডিয়া ফাইল।