মন ডিমৰু
মন ডিমৰু বা এৱাঁ ডিমৰু (Ficus fistulosa)[1] মোৰেছি (Moraceae) পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ[2]৷[3] এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷[4] [5]
Ficus fistulosa | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Ficus |
প্ৰজাতি: | F. fistulosa |
দ্বৈৰাশিক নামকৰণ | |
Ficus fistulosa Reinw. ex Bl. | |
সমাৰ্থক | |
তালিকা
|
বিৱৰণ
সম্পাদনা কৰকএই ডিমৰুৰ ঠাল-ঠেঙুলিবোৰ ফেৰেঙণি মেলি প্ৰায়ে জোপোহাৰ আকৃতি লয়৷ বাকলিৰ ৰং মুগা-চানেকীয়া আৰু উপৰভাগ সাধাৰণতে নিমজ৷
মন ডিমৰুৰ পাতৰ আকাৰ ডাঙৰ, গুৰিৰফালে বহল আৰু আগফালে ক্ৰমে সৰু বা ঠেক হৈ যোৱা দেখা যায়৷ পাতৰ দাঁতিত কোনো খাঁজ কটা দাগ নাথাকে৷ তলৰ লুটিত সাধাৰণতে ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটা থাকে৷ পাতৰ ঠাৰিডাল অলপ দীঘল হয়৷[3]
প্ৰজনন
সম্পাদনা কৰকমন ডিমৰুৰ পুং পুষ্পৰ সংখ্যা তুলনামূলকভাৱে কম৷ স্ত্ৰী-পুষ্পৰ গৰ্ভকেশৰত পুষ্পৰ ৰেণু সংস্থাপিত হৈ ফল ধৰে৷ ফলৰ আকাৰ সৰু হয়৷[3]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Blume CW (1825) In: Bijdr. Fl. Ned. Ind.: 470.
- ↑ Roskov Y., Kunze T., Orrell T., Abucay L., Paglinawan L., Culham A., Bailly N., Kirk P., Bourgoin T., Baillargeon G., Decock W., De Wever A., Didžiulis V. (ed) (2014). "Species 2000 & ITIS Catalogue of Life: 2014 Annual Checklist.". Species 2000: Reading, UK.. http://www.catalogueoflife.org/annual-checklist/2014/details/species/id/16799178। আহৰণ কৰা হৈছে: 6 April 2019.
- ↑ 3.0 3.1 3.2 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
- ↑ "Plants of the World Online". http://www.plantsoftheworldonline.org/taxon/urn:lsid:ipni.org:names:852846-1। আহৰণ কৰা হৈছে: 8 April 2019.
- ↑ Phạm Hoàng Hộ (2003) Cây Cỏ Việt Nam: an Illustrated Flora of Vietnam vol. II publ. Nhà Xuẩt Bản Trẻ, HCMC, VN.
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "Auth" নামৰ <ref>
টেগৰ কোনো সমল নাই।
উদ্ধৃতি ত্ৰুটি: <references>
ত দিয়া "CCVN" নামৰ <ref>
টেগৰ কোনো সমল নাই।