মাঙোন
মাঙোন গাৰো সমাজৰ প্ৰচলিত লোক উৎসৱ সমূহৰ ভিতৰত অন্যতম । এই উৎসৱ মৃত্যু ক্ৰিয়াৰ লগত জড়িত। গাৰো সমাজ এখনত এটা বছৰৰ ভিতৰত মৃত্যু হোৱা লোকসকলৰ সমূহীয়া শ্ৰাদ্ধ বছৰটোৰ শেষত নিৰ্দিষ্ট কোনো এটা দিনত পতা হয়, ইয়েই মাঙোন উৎসৱ। গাৰো সমাজত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে শিঙা বজাই গাঁৱত জাননী দিয়ে। গাঁৱৰ মানুহে সমূহীয়াভাৱে শ সৎকাৰ কৰে। সৎকাৰ কৰাৰ পাছত মৃত ব্যক্তিৰ উদ্দেশ্যে এটি সৰু ঘৰ (দেলং)ত অশৰীৰী আত্মাৰ বাবে কেতবোৰ বস্তু সেই সৰু ঘৰটোত ৰখা হয়। মৃতকৰ আত্মা মাঙোন উৎসৱ নপতালৈকে দেলঙত থাকে বুলি গাৰো সমাজত বিশ্বাস কৰা হয়। দেলঙত লগতে এটি মূৰ্তি (কিমা) সজোৱা হয়। কিমা হ'ল মৃত ব্যক্তি জনাৰ স্মৃতিচাৰণ। এনেদৰে বছৰটোৰ ভিতৰত মৃত্যু হোৱা ব্যক্তিসকলৰে আত্মা দেলঙত বিদ্যমান হৈ থাকে। বছৰটোৰ শেষত মৃতকৰ পৰিয়ালে গাঁৱৰ সমজুৱাৰে সৈতে যেতিয়া মাঙোনা উৎসৱ পালন কৰে তেতিয়াহে মৃতকৰ আত্মাৰ শুদ্ধি হয়। এই মাঙোন উৎসৱৰ লগত কাবেনামৰ এক শ্ৰেণীৰ মালিতা গীত গোৱা হয়। বছৰৰ শেষত পতা এই মাঙোনা উৎসৱ আৰু অসমীয়া বছৰেকীয়া শ্ৰাদ্ধৰ মিল লক্ষ্য কৰা যায়।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ড° পৰমানন্দ ৰাজবংশী. অসম সংস্কৃতি-কোষ.