মানি প্লাণ্ট
মানি প্লাণ্ট বা এপিপ্ৰেমনাম অৰেয়াম (ইংৰাজী: Epipremnum aureum) হৈছে অৰেয়াম পৰিয়ালৰ অন্তৰ্গত আৰাচিয়া প্ৰজাতিৰ এক উদ্ভিদ। ই ফৰাচী পলিনেছিয়াৰ ছ'চাইটি দ্বীপপুঞ্জৰ ম'ৰিয়াৰ স্থানীয় উদ্ভিদ।[2] এই প্ৰজাতিটো নাতিশীতোষ্ণ অঞ্চলত জনপ্ৰিয় গৃহ সজ্জাৰ বাবে ব্যৱহৃত উদ্ভিদ যদিও উত্তৰ দক্ষিণ আফ্ৰিকা,[3] অষ্ট্ৰেলিয়া, দক্ষিণ-পূব এছিয়া, দক্ষিণ এছিয়া, প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ আৰু ৱেষ্ট ইণ্ডিজকে ধৰি বিশ্বৰ গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অৰণ্যতো উপলব্ধ হৈ পৰিছে। কিছুমান ক্ষেত্ৰত এই উদ্ভিদে পৰিৱেশগত ক্ষতিসাধন কৰে।[3]
এপিপ্ৰেমনাম অৰেয়াম | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | এপিপ্ৰেমনাম |
প্ৰজাতি: | এ. অৰেয়াম |
দ্বৈৰাশিক নামকৰণ | |
এপিপ্ৰেমনাম অৰেয়াম (Linden & André) G.S.Bunting, 1964 | |
সমাৰ্থক[1] | |
এই উদ্ভিদক ডেভিলছ ভিন বা ডেভিলছ আইভি বুলিও কোৱা হয় কাৰণ ইয়াক হত্যা কৰাটো প্ৰায় অসম্ভৱ আৰু আন্ধাৰত ৰাখিলেও ই সেউজীয়া হৈ থাকে।[4] উদ্ভিদ বিক্ৰী কেন্দ্ৰত কেতিয়াবা ভুলকৈ এই উদ্ভিদবিধ ফিল’ডেণ্ড্ৰন, প’থ’ছ বা চিণ্ডাপছাছ বুলি লেবেল লগোৱা থাকে। ভাৰতীয় উপমহাদেশৰ বহু ঠাইত ইয়াক মানি প্লাণ্ট হিচাপেই জনা যায়।[5][6] কৃত্ৰিম হৰম’ন পৰিপূৰক অবিহনে ইয়াৰ ফুল খুব কমেইহে হয়; ১৯৬৪ চনত এই উদ্ভিদৰ খেতিৰ সময়ত শেষবাৰৰ বাবে স্বতঃস্ফূৰ্ত ফুল ফুলাৰ এক ৰিপৰ্ট পোৱা গৈছিল।[7]
এই উদ্ভিদবিধে ৰয়েল হৰ্টিকালচাৰেল ছ'চাইটিৰ গাৰ্ডেন মেৰিটৰ বঁটা লাভ কৰিছে।[8][9]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Epipremnum aureum (Linden & André) G.S.Bunting Archived 2020-11-28 at the Wayback Machine. In: The Plant List (2013). Version 1.1. Published on the Internet; http://www.theplantlist.org/ Archived 2019-05-23 at the Wayback Machine [2015-02-28].
- ↑ "Epipremnum aureum - Plant Finder". www.missouribotanicalgarden.org. Archived from the original on 2021-06-13. https://web.archive.org/web/20210613112340/https://www.missouribotanicalgarden.org/PlantFinder/PlantFinderDetails.aspx?taxonid=276360। আহৰণ কৰা হৈছে: 2021-05-10.
- ↑ 3.0 3.1 Moodley, D.; Procheş, Ş.; Wilson, J.R.U. (2017-03-01). "Assessing and managing the threat posed by Epipremnum aureum in South Africa" (en ভাষাত). South African Journal of Botany খণ্ড 109: 178–188. doi:10.1016/j.sajb.2016.12.005. ISSN 0254-6299.
- ↑ Meshram, Srivastava, Anju, Nidhi (Apr–Jun 2014). "Molecular and physiological role of Epipermnum aureum". International Journal of Green Pharmacy খণ্ড 8 (2): 73–76. doi:10.4103/0973-8258.129566.
- ↑ "बरकत के साथ नुकसान भी कर सकता है मनी प्लांट, जानिए कैसे - Hindustan". Live Hindustan. Archived from the original on 2017-02-11. https://web.archive.org/web/20170211080448/http://www.livehindustan.com/news/astrology/article1-vastu-tips-for-money-plant--682300.html। আহৰণ কৰা হৈছে: 2017-02-10.
- ↑ Kantho, Kaler. "বাৰাণ্ডায় সবুজেৰ মেলা | কালেৰ কণ্ঠ" (bn ভাষাত). Kalerkantho. http://www.kalerkantho.com/print-edition/a2z/2015/05/04/217633.
- ↑ Boyce, Peter. "A Review of Epipremnum (Araceae) in Cultivation". aroid.org. https://www.aroid.org/gallery/boyce/A%20Review%20of%20Epipremnum%20%28Araceae%29%20in%20cultivation%20-%20%5BAroideana%2027%2C%20199_205%5D%20-%20Boyce%202004.pdf। আহৰণ কৰা হৈছে: 12 January 2019.
- ↑ "Epipremnum aureum". Royal Horticultural Society. https://www.rhs.org.uk/Plants/91403/Epipremnum-aureum/Details। আহৰণ কৰা হৈছে: 7 June 2020.
- ↑ "AGM Plants - Ornamental". Royal Horticultural Society. July 2017. পৃষ্ঠা: 35. https://www.rhs.org.uk/plants/pdfs/agm-lists/agm-ornamentals.pdf। আহৰণ কৰা হৈছে: 6 February 2018.