ভোলানাথ দাস (১৮৫৮-১৯২৯) এগৰাকী অসমীয়া কবি। তেখেতে ১৮৫৮ চনৰ জুলাই মাহত নগাঁৱত জন্মগ্ৰহণ কৰে। পিতৃৰ নাম আছিল বাপিৰাম দাস আৰু মাতৃৰ নাম পদ্মাৱতী।[1] মহেশ্বৰ নেওগ আৰু অন্যান্য গৱেষকসকলে ভোলানাথ দাসক লোকশিল্পী বাখৰা বৰা বংশৰ লোক বুলি উল্লেখ কৰিছে।[2]

দাসে ১৮৭৯ চনত নগাঁও হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত ঊত্তীৰ্ণ হৈ ১৫ টকীয়া জলপানি লাভ কৰে আৰু কলিকতাৰ মেট্ৰ'পলিটান কলেজলৈ পঢ়িবলৈ যায়। কিন্তু মাতৃৰ অসুস্থতাৰ বাবে তেখেতে পঢ়া বাদ দি ঘৰলৈ ঘূৰি আহে। ১৮৮০ চনত তেখেতৰ নগাঁৱৰ ডিচ্‌ট্ৰিক্ট চাৰ্ভেয়াৰ পদত নিযুক্ত হয় যদিও স্বাস্থ্য বেয়া হোৱাত চাকৰি ত্যাগ কৰে। তাৰ পাছত তেখেতে নগাঁৱৰ শিক্ষা বিভাগৰ কেৰাণী পদত অস্থায়ীভাৱে সেৱা আগবঢ়োৱাৰ লগতে নগাঁও হাইস্কুল, নগাঁও আৰু শিৱসাগৰৰ চাৰ্ভে স্কুলত কিছুকাল শিক্ষকতা কৰে। ১৮৮৮ চনত তেখেত চাব্‌ ডেপুটী কলেক্টৰ পদত নিযুক্ত হয়। ১৯১২ চনত তেখেতে গুৱাহাটীত চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯২৯ চনত গুৱাহাটীতে মৃত্যু বৰণ কৰে।[3]

পাৰিবাৰিক জীৱন

সম্পাদনা কৰক

ভোলানাথ দাসে চাৰিবাৰ বিবাহপাশত আবদ্ধ হৈছিল। প্ৰথমা আৰু দ্বিতীয় পত্নীৰ মৃত্যুৰ পাছত ১৮৮৭ চনত তেওঁ তৃতীয় গৰাকীক বিয়া কৰায়। এইগৰাকী পত্নীৰ নাম যজ্ঞেশ্বৰী। তেওঁ গোলাঘাটৰ ৰাজখোৱা বংশৰ কন্যা আছিল। যজ্ঞেশ্বৰ দাসৰ এটি ল'ৰা আৰু এটি কন্যা সন্তান উপজি মৃত্যু হয়। পিছত আকৌ তিনিটা সন্তান জন্ম দি ১৯০০ চনত তেওঁ ইহ সংসাৰ ত্যাগ কৰে। এই সন্তান তিনিটা হ'ল ক্ৰমে লক্ষ্মীনাথ, কুমুদনাথ আৰু কন্যা সন্তান চন্দ্ৰবালা। মাতৃহাৰা সন্তান কেইটিৰ নিঠৰুৱা অৱস্থা আৰু পত্নী বিয়োগৰ দুখ-শোকত প্ৰিয়মান হৈ ভোলানাথ দাসে ভবিষ্যতে কেতিয়াও বিয়া নকৰোৱাৰ সিদ্ধান্ত লৈছিল যদিও তেওঁ সেই সিদ্ধান্তত স্থিৰ হৈ থাকিব নোৱাৰিলে। কাৰণ দ্বিতীয় পুত্ৰ কুমুদ নাথৰ মৃত্যুৰ পিছত তেওঁ মাতৃ আৰু বন্ধুসকলে তেওঁক পুনৰ বিবাহৰ বাবে কৰা অনুৰোধ ৰক্ষা কৰিছিল। ১৯০৬ চনত দ্বিতীয় পুত্ৰ কুমুদ নাথৰ মৃত্যু হয়। পুত্ৰৰ অকাল মৃত্যুত ম্ৰিয়মাণ ভোলানাথক বৃদ্ধা মাতৃ আৰু বন্ধুসকলে পুনৰ বিয়া কৰোৱাৰ বাবে জোৰকৈ ধৰে। অৱশেষত বন্ধু-বান্ধৱ, বিশেষকৈ মাতৃৰ কথা পেলাব নোৱাৰি সেই বছৰতে চতুৰ্থ গৰাকী পত্নী ৰজনীগন্ধাৰ পাণি গ্ৰহণ কৰে। ৰজনীগন্ধা আছিল উত্তৰ গুৱাহাটীৰ "দুখীৰাম মজুন্দাৰ বৰুৱাৰ কন্যা।” এই গৰাকী পত্নীৰ পাঁচটি কন্যা আৰু দুটি পুত্ৰৰ সৈতে সাতোটি সন্তানৰ জন্ম হয়। ইয়াৰ ভিতৰত এজন পুত্ৰ আৰু এজনী কন্যাৰ মৃত্যু হয়। বাকীকেইজন হ'ল পুত্ৰ সুৰেন্দ্ৰ নাথ আৰু কন্যা কিৰণবালা, বসন্তবালা, ৰত্নবালা আৰু শেহতীয়া কন্যা প্ৰিয়বালা।[4]

ব্যক্তিত্ব

সম্পাদনা কৰক

ভোলানাথ দাস আছিল এজন বহুমুখী ব্যক্তিত্ব সম্পন্ন লোক। জীৱনৰ সকলো সময়তে তেওঁ এজন ধীৰ-স্থিৰ, মিতব্যয়ী, মিতভাষী লোক আছিল। পিন্ধনত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিছিল। অনাড়ম্বৰ জীৱন-যাপন আৰু উচ্চ চিন্তা আছিল তেওঁৰ জীৱনৰ লক্ষ্য। তেওঁ অবাবত সময় নকটাই জীৱনটো এটা গতি আৰু নীতিৰ মাজেৰে ধীৰ-স্থিৰ ভাৱে চলাই নিছিল।[5] তদুপৰি তেখেতৰ ব্যক্তিত্বৰ বিষয়ে অতুলচন্দ্ৰ হাজৰিকাই উল্লেখ কৰিছে এনেদৰে- ‘নিয়মানুবৰ্তিতা, আত্মনিৰ্ভৰশীলতা, সময়-সচেতনতা আৰু স্বদেশানুৰাগ তেওঁৰ চৰিত্ৰৰ ভূষণ আছিল। তেওঁ পাশ্চাত্য শিক্ষাৰে শিক্ষিত হ'লেও অসমৰ ঐতিহ্য সদাচাৰৰ প্ৰতিও আস্থাশীল আছিল। ৰাতিপুৱা সোনকালে শয্যা ত্যাগ কৰা, নিত্য কৰ্ম শেষ কৰি ভগৱানৰ নাম লোৱা তেওঁৰ অভ্যাস আছিল। তেওঁৰ অন্তৰত স্বদেশ প্ৰেমৰ ভাৱ প্ৰবাহিত হৈছিল। আনকি শিশুসকলকো ভগৱান বিশ্বাসী আৰু নীতিবান কৰি তুলিছিল। সেয়ে তেওঁৰ শিশু উপযোগী কবিতাসমূহ উপদেশ গন্ধী হোৱা দেখা যায়। ঘৰুৱা আৰু চৰকাৰী কাম কাজ সকলোতে তেওঁ নিয়মানুবৰ্ত্তী আছিল। গতিকে ঘৰুৱা কাম-কাজ সময়মতে কৰাৰ লগতে সময়মতে অফিচলৈ অহা-যোৱা কৰিছিল। খোৱা-লোৱাও নিয়মমতে কৰিছিল। এইবোৰে তেওঁৰ সময় সচেতনতা আৰু নিয়মানুবৰ্তিতাৰ পৰিচয়কে দাঙি ধৰে। ’[6]

ভোলানাথ দাসৰ ৰচনাৰ মাজত তেওঁৰ জীৱনাদৰ্শ বিচাৰি পোৱা যায়। নিজৰ নামটোৰ আখৰ চাৰিটা ব্যৱহাৰ কৰি লিখা চাৰিশাৰী পদ্যৰ মাজেদি তেওঁৰ এই আদৰ্শ পৰিস্ফুট হৈছে : “ভোজন সুমিষ্ট চাও নাই উপাৰ্জন। লাভ চাও বহু কিন্তু নাহি মূলধন। নাহি বল বোলাইবে চাহো মহাবীৰ। থৰ থৰি হিয়া মুখে বচন গম্ভীৰ।”[7] প্ৰকৃততে ভোলানাথ দাস আছিল এজন সুচিত্ৰকৰ, বিচক্ষণ দৰ্জী, নিপুণ কাঠ মিস্ত্ৰী আৰু কুশল বিহকৰ্মী। “চিত্ৰশিল্পী হিচাপে বুজিবলৈ ভোলানাথ দাসৰ নিজ ঘৰৰ বেৰত আৰি থোৱা বীণাপাণি সৰস্বতীৰ ছবি, অসমীয়া সতী বেউলাৰ ছবি, এক বীৰ ৰমণীৰ ছবি- য'ত এহাতে মূৰৰ কিৰীটিটো তুলি লৈছে, আনহাতেদি তেওঁৰ চাৰিওফালে আকাশত উৰা আৰু মাটিত পৰা ধুনীয়া চৰাইবোৰক ‘ইছাৰা’ কৰিছে, থিয় হৈ ফুল হাতত লৈ অউজি থকা এক ৰমণীৰ ছবি আৰু ৰাম-লক্ষ্মণৰ ছবি এইকেইখনলৈ ভালকৈ লক্ষ্য কৰিলেই হ'ব।” তেওঁ এনেকুৱা এজন সুনিপুণ চিত্ৰশিল্পী আছিল যে নিজৰ ফটোখন চাই পেঞ্চিলেৰে হুবহু এখন ধুনীয়া প্ৰতিকৃতি অংকন কৰিব পাৰিছিল। আনকি কাঠৰ কামবোৰতো জন্তু, চৰাই আদিৰ চিত্ৰ আঁকি খোদিত কৰা কাৰ্য তেওঁৰ শিল্প প্ৰতিভাৰ পৰিচায়ক। জ্বলতিৰাম লহকৰৰ মতে, সুচিত্ৰকৰ হিচাপে ভোলানাথ দাসক উত্তৰ গুৱাহাটীৰ স্বৰ্গীয় ৰত্নকান্ত বৰুৱা তহচিলদাৰৰ লগতহে মাথোঁন ৰিজাব পাৰি।”[8]

দাস এপপ্লেক্সী (Apoplexy) ৰোগত আক্ৰান্ত হৈ ১৯২৯ চনৰ ২ জুলাই তাৰিখ মঙ্গলবাৰে ৰাতিপুৱা ৯.৪০ বজাত গুৱাহাটীৰ উজান বজাৰৰ নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭১ বছৰ।

প্ৰকাশিত গ্ৰন্থ

সম্পাদনা কৰক
  • কবিতা-মালা: প্ৰথম ভাগ
  • কবিতা-মালা: দ্বিতীয় ভাগ
  • চিন্তা-তৰঙ্গিনী: প্ৰথম ভাগ
  • চিন্তা-তৰঙ্গিনী: দ্বিতীয় ভাগ
  • সীতাহৰণ কাব্য
  • পৰিমিতি ও জৰিপ

অপ্ৰকাশিত গ্ৰন্থ

সম্পাদনা কৰক
  • সুভদ্ৰাহৰণ কাব্য
  • অসমীয়া আদিপৰ্ব মহাভাৰত (অসমম্পূৰ্ণ)
  • প্ৰসঙ্গমালা

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. অতুল চন্দ্ৰ বৰুৱা, সম্পা.,মোৰ জীৱন স্মৃতি টোকা,ভোলানাথ দাস ৰচনাৱলী, পৃষ্ঠা ৪১২
  2. মহেশ্বৰ নেওগ, অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃষ্ঠা ৩৯
  3. বৰুৱা, অতুলচন্দ্ৰ (সম্পাদনা) (১৯৭৭). ভোলনাথ দাস ৰচনাৱলী. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৭-৮. https://archive.org/details/in.ernet.dli.2015.451469. 
  4. অতুল চন্দ্ৰ বৰুৱা (সম্পা.), 'মোৰ জীৱন স্মৃতিৰ টোকা', 'ভোলানাথ দাস ৰচনাৱলী', পৃ- ৪১৪
  5. অতুল চন্দ্ৰ বৰুৱা, ‘ভোলানাথ দাস- কবি আৰু মানুহজন’, ‘ছন্দশিল্পী ভোলানাথ দাস', সম্পা., অতুল চন্দ্ৰ বৰুৱা, পৃষ্ঠা ১৪
  6. অতুল চন্দ্ৰ বৰুৱা, ভোলানাথ দাস- কবি আৰু মানুহজন', 'ছন্দশিল্পী ভোলানাথ দাস', সম্পা আৰু সংক. অতুল চন্দ্ৰ বৰুৱা, পৃ.৭১.
  7. অতুল চন্দ্ৰ বৰুৱা (সম্পা.), ‘মোৰ জীৱন স্মৃতিৰ টোকা’, ‘ভোলানাথ দাস ৰচনাৱলী', পৃ. ৪১৫
  8. জ্বলতিৰাম লহকৰ: 'স্বৰ্গীয় ভোলানাথ দাস', ১৮শ বছৰ, ৫ম সংখ্যা বাঁহী, 'ভোলানাথ দাস ৰচনাৱলী', সম্পা, অতুল চন্দ্ৰ বৰুৱা, পৃ.৪৩৭