মিচিমি জনগোষ্ঠীৰ লোকসকল লোহিত, উজনি দিবাং উপত্যকা আৰু নামনি দিবাং উপত্যকাত বাস কৰে। এই জনগোষ্ঠীৰ তিনিটা ভাগ আছে: ইদু (Idu) অথবা চুলিকতা (Chulikata), ডিগাৰু (Digaru) অথবা তাৰ'ন (Taroan) আৰু মিজু (Miju) অথবা কমন (Kaman)। ইদু মিচিমিৰ এটা ভাগক বেবেজীয়া মিচিমি বুলিও কোৱা হয়। মিচিমি জনগোষ্ঠীৰ মহিলা সকল নিপুণ শিপিনী। তেওঁলোক সাধাৰণতে কৃষিজীৱি যদিও বেপাৰ-বাণিজ্যৰ লগতো জড়িত। পূৰ্বৰে পৰা মিচিমি জনগোষ্ঠীৰ অসমৰ লগত সু-সম্পৰ্ক আছে। বেপাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছিল: deer –musk, বনৰীয়া ঔষধীয় গছ, জন্তুৰ ছাল, মিচিমি-তিতা (Mishimi – tita) ইত্যাদি।