মাঅ কায় নাম জিলা

ভিয়েটনামৰ বিন চ্চে' প্ৰদেশৰ এখন জিলা

মাঅ কায় নাম (ভিয়েটনামিজ: Mỏ Cày Nam) ভিয়েটনামমেকং ব-দ্বীপত থকা বিন চ্চে' প্ৰদেশৰ এখন গ্ৰামীণ জিলা। ২০০৯ চনৰ মাৰ্চত এই জিলাখনৰ স্থাপন কৰা হৈছিল। মাঅ কায় নামৰ পূবে জওং চ্চ'ম জিলা, পশ্চিমে চ্চা ভিন্ প্ৰদেশ, পূব আৰু উত্তৰ-পূবে মাঅ কায় বাক আৰু থাইন ফু জিলা; দক্ষিণ আৰু দক্ষিণ-পশ্চিমে চ্চা ভিন্ প্ৰদেশ অৱস্থিত। মাও কায় নামৰ জনসংখ্যা ১৮৬,৪৭৪ আৰু ইয়াৰ ক্ষেত্ৰফল ২১৯.৯  বৰ্গ কি.মি.।

এই জিলাখন এখন উপনগৰ আৰু ১৬টা কমিউনত পুনৰ্বিভাজিত কৰা হৈছে।

  • উপনগৰ: মাঅ কায় (জিলাৰ সদৰ)
  • কমিউনসমূহ: ডিন্ থুয়, ফুওক হিয়েপ, আন থাইন, ডা ফুওক হ'য়, থান্ থ'ই বে', বিন্ খান্ ডাওং, বিন্ খান্ টায়, আন ডিন্, আন থ'ই, থান্ থ'ই আ, হুওং মী, কাম চন্, ঙাই ডাং, মিন্ ডুক, টান চ্চুং, টান হ'য়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  • Decree No. 08/NĐ-CP enacted on 9 February 2009 by the Government of Vietnam.

বাহ্যিক সংযোগ সম্পাদনা কৰক