মায়ং পবিতৰা মহোৎসৱ অসমমৰিগাঁও জিলাৰ প্ৰসিদ্ধ পৰ্যটনস্থলী মায়ং আৰু পবিতৰা সংৰক্ষিত বনাঞ্চলৰ আকৰ্ষণ আৰু পৰ্যটনৰ অধিক প্ৰচাৰ আৰু উৎকৰ্ষ (promote) সাধনৰ উদেশ্যেৰে পবিতৰাত অনুষ্ঠিত হোৱা এক অনুষ্ঠান।[1] এই অনুষ্ঠানটো মৰিগাওঁ জিলা প্ৰশাসন তথা অসম ট্যুৰিজিম ডেভেলপমেন্ট কৰপৰেশ্যনৰ উদ্যোগত ২০১১ চনৰ ২৫-২৭ নৱেম্বৰলৈ তিনিদিনীয়াকৈ পোণপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল। [2][3][4]

উল্লেখযোগ্য অনুষ্ঠানসমূহ

সম্পাদনা কৰক

প্ৰথমদিনা এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাৰে এই মহোৎসৱৰ শুভাৰম্ভণি হয়। মূখ্যমন্ত্ৰী তৰুণ গগৈয়ে মহোৎসৱৰ প্ৰদৰ্শণীৰ মুকলি কৰে। মহোৎসৱত আত্মসহায়ক গোটসমূহে অঞ্চলটোৰ কলা-সংস্কৃতিৰ এক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। তাৰোপৰি স্থানীয় খাদ্যৰো এক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।

প্ৰথম দিনাৰ সন্ধিয়া এখন নাটক আৰু যাদুৰ প্ৰদৰ্শন (magic show) ৰ আয়োজন কৰা হয়।

দ্বিতীয়দিনা বৃক্ষৰোপণ, কুইজ, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু কৰ্মশালা অনুষ্ঠিত হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে দিনটোৰ সামৰণী মৰা হয়।

মহোৎসৱৰ তৃতীয়দিনা জনগোষ্ঠীয় খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজিত হয়। [5]

মূখ্য আকৰ্ষণ

সম্পাদনা কৰক

এই মহোৎসৱৰ মূখ্য আকৰ্ষণ আছিল, মায়ঙৰ বৰ্তমানৰ আলংকাৰিক মহাৰজা তৰণী কান্ত কোঁৱৰৰ সৈতে বাৰজন সভাষদৰ শোভাযাত্ৰাত অংশগ্ৰহণ। তাৰোপৰি এই শোভাযাত্ৰাত ১০১ জন পৰম্পৰাগত বেজ তথা যাদুবিদ্যাৰ পণ্ডিতে অংশ লৈ তেওঁলোকৰ যাদু প্ৰদৰ্শন কৰে। মহোৎসৱত মায়ঙৰ ইতিহাস প্ৰসিদ্ধ ধ্বংসাবশেষ সমূহৰো প্ৰদৰ্শন হয়। [6]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Asaam Tribune কাকতত প্ৰকাশিত বাতৰি". ২৫ অক্টোবৰ, ২০১১. Archived from the original on 2020-11-26. https://web.archive.org/web/20201126050142/http://www.assamtribune.com/scripts/detailsnew.asp?id=oct2711/state07। আহৰণ কৰা হৈছে: 11 জানুৱাৰী 2014. 
  2. "Times of India ত প্ৰকাশিত বাতৰি". ২৬ নৱেম্বৰ, ২০১১. Archived from the original on 2014-01-04. https://web.archive.org/web/20140104002051/http://articles.timesofindia.indiatimes.com/2011-11-26/guwahati/30444264_1_magic-p-c-sorcar-festival। আহৰণ কৰা হৈছে: 11 জানুৱাৰী 2014. 
  3. "traveltechie.com ত প্ৰকাশিত বাতৰি". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304203026/http://www.traveltechie.com/news/Mayong-in-Assam-set-to-cast-spell-on-tourists/3175। আহৰণ কৰা হৈছে: 11 জানুৱাৰী 2014. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2020-11-28. https://web.archive.org/web/20201128022734/https://theshillongtimes.com/2011/11/26/a-spell-of-ancient-mayong-magic-in-pobitora-rhinoland/। আহৰণ কৰা হৈছে: 2014-01-11. 
  5. "Assam Tribune ত প্ৰকাশিত বাতৰি". ২৬ নৱেম্বৰ, ২০১১. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304193716/http://www.assamtribune.com/scripts/detailsnew.asp?id=nov2411/city06। আহৰণ কৰা হৈছে: 11 জানুৱাৰী 2014. 
  6. "The Telegraph ত প্ৰকাশিত বাতৰি". ২২ নৱেম্বৰ, ২০১১. http://www.telegraphindia.com/1111122/jsp/northeast/story_14781427.jsp। আহৰণ কৰা হৈছে: 11 জানুৱাৰী 2014. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক