মিকিৰ বৰা চুক
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
১৯০৩ চনত প্ৰতিষ্ঠা হোৱা মিকিৰ বৰা চুক গাঁওখন বিশ্বনাথ জিলাৰ পূব প্ৰান্তত অৱস্থিত। তথ্যমতে গাঁৱৰ প্ৰথম পুৰুষ মিকিৰৰ চাংঘৰত জন্ম হোৱা বাবে তেওঁৰ নাম মিকিৰ বৰা ৰাখে আৰু তাৰপৰাই গাঁওখনৰ নাম মিকিৰ বৰা চুক হয়। এই গাঁৱৰ পূৰ্বপুৰুষসকল বৰ্তমান মাজুলী জিলাৰ নাচনীপাৰত বসতি কৰিছিল। অত্যাধিক বানপানী আৰু গৰাখহনীয়া বাবে তেওঁলোক মাজুলীৰ পৰা উঠি গৈ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তীত বসবাস কৰিবলৈ লয়। কিন্তু সেইসময়তে মানৰ তৃতীয় আক্ৰমণ আৰম্ভ হোৱাত পূৰ্বপুৰুষৰ মাকক কোনো মিকিৰৰ চাংঘৰত লুকুৱাই থৈ তেওঁলোক তাৰপৰা পলায়ন কৰে যিহেতু তেওঁ গৰ্ভৱতী আছিল তাৰউপৰি মানে চাংঘৰত বাস কৰা লোকসকল বৰ বিশেষ আক্ৰমণ কৰা নাছিল। এই মানৰ আক্ৰমণ মাৰ যোৱাত পুনৰ মাক আৰু পুতেক মাজুলীলৈ উভতি আহে । মাজুলীত কেইবাবছৰ থকাৰ পিছত ১৯০৩ চনত একেই গৰাখহনীয়া আৰু বানপানীৰ বাবে বৰ্তমান গাঁওখন থকা ঠাইতে হাবি-জঙ্ঘল চাফা কৰি ঘৰ-বাৰী পাতি স্থায়ীভাৱে থাকিবলৈ হয়। লগতে এটি নামঘৰো স্থাপন কৰে। বৰ্তমান এই গাওঁখন আৰু নামঘৰ ভাগে বয়স অনুসাৰে ১২০বছৰ সম্পূৰ্ণ কৰিছে।
গাঁৱৰ অনুষ্ঠানসমূহ
সম্পাদনা কৰকবৰ্তমান এই গাঁওখনত থকা অনুষ্ঠানসমূহ হ'ল—
- মিকিৰ বৰা চুক প্ৰাথমিক বিদ্যালয়।
- ৰূপজ্যোতি মধ্য ইংৰাজী বিদ্যালয়।
- ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়।
- মিকিৰ বৰা চুক শাখা ডাকঘৰ।
- সীমান্তিকা মইনা পাৰিজাত।
- ভৱানী যুৱক সঙ্ঘ।
- মিকিৰ বৰা চুক উন্নয়ন সমিতি।
- মিকিৰ বৰা চুক মহিলা সমিতি।
- মিকিৰ বৰা চুক শিপিনী সঙ্ঘ।