মঞ্জু শৰ্মা

ভাৰতীয় বিজ্ঞানী

মঞ্জু শৰ্মা (ইংৰাজী: Manju Sharma, জন্ম: ১৩ ডিচেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় জৈৱ প্ৰযুক্তিবিদ। তেওঁ ভাৰতৰ কেইবাটাও বৈজ্ঞানিক গৱেষণা আৰু নীতি নিৰ্ধাৰণকাৰী সংস্থাৰ প্ৰশাসক আছিল। শেহতীয়াকৈ গুজৰাটৰ গান্ধীনগৰৰ উন্নত গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু কাৰ্যবাহী সঞ্চালক আছিল। ইয়াৰ আগতে তেওঁ ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ত জৈৱ প্ৰযুক্তি বিভাগৰ সচিব হিচাপে কাম কৰিছিল।[1] তেওঁ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ অধ্যক্ষ আছিল আৰু বৰ্তমানলৈকে ভাৰতৰ যিকোনো বিজ্ঞান একাডেমীৰ একমাত্ৰ মহিলা অধ্যক্ষ।

মঞ্জু শৰ্মা
জন্ম ১৩ ডিচেম্বৰ, ১৯৪০
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ জৈৱ প্ৰযুক্তি, উদ্ভিদ বিজ্ঞান
কৰ্মস্থান
  • পৰ্ডু বিশ্ববিদ্যালয়
  • উদ্ভিদ দেহতত্ত্ব আৰু কোষ বিজ্ঞান প্ৰতিষ্ঠান, ডেনমাৰ্ক
  • বন গৱেষণা প্ৰতিষ্ঠান
  • উন্নত গৱেষণা প্ৰতিষ্ঠান, গুজৰাট
শিক্ষানুষ্ঠান লক্ষ্ণৌ বিশ্ববিদ্যালয়
জনা যায় জৈৱ প্ৰযুক্তিৰ গৱেষণা আৰু প্ৰশাসন
দাম্পত্যসঙ্গী বিনোদ প্ৰকাশ শৰ্মা
সতি-সন্ততি অমিত শৰ্মা

ভাৰতত অগ্ৰণী জৈৱ প্ৰযুক্তি গৱেষণাৰ বাবে মঞ্জু শৰ্মাক কৃতিত্ব দিয়া হয়।[2] তেওঁ দেশত কেইবাটাও প্ৰতিষ্ঠান স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰে ভিতৰত নেচনেল ইনষ্টিটিউট অফ ইমিউন'লজি, নেচনেল ইনষ্টিটিউট অফ প্লাণ্ট জিনোম ৰিচাৰ্চ, লক্ষ্ণৌ আৰু মাদুৰাইৰ বায়'মাছ গৱেষণা কেন্দ্ৰ, দিল্লী বিশ্ববিদ্যালয়ৰ উদ্ভিদ আণৱিক জীৱবিজ্ঞান ইউনিট, চেণ্টাৰ ফৰ ডিএনএ ফিংগাৰপ্ৰিণ্টিং এণ্ড ডায়গনষ্টিক, হায়দৰাবাদ, ৰাষ্ট্ৰীয় মস্তিষ্ক গৱেষণা কেন্দ্ৰ, মনেচাৰ, আৰু জৈৱ সম্পদ আৰু বহনক্ষম বিকাশ প্ৰতিষ্ঠান, মণিপুৰ উল্লেখযোগ্য।[3]

শিক্ষা সম্পাদনা কৰক

মঞ্জু শৰ্মাই লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্নাতক পৰীক্ষাত প্ৰথম স্থান লাভ কৰি তেওঁ বীৰবল চাহানি স্মাৰক স্বৰ্ণ পদক লাভ কৰিছিল।[3] তেওঁ ১৯৬১ চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰে পৰা পিএইচডি অৰ্জন কৰিছিল আৰু তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰ্ডু বিশ্ববিদ্যালয়ত পোষ্ট-ডক্টৰেট গৱেষক হিচাপে যোগদান কৰিছিল। এ. কাৰ্ল লিওপোৰ্ড আৰু ৰিচাৰ্ড হলৰ সৈতে সহযোগিতাত ইৰ্থেয়েল তেলৰ ব্যৱহাৰৰ জৰিয়তে লেটেক্স উৎপাদন বৃদ্ধিৰ বিষয়ে তেওঁৰ গৱেষণাই মালেছিয়াৰ ৰবৰ বাগানত বাণিজ্যিক প্ৰয়োগ লাভ কৰিছিল।[4]

কৰ্মজীৱন সম্পাদনা কৰক

উদ্ভিদৰ ইডিঅ'ব্লাষ্টৰ ওপৰত শৰ্মাৰ গৱেষণাৰ ফলত তেওঁ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অফ প্লাণ্ট এনাটমী আৰু চাইটোলজিৰ এজন ভ্ৰমণকাৰী বিজ্ঞানী হৈছিল।[5] তাৰ পিছত তেওঁ ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত যোগদান কৰে। ইয়াত তেওঁ কাষ্ঠ্য উদ্ভিদৰ ওপৰত গৱেষণা কৰাত চিলিকাৰ উপস্থিতি আৰু কাঠৰ কঠিনতাৰ মাজত এক সম্পৰ্ক স্থাপন কৰে।[3] দিল্লীলৈ যোৱাৰ পিছত তেওঁ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ গৱেষণা বিষয়া হৈছিল আৰু ভাৰতীয় ঔষধি উদ্ভিদৰ ওপৰত এক মনোগ্ৰাফৰ সহ-ৰচনা কৰে।

শৰ্মাই ১৯৭৪ চনত ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগত এজন জ্যেষ্ঠ বৈজ্ঞানিক বিষয়া হিচাপে যোগদান কৰিছিল। তেওঁ ১৯৯০ চনত ইয়াৰে জ্যেষ্ঠ উপদেষ্টা হৈছিল আৰু ১৯৯৬ চনত চৰকাৰী সংস্থাৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।[5] জৈৱ প্ৰযুক্তি গৱেষণাৰ বাণিজ্যিকীকৰণৰ প্ৰচাৰৰ বাবে এক ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব বায়োটেক কণ্ট্ৰিয়াম ইণ্ডিয়া লিমিটেড সৃষ্টিত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আছিল।[3] তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত, তেওঁ ২০০৪ চনত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ উপদেষ্টা নিযুক্ত হৈছিল।

শৰ্মাই ২০০৬ চনত পুৰী ফাউণ্ডেচনৰ সহায়ত উন্নত গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰে। তেওঁ ২০১২ চনৰ আগলৈকে এই প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু কাৰ্যবাহী সঞ্চালক হিচাপে কাম কৰিছিল[4][6] এম এছ স্বামীনাথনে ষষ্ঠ পঞ্চবৰ্ষীয় পৰিকল্পনাত (১৯৮০-৮৫) মহিলাসকলৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত এটা অধ্যায় আৰম্ভ কৰাৰ উদ্যোগ লওঁতে মঞ্জু শৰ্মাৰ নেতৃত্বত এটা দলে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এই প্ৰতিবেদনক মহিলা আৰু বিকাশৰ পৰিকল্পনা দস্তাবেজত অন্তৰ্ভুক্ত কৰা হৈছিল। এয়া বিষয়টোৰ ওপৰত প্ৰথম গুৰুত্বপূৰ্ণ আঁচনি আছিল যি পিছলৈ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ দ্বাৰা পৰিচালনা কৰি অহা হৈছে।[7][8]

তেওঁ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ অধ্যক্ষ আছিল আৰু বৰ্তমানলৈকে ভাৰতৰ যিকোনো বিজ্ঞান একাডেমীৰ একমাত্ৰ মহিলা অধ্যক্ষ।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

মঞ্জু শৰ্মা ভাৰতৰ বিখ্যাত শিক্ষাবিদ তথা ৰাজনীতিবিদ মদন মোহন মালব্যৰ নাতিনী। তেওঁ মেলেৰিয়া বিজ্ঞানী তথা পতংগবিদ বিনোদ প্ৰকাশ শৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ পুত্ৰ অমিত শৰ্মাই প্ৰ'টিন স্ফটিক'গ্ৰাফীৰ বিশেষজ্ঞ।[5]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • মহিলা বিজ্ঞানীসকলৰ বাবে চান্দবেন মোহনভাই পেটেল ঔদ্যোগিক গৱেষণা বঁটা (১৯৯১)[9]
  • বৰলাগ বঁটা (১৯৯৫)[10]
  • ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ প্ৰথম মহিলা অধ্যক্ষ (১৯৯৫-৯৬)[11]
  • ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাৰ সভাপতি (১৯৯৯)[12]
  • ভাৰতীয় বিজ্ঞান কংগ্ৰেছ সংস্থাৰ পৰা ড॰ বি পি পাল স্মাৰক বঁটা (২০০১)[10]
  • জি. এম. মোদী বিজ্ঞান বঁটা (২০০২)[13]
  • পদ্মভূষণ (২০০৭)
  • সন্মানীয় ডক্টৰেট, পৰ্ডু বিশ্ববিদ্যালয় (২০১২)[14]
  • সভ্য, বিশ্ব বিজ্ঞান একাডেমী
  • সন্মানীয় সভ্য, ভাৰতীয় কৃষি জৈৱ ৰসায়নবিদ সমাজ
  • আন্তৰ্জাতিক বিজ্ঞান মঞ্চৰ মহিলাৰ বাবে বিজ্ঞানৰ প্ৰথম অধ্যক্ষ (২০০৪)[4]

তথ্য উৎস সম্পাদনা কৰক

  1. "Creation of DBT". Department of Biotechnology. Archived from the original on 12 September 2016. https://web.archive.org/web/20160912075211/http://www.dbtindia.nic.in/about-us/creation-of-dbt/। আহৰণ কৰা হৈছে: 30 August 2016. 
  2. Menon, M.G.K (2004). "Chp 2: Development of New Biology in India: Science and Relevance". In Basu, Sandip K.; Batra, Janendra K.; Salunke, Dinakar M.. Deep Roots, Open Skies: New Biology in India. 
  3. 3.0 3.1 3.2 3.3 "The Shaping of Indian Science: Presidential Addresses Vol 3: 1982-2003". Indian Science Congress Association. https://books.google.com/books?id=G700JFQreS8C&printsec=frontcover। আহৰণ কৰা হৈছে: 31 August 2016. 
  4. 4.0 4.1 4.2 "Dr. Manju Sharma". Purdue University. http://www.science.purdue.edu/Alumni/recognition/honorary_doctorates/manju-sharma.html। আহৰণ কৰা হৈছে: 1 October 2014. 
  5. 5.0 5.1 5.2 "A Biotech Pioneer and Champion". BioSpectrum India Magazine. Archived from the original on 11 September 2016. https://web.archive.org/web/20160911040152/http://www.biospectrumindia.com/biospecindia/news/156717/life-time-achievement। আহৰণ কৰা হৈছে: 30 August 2016. 
  6. "IIAR 2012 Annual Report". IIAR. Archived from the original on 4 August 2016. https://web.archive.org/web/20160804095934/http://software.iiar.res.in/annualreports/annual_report2012.pdf। আহৰণ কৰা হৈছে: 31 August 2016. 
  7. "National Conference on ‘Technological Empowerment of Women’". National Academy of Sciences, India. 2019-01-11. Archived from the original on 2018-04-03. https://web.archive.org/web/20180403174035/http://www.nasi.org.in/Ist%20Circular-Mega%20Event-2018.pdf। আহৰণ কৰা হৈছে: 2019-01-11. 
  8. "A Road Map for Women in Science and Technology". National Academy of Sciences, India. 2019-01-11. Archived from the original on 2018-06-14. https://web.archive.org/web/20180614070919/http://www.nasi.org.in/Report%20-%20Women%20in%20Science%20%26%20Technology%20-A%20Vision%20Document.pdf। আহৰণ কৰা হৈছে: 2019-01-11. 
  9. "Award Winners". Archived from the original on 2014-02-26. https://web.archive.org/web/20140226070926/http://www.vasvik.org/Women%27s_Award.html। আহৰণ কৰা হৈছে: 2021-02-10. 
  10. 10.0 10.1 "Science and Technology Excellence". Uttarakhand State Council for Science and Technology. http://www.ucost.in/document/publication/pub/FINAL-CITATIONS.pdf। আহৰণ কৰা হৈছে: 31 August 2016. 
  11. "Past Presidents". NASI. Archived from the original on 24 October 2014. https://web.archive.org/web/20141024234134/http://www.nasi.org.in/pastprez.htm। আহৰণ কৰা হৈছে: 1 October 2014. 
  12. "Past Presidents". ISCA, India. http://www.sciencecongress.nic.in/html/past_general_presidents.php। আহৰণ কৰা হৈছে: 31 August 2016. 
  13. "G. M. Modi Award Winners". Indian Institute of Fine Arts. http://www.iifaindia.org/award_gmma.html। আহৰণ কৰা হৈছে: 31 August 2016. 
  14. "Purdue to award 7 honorary doctorates during spring commencement". Purdue University. http://www.purdue.edu/newsroom/academics/2012/1205LeonardHonorariesA.html। আহৰণ কৰা হৈছে: 31 August 2016.