মিনতি বৰঠাকুৰ
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
মিনতি বৰঠাকুৰ (জন্ম: ১৯৪৭ চন) অসমৰ এগৰাকী অধ্যাপক, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা, সমাজ সেৱক। তেখেতৰ পিতৃৰ নাম ভূমিদেৱ গোশ্বামী আৰু মাতৃৰ নাম মোক্ষদা দেৱী। তেওঁৰ পিতৃ কৰ বিভাগত চাকৰি কৰিছিল।
শিক্ষা
সম্পাদনা কৰক১৯৬১ চনত ফুলেশ্বৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৬৫ চনত তেওঁ দৰং কলেজ, তেজপুৰৰ পৰা কলেজৰ শ্ৰেষ্ঠ স্নাতক হিচাপে উত্তীৰ্ণ হয়। ১৯৭৪ চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
সম্পাদনা কৰকতেখেত ডিফু কলেজত প্ৰবক্তা বিচাপে ১৯৭৪ চনত যোগদান কৰে আৰু ১৯৭৬ চনত কটন কলেজৰ দৰ্শন বিভাগত যোগদান কৰে আৰু ইয়াৰ পৰাই ২০০৬ চনত দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক বিচাপে অৱসৰ গ্ৰহণ কৰে।চাকৰি কালতে ১৯৯৪ চনত তেখেতৰ দেহত দুৰাৰোগ্য কৰ্কট ৰোগ ধৰা পৰে।
মিনতি বৰঠাকুৰৰ প্ৰধান পৰিচয় হ’ল তেওঁ দুবাৰকৈ চতুৰ্থস্তৰৰ পৰা সুষ্ঠ হোৱা এগৰাকী কৰ্কট ৰোগী ৷ পিছে তেখতে ৰুগ্ন শৰীৰেৰেই ২২ বছৰ ধৰি ড° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্কট ৰোগী সকলৰ বাবে বিনামূলীয়া সেৱা আগবঢ়াই আহিছে ৷ নিজৰ ঘৰত থকা ধ্যান কেন্দ্ৰ Minoti’s Counseling and Meditation Centre” ৰ যোগেদি ৰাইজলৈ বিনামূলীয়া সেৱা আগবঢ়াই আহিছে ৷ কটন কলেজত চাকৰি কৰি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীক ধ্যানৰ প্ৰশিক্ষণ দি পৰীক্ষাৰ ফলাফল উন্নত কৰিবলৈ সমৰ্থ হৈছিল ৷ অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ বহু দেশৰ হাস্পাতাললৈ গৈ প্ৰেৰণা মূলক বক্তৃতা দিছে ৷ বিভিন্ন স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত তেখেতে কৰ্কট ৰোগৰ সজাগতাৰ ওপৰত ভাষণ দিছে ৷ তেখেতক প্ৰেৰণা দায়িনী মিনতি নামেৰেও অভিহিত কৰিছে ৷
বৈবাহিক জীৱন
সম্পাদনা কৰক১৯৬৫ চনত তেখেতৰ প্ৰয়াত নিকুঞ্জ বিহাৰী বৰঠাকুৰৰ লগত বিবাহপাশত আবদ্ধ হয়।
গ্ৰন্থপঞ্জী
সম্পাদনা কৰক- মোৰ অসুখৰ এবছৰ
- প্ৰেৰণা দায়িনী মিনতি (সম্পাদনা: নিকুমণি হুছেইন
- The Hardworking Nyishi Women of India
- কলিজা কাইতে বিন্ধিল যি চৰাইয়ে গান গায়
- The Concept of Meditation and its Application to the Younger Generation (অপ্ৰকাশিত)
তেখেতে কৰ্কট ৰোগ আৰু মনৰ শক্তিৰ ওপৰত বিভিন্ন বাতৰি কাকত আৰু আলোচনীত নিয়মিতভাৱে লিখি আছে।
সন্মান
সম্পাদনা কৰক- ২০২০ চনত অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল দেবে সন্মানীয় সতী সাধিনী বঁটা প্ৰদান কৰে
- প্ৰাগ চেনেৰ পৰা ২০০৫ চনত 'N.E. T.V. Woman of the year' আৰু 'প্ৰাগ সন্মান' লাভ কৰে
- ২০০৭ চনত নগালেণ্ডৰ গৱৰ্নৰে বিশেষ সন্মান প্ৰদান কৰে
- ২০০৮ চনত ডা° বাট্ৰা সংগঠনে 'Positive Health Hero' হিচাপে সন্মান জনায়
- আন্তঃৰাষ্ট্ৰীয় ৰটাৰী ক্লাবে ২০১২ চনত 'Four Avenues of Service Award' আৰু ২০১৪ চনত ৰটাৰীৰ সৰ্বোচ্চ সন্মান 'Service Above Self Award' প্ৰদান কৰে
- Assamese Association of North America সন্মান জনায়
- চণ্ডিগড়ৰ ইউনাইটেড নিউজপেপাৰে বৰঠাকুৰৰ জীৱন কাহিনী ২০১৯ চনত তেওঁলোকে প্ৰকাশ কৰা 'Global Women of Substance' কিতাপত অন্তৰ্ভুক্ত কৰে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ মিনতি বৰঠাকুৰৰ কিতাপ 'মোৰ অসুখৰ এবছৰ', 'প্ৰেৰণা দায়িনী মিনতি' (সম্পাদনা: নিকুমণি হুছেইন), 'কলিজা কাইতে বিন্ধিল যি চৰাইয়ে গান গায়'
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত মিনতি বৰঠাকুৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |