মাজুলীৰ মৃৎ শিল্প হৈছে অসমৰ এবিধ উল্লেখযোগ্য লোককলা। সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই কলাৰ সৈতে জড়িত। মৃৎ শিল্পত কুশলী এই লোকসকলক 'কুম্ভকাৰ' নামেৰেও জনা যায়। অসমৰ গৌৰীসাগৰ, কাকডোঙা, ধৱলী, ভীমপাৰা আদি নৈপৰীয়া অঞ্চলৰ লোক মৃৎ শিল্পৰ লগত জড়িত যদিও মাজুলীৰ শালমৰা অঞ্চলৰ মৃৎ শিল্পই অসমৰ মৃৎ শিল্পজাত সামগ্ৰীৰ এক-তৃতীয়াংশ চাহিদা পূৰণ কৰে।[1]


হাতেৰে বনোৱা মাটিৰ টেকেলি

নিৰ্মাণ সম্পাদনা কৰক

মৃৎ শিল্পজাত সামগ্ৰী নিৰ্মাণৰ বাবে কুমাৰ মাটিৰ সন্ধানত কুমাৰসকলে বোঁৱতী সুঁতিৰ কাষত ৩০/৪০ ফুট দ' গাঁত খান্দে আৰু বাহৰ জখলাৰে নামি গৈ মাটি তোলে। তোলা মাটিখিনিৰ ডাঠ আঠালেতীয়া গুণটো নাইকিয়া কৰি কলহ-টেকেলি গঢ়াৰ উপযোগী কৰিবৰ বাবে মাটিখিনিত 'খোলনি' দিয়ে। পিছত 'আফৰি'ৰে ঘূৰাই 'চোঁচনি'ৰে চোঁচাৰ পিছত শেলাই খুৱাই মাটিৰ পাত্ৰৰ আকাৰ ঠিক কৰি লয়। এইদৰে গঢ়া মাটিৰ কেঁচা বাচন ৰ'দত শুকুৱাই অলপ টান কৰাৰ পিছত 'পিটোনে'ৰে পিটি আৰু 'মাজনি'ৰে মাজি পুনৰ ৰ'দত দিয়া হয়।[1] ইয়াৰ পাছত আৰম্ভ হয় ৰং দিয়াৰ প্ৰক্ৰিয়া। গেৰুৱা মাটি পানীত গুলি এবিধ ৰং প্ৰস্তুত কৰা হয়। ইয়াক কোৱা হয় ৰেঙনি। ৰেঙনি বোলাই কলহবোৰ ধুনীয়া কৰা হয়। বাচন নিৰ্মাণ কৰাৰ পিছত এইবোৰ টান কৰিবৰ বাবে 'পেঘালী'ত পোৰা হয়। পেঘালীত পোৰণ কাৰ্য হ'ল মাটিৰ পাত্ৰ এটি ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ একেবাৰে অন্তিমটি পৰ্যায়। ভালদৰে শুকোৱা পাত্ৰবোৰ গোলাকাৰ পেঘালীত এক বিশেষ আৰ্হিৰে মেজিৰ আকৃতিত সজাই পাত্ৰবোৰৰ মাজে মাজে থকা খালী ঠাইত শুকান কাঠ-বাঁহৰ টুকুৰা আৰু সম্পূৰ্ণ ঘেৰটোৰ কাষে কাষে পুৰণি ভঙা কলহ-টেকলিৰ টুকুৰা দি খেৰেৰে ঢাকি দিয়া হয়। খেৰৰ ওপৰত গোবৰ মাটিৰ লেপ দিয়া হয়। তিনি-চাৰিবাৰ এনেকৈ লেপ দিয়াৰ পাছত এই লেপৰ ঠায়ে ঠায়ে ফুটা কৰি দিয়া হয় যাতে জুইৰ ধোঁৱা ওলাই যাব পাৰে আৰু বাচন সমূহ ধোঁৱাই ক'লা কৰি নেপেলায়। পেঘালীত প্ৰায় ১২ ঘণ্টামান এক নিৰ্দিষ্ট উষ্ণতাত পাত্ৰসমূহ পোৰা হয়। জুইৰপৰা উলিয়াই বাচনসমূহ ঠাণ্ডা হ'বলৈ দিয়া হয়। ঠাণ্ডা হোৱাৰ পাছত পাত্ৰসমূহ বিক্ৰীৰ উপযোগী হৈ উঠে।[1]

সামগ্ৰী নিৰ্মাণৰ সময় সম্পাদনা কৰক

শালমৰাৰ শিল্পীসকলে বছৰত তিনিবাৰকৈ মৃৎশিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী কৰে। এই সময়ক তেওঁলোকে খেপ বুলি কয়। এই খেপসমূহ হ'ল আহু খেপ, শালি খেপ আৰু বেচা খেপ।[1]

আহু খেপৰ উৎপাদন আৰু বিক্ৰী জেঠ মাহৰপৰা ভাদ মাহৰ ভিতৰত, শালি খেপ আঘোণৰপৰা ফাগুন মাহৰ ভিতৰত আৰু বেচা খেপৰ উৎপাদন আৰু বিক্ৰী চ'ত মাহৰপৰা ব'হাগ মাহৰ ভিতৰত সম্পাদিত হয়।

উৎপাদিত সামগ্ৰী সম্পাদনা কৰক

মৃৎ বা মাটিৰে উৎপাদিত সামগ্ৰী সমূহৰ ভিতৰত এৱাঁ টেকেলি, পাটি টেকেলি, দৈ টেকেলি, সৰুপাটি কলহ, ডাঙৰ পাটি কলহ, মথাকনীয়া কলহ, মলা, নদীয়া, দুণৰি, খোল, নাগেৰা, উধান আদিয়ে প্ৰধান। ইয়াৰ উপৰিও সজাবৰ বাবে সৰু জোখৰ দৰা-কইনা, নাচনী, হাতী, ঘোঁৰা, চাকি আদি বিভিন্ন সামগ্ৰী মাটিৰে নিৰ্মাণ কৰা হয়।[1] আকৌ ধান চাউল বা গৰমৰ দিনত গৰম কাপোৰ থবৰ বাবে ডাঙৰ ডাঙৰ মথিয়া সাজে। গৰম কাপোৰ মথিয়াত ভৰাই নিগনি আদিৰ পৰা আঁতৰাই ৰাখিবলৈ মথিয়াৰ মুখখন মাটিৰ লেপ দি বন্ধ কৰি দিয়া হয়। নদিয়া আৰু পিঠা পোৰা সানেকীও হ'ল দুবিধ পৰম্পৰাগত মৃৎ শিল্প।

জড়িত ব্যক্তি সম্পাদনা কৰক

সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই শিল্পৰ সৈতে জড়িত। কুমাৰসকলে ধৰ্মীয় কাম-কাজত ব্যৱহৃত বাচনসমূহ আৰু হীৰাসকলে ঘৰুৱাভাৱে ব্যৱহৃত বাচনসমূহ তৈয়াৰ কৰে।[1] মাজুলীৰ শালমৰা অঞ্চলৰ কৃষিভূমিহীন অনেক পৰিয়ালে মৃৎ শিল্প উৎপাদন কৰি জীৱিকা নিৰ্বাহ কৰি আছে। উচ্চ শিক্ষা গ্ৰহণ কৰি কৰ্ম সংস্থাপন নোপোৱা অনেক ডেকা-ডেকেৰীয়েও এই শিল্পক ব্যৱসায় ৰূপে লৈ স্বাৱলম্বিত হৈছে। মাটিৰ পাত্ৰ এটাৰ গঢ়ন প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰত মৃৎ শিল্পী পৰিয়াল এটাৰ ল'ৰাৰপৰা ডেকালৈকে সকলোৰে পৰিশ্ৰম নিহিত থাকে। পুৰুষ শ্ৰমিকসকল সততে মাটি খন্দা, পেঘালীত পাত্ৰবোৰ পোৰা, ব্ৰহ্মপুত্ৰৰ কোঁবাল সোঁতত উটি অহা খৰি ধৰা আৰু পাত্ৰবোৰ বিক্ৰী কৰা আদি কামত নিয়োজিত। গঢ়নৰ অন্যান্য স্তৰ যেনে পাত্ৰসমূহ ত ৰং দিয়া, মাটি কঢ়িওৱা, কুমাৰ মাটি (মৃৎ শিল্প গঢ়িবলৈ প্ৰয়োজন হোৱা বিশেষ প্ৰকাৰৰ ক'লা আলতীয়া মাটি) খচি তাক গঢ়নৰ উপযোগী কৰা আদি কামত মহিলাসকলে আগভাগ লয়। অনেক সময়ত বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰসকলো মাটি কঢ়িওৱা, খৰি কঢ়িওৱা, বাচন কঢ়িওৱা, বিক্ৰী কৰা আদি লঘু অথচ দৰকাৰী কামত নিয়োজিত হয়।[1]

অধিক চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 ড॰ দেৱজিৎ শইকীয়া (২০১০). মাজুলীৰ ঐশ্বৰ্য. বিদ্যা ভৱন, মহাত্মা গান্ধী পথ, যোৰহাট-১.