মনোৰঞ্জন লাহৰী (১ ফেব্ৰুৱাৰী, ১৯৩৬-) অসমৰ বড়ো ভাষাৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক৷ সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক মৰণোত্তৰভাৱে ২০০৯ চনৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়৷ [1]

চমূ জীৱনী সম্পাদনা কৰক

১৯৩৬ চনৰ ১ ফেব্ৰুৱাৰীত গোসাঁইগাওঁ মহকুমাৰ বামুণকুৰা গাঁৱত মনোৰঞ্জন লাহৰীৰ জন্ম হয়৷ ১৯৫৩ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ তেওঁ কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৬২ চনত তেওঁ কোকৰাঝাৰ মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰে৷

সাহিত্যিক অৱদান সম্পাদনা কৰক

মনোৰঞ্জন লাহৰীয়ে ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ বড়ো ভাষাত তিনিখন দ্ৰুত পাঠ্যপুথি ৰচনা কৰিছিল৷ অসমীয়া ভাষাতো তেওঁৰ ভালেমান প্ৰবন্ধ আলোচনী, স্মৃতিগ্ৰন্থ আদিত প্ৰকাশ পাইছে৷ তাৰোপৰি তেওঁ ইংৰাজী ভাষাত ’My Verses' নামৰ কবিতা সংকলন আৰু ’হিছট’ৰি অৱ বড়ো লিটাৰটিউৰ (১৯৯১) নামৰ গ্ৰন্থ প্ৰকাশ পাইছে৷ ১৯৭৪ চনৰ পৰা গুৱাহাটীৰপৰা প্ৰকাশিত ’অসমৰ জনজাতি’ নামৰ অসমীয়া আলোচনীখন লাহৰীয়ে তিনিবছৰ ধৰি সম্পাদনা কৰিছিল৷ তেওঁৰ সৰ্বমুঠ আঠখন উপন্যাস, দুখন চুটি গল্পৰ সংকলন, ছখনএকাংকিকা নাট, তিনিখন পূৰ্ণাংগ নাটক, পাঁচখন কবিতা পুথি আৰু তিনিখন সাধুকথাৰ পুথি প্ৰকাশ পাইছে৷

১৯৮৫ চনত প্ৰতিষ্ঠা কৰা বড়ো ৰাইটাৰ্ছ একাডেমিৰ সংগঠনতো লাহৰীয়ে অৱদান আগবঢ়াই গৈছে৷

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • নিখিল বড়ো সাহিত্য সভাৰ বঁটা, ধুবুৰী অধিবেশন
  • কোকৰাঝাৰ প্ৰাথমিক বড়ো সাহিত্য সভাৰ বঁটা (১৯৯৫)
  • ৰাষ্ট্ৰীয় লোকভাষা সন্মান (২০০২), গান্ধী হিন্দুস্তানী সভা, নতুন দিল্ললী
  • বড়ো ৰাইটাৰ্ছ একাডেমী বঁটা (২০০২)
  • প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম সাহিত্য বঁটা (২০০৮), ব্ৰিটিছ চৰকাৰ
  • সাহিত্য অকাডেমি বঁটা (২০০৯)

তথ্যউৎস সম্পাদনা কৰক

  1. ’সাহিত্য অকাডেমি বঁটাৰে ভাস্কৰ মনোৰঞ্জন লাহৰী’- আনন্দ দেৱ গোস্বামী, প্ৰান্তিক, ১৬-২৭ ফ্ৰেব্ৰুৱাৰী, ২০১০