ভোকাতুৰ ভূত (ইংৰাজী: Hungry Ghost) হৈছে বৌদ্ধ ধৰ্মৰ এটা ধাৰণা আৰু চীনৰ পৰম্পৰাগত ধৰ্ম, যিয়ে তীব্ৰ আৱেগিক প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত সত্তাক পশুবাদীশৈলীৰে প্ৰতিনিধিত্ব কৰে। 餓鬼 èguǐ শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে "ভোকাতুৰ ভূত" আৰু শব্দটো বৌদ্ধ ধৰ্মৰ preta (প্ৰেতা) শব্দটোৰ চীনা অনুবাদ। চীনা বৌদ্ধ আৰু তাও ধৰ্মৰ লগতে চীনা লোকধৰ্মতো "ভোকাতুৰ ভূতে" বিশেষ ভূমিকা পালন কৰে৷ বৈশিষ্ট্যটো হ'ল যে সকলো মানুহে মৃত্যুৰ সময়ত সাধাৰণ ভূত হৈ পৰে,[1] আৰু তাৰ পিছত ক্ৰমাৎ দুৰ্বল হৈ পৰে আৰু শেষত দ্বিতীয়বাৰৰ বাবে পুনৰ মৃত্যুবৰণ কৰে।[2][3]

বৌদ্ধ ধৰ্মৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে পুনৰ্জন্ম নোহোৱালৈকে আত্মাই মহাকাশত বাস কৰিব বুলি ধাৰণাটো জনপ্ৰিয় হৈ পৰিছিল।[3] তাওবাদী পৰম্পৰাত বিশ্বাস কৰা হয় যে যিসকল লোকৰ মৃত্যু হিংস্ৰ বা অসুখীভাৱে হৈছে তেওঁলোকৰ পৰাই ভোকাতুৰ ভূতৰ সৃষ্টি হ’ব পাৰে। বৌদ্ধ ধৰ্ম আৰু তাও ধৰ্ম[4]দুয়োটাৰে ধাৰণা আছে যে পূৰ্বপুৰুষৰ অৱহেলা বা পৰিত্যাগৰ ফলত ভোকাতুৰ ভূতৰ উন্মেষ ঘটিব পাৰে। হুয়া-য়েন সূত্ৰ অনুসৰি কুকৰ্মই ছটা ভিন্ন ক্ষেত্ৰৰ ভিতৰৰ এটাত আত্মাৰ পুনৰ্জন্মৰ সৃষ্টি কৰে।[5]সৰ্বোচ্চ মাত্ৰাত সংঘটিত হোৱা কুকৰ্মই কোনো আত্মাক নৰকৰ বাসিন্দা হিচাপে পুনৰ্জন্ম ল'বলৈ প্ৰৰোচিত কৰে, নিম্ন মাত্ৰাৰ বেয়া কামে আত্মাক জন্তু হিচাপে আৰু সৰ্বনিম্ন মাত্ৰাৰ বেয়া কামে আত্মাক ভোকাতুৰ ভূত হিচাপে পুনৰ্জন্ম লোৱাৰ দিশে লৈ যায়৷ [6]পৰম্পৰা অনুসৰি ভোকাতুৰ ভূতলৈ পৰিণত হোৱা কু-কৰ্ম হ’ল হত্যা, চুৰি আৰু অসৎ যৌন আচৰণ। কামনা, লোভ, ক্ৰোধ আৰু অজ্ঞানতাই আত্মাক ভোকাতুৰ ভূত হিচাপে পুন্জন্ম লোৱাৰ কাৰক৷ যিহেতু এইবোৰেই মানুহৰ কু-কৰ্ম কৰাৰ ক্ষেত্ৰত প্ৰেৰণা।[1]

উৎপত্তি-সম্পৰ্কীয় জনশ্ৰুতি সম্পাদনা কৰক

সম্ভৱতঃ ভোকাতুৰ ভূতৰ ধাৰণাটো প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ পৰাই উদ্ভৱ হৈছিল, য’ত তেওঁলোকক প্ৰেত বুলি কোৱা হৈছিল। অৱশ্যে ভোকাতুৰ ভূতৰ উৎপত্তিৰ সন্দৰ্ভত বহুতো কিংবদন্তি আছে।

বৌদ্ধ পৰম্পৰাত তৃতীয় শতিকাৰ আৰম্ভণিৰে চুৱান-চি প'-ইউয়ান চিং ("এশ নিৰ্বাচিত কিংবদন্তিৰ সূত্ৰ")শীৰ্ষক কাহিনী এটা আছে।[7] এই কাহিনীবোৰৰ কিছুমান উদাহৰণ এনেধৰণৰ:

এটা কাহিনী হৈছে চুপাৰিৰ ৰস বিক্ৰী কৰা ভ্ৰমণকাৰী ধনী ব্যক্তিৰ। এদিন এজন সন্ন্যাসী ৰোগ নিৰাময়ৰ হেতু কিছু ৰস বিচাৰি তেওঁৰ ঘৰলৈ আহিছিল। মানুহজন যাব লগা হোৱাত তেওঁৰ অনুপস্থিতিত সন্ন্যাসীজনক পানীয়খিনি দিবলৈ তেওঁ নিজৰ পত্নীক নিৰ্দেশ দি থৈ গ'ল। পিছে পত্নীয়ে তাকে নকৰি সন্ন্যাসীৰ বাটিটোত গোপনে প্ৰস্ৰাৱ কৰি তাত কুহিয়াৰৰ ঢালি সন্ন্যাসীলৈ আগবঢ়াই দিলে। কিন্তু সন্যাসীজনে সেই ৰস নাখাই বাটিটো পেলাই গুচি গ’ল। এই মানুহজনী মৃত্যুৰ পিছত পুনৰ ভোকাতুৰ ভূত হিচাপে জন্মগ্ৰহণ কৰে৷ [7]

এনে আন এটা কাহিনী হৈছে এজন দানশীল আৰু দয়ালু মানুহৰ। এদিন তেওঁ ঘৰৰ পৰা ওলাই আহিবলৈ লওঁতেই এজন সন্ন্যাসী ভিক্ষু আহিল। মানুহজনে তেওঁৰ পত্নীক সন্যাসীজনক কিছু খাদ্য দিবলৈ নিৰ্দেশ দিলে। মানুহজনে নিজৰ ঘৰ এৰি যোৱাৰ পিছত তেওঁৰ পত্নীক লোভে বশীভূত কৰিলে। সন্ন্যাসীজনক এশিকনি দিবলৈ তেওঁ সন্ন্যাসীজনক গোটেই দিনটো খালী কোঠা এটাত আবদ্ধ কৰি ৰাখিলে, কোনো খাদ্য নিদিয়াকৈ। এইজনী মানুহেও ভোকাতুৰ ভূত হিচাপে পুনৰ জন্ম হৈছিল।[7]

বেছিভাগ সময়তে কিংবদন্তিবোৰত পূৰ্বৰ জীৱনত খাদ্য দিবলৈ অমান্তি হোৱা লুভীয়া মহিলাৰ কথা কোৱা হয়৷[7] বৌদ্ধ পৰম্পৰাৰ আন আন কাহিনীবোৰ কুই ৱেন মু-লিয়েন চিং ("মু-লিয়েনক প্ৰশ্ন কৰা ভূতৰ ওপৰত সূত্ৰ")ৰ পৰা আহিছে। ইয়াৰে এটা কাহিনীত এজন ভৱিষ্যতৰ কথক আছিল যিয়ে নিজৰ লোভৰ বাবে অহৰহ মানুহক বিপথে পৰিচালিত কৰিছিল আৰু সেইজন মানুহেই পাছলৈ ভোকাতুৰ ভূত হৈ পৰিছিল।[3] "দ্য লিজেণ্ড অৱ মু-লিয়েন এণ্টাৰিং দ্য চিটি এণ্ড ছিইং ফাইভ হাণ্ড্ৰেড হাংগ্ৰী গোষ্ট"ত আন এটা কাহিনী আছে। কাহিনীটোত পাঁচশ মানুহৰ বিষয়ে কোৱা হৈছে যিসকল তেওঁলোক বাস কৰা চহৰখনৰ বয়োজ্যেষ্ঠসকলৰ পুত্ৰ আছিল। যেতিয়া সন্ন্যাসীসকলে চহৰলৈ খাদ্যৰ বাবে ভিক্ষা কৰি আহিছিল, তেতিয়া পুত্ৰসকলে খাদ্য দিবলৈ অস্বীকাৰ কৰিছিল কাৰণ তেওঁলোকে ভাবিছিল যে সন্ন্যাসীসকলে বাৰেপ্ৰতি ঘূৰি আহি থাকিব আৰু শেষত তেওঁলোকৰ সকলো খাদ্য লৈ যাব। পুত্ৰসকলৰ মৃত্যুৰ পিছত তেওঁলোকৰ ভোকাতুৰ ভূত হিচাপে পুনৰ জন্ম হৈছিল।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Venerable Yin-shun. The Way to Buddhahood. Massachusetts: Wisdom Publications: 1998.
  2. "目次:冥報記白話". www.bfnn.org. http://www.bfnn.org/book/article2/1323.htm. 
  3. 3.0 3.1 3.2 3.3 Eberhard, Stephen F. The Ghost Festival in Medieval China. New Jersey: Princeton University Press: 1988. Hungry ghosts, by contrast, are a much more exceptional case, and would only occur in very unfortunate circumstances, such as if a whole family were killed or when a family no longer venerated their ancestors.
  4. Oldstone-Moore, Jennifer. Taoism. USA: Oxford University Press: 2003.
  5. Baroni, Helen J. Ph.D. The Illustrated Encyclopedia of Zen Buddhism. New York: The Rosen Publishing Group, Incorporated: 2002.
  6. Gregory, Peter N., ed. Inquiry Into the Origin of Humanity. Hawaii: University of Hawaii Press: 1995.
  7. 7.0 7.1 7.2 7.3 Eberhardt, Wolfram. Chinese Festivals. New York: Abelard-Schuman Ltd.: 1958.