দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বসবাস কৰা বড়োসকলৰ মাজত প্ৰচলিত এটি ৰঙৰ নাচ হ'ল মাদল খেলা। বৈসাগী উৎসৱত মাদল-খেদা এসপ্তাহজুৰি চলে। গৃহস্থৰ চোতালে চোতালে গৈ নচা এই মাদল খেদাত মাদলৰ উপৰি চিফুং, জখা, থৰকা চেৰাজা প্ৰভৃতি বাদ্য-যন্ত্ৰও ব্যৱহাৰ কৰে। মাদল বজাওঁতে হাতত কোনো মাৰি নাথাকে, দুই হাতেৰেই ছন্দোময়ভাৱে চপৰিয়াই শব্দ তোলে। গাঁৱৰ মুখিয়ালৰ ঘৰৰ পৰাই মাদল খেদাৰ আৰম্ভণি হয়। এই নাচত সাধাৰণতে ল'ৰাই সৰ্বেসৰ্বা। তেওঁলোকৰ কঁকালত চুটি গামোচা, টঙালি, গেঞ্জী আৰু মূৰত ৰঙীন গামোছা। বাটেৰে গৈ থাকোঁতে বাটফুৰা তাল আৰু মানুহৰ ঘৰত ঘৰফুৰা তাল বজোৱাটো মাদল খেদা দলৰ সাধাৰণ ৰীতি। গৃহস্থই আলোচিত মাদল খেদা দলটিক স- ভক্তিৰে নঙলামুখৰপৰা আদৰি লৈ যায়। চোতালত তেওঁলোকে গৃহস্থৰ কুশল কামনা আৰু খেতি-বাতিৰ শ্ৰীবৃদ্ধিৰ বাবে আৰ্শীবাদ যাচি হৰিধ্বনি দিয়াৰ পাছত চক্ৰকাৰে নাচিবলৈ আৰম্ভ কৰে। নাচৰ চেৱে চেৱে তেওঁলোকে গীতো গায় -  

       

"তোৰো বাৰীত আদা ঐ মোৰো বাৰীত আদা।

তোৰ পুতাৰে আদা খায় মোক বুলিব দাদা॥ ১

লাউৰ পাত ঢেপা ঢেপা মিঠা নালাগে

এনেহেন বেটীটোক জোঁৱাই নালাগে॥ 2 ইত্যাদি

   

মাদল খেদা শেষ হ'লে গৃহস্থই দলটিলৈ শ্ৰদ্ধাৰে মাননি আগবঢ়ায়। সেই মাননি লৈ তেওঁলোকে হৰিধ্বনি দি গুচি যায়। ড°অনিল বড়োৱে মাদল খেদা নাচৰ সৈতে বড়োসকলৰ প্ৰখ্যাত খেৰাই নৃত্যৰ বিশেষ ভংগী খামাও বাৰ মৌনায়ৰ সাদৃশ্য বিচাৰি পাইছে।

     (আধাৰ গ্ৰন্থ: সূৰ্য্যকুমাৰ মজুমদাৰৰ বড়ো সংস্কৃতিত দৃষ্টিপাত)

তথ্যসূত্ৰ== অসমৰ সংস্কৃতি -কোষ,ড° নাৰায়ণ দাস আৰু পৰমানন্দ ৰাজবংশী; পৃ:৫১১

সম্পাদনা কৰক