মুইনাৰী কাণ্ঠি মিছাৱা

অসমৰ লোক-উৎসৱ

মুইনাৰী কাণ্ঠি মিছাৱা তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত লোক-উৎসৱ৷ এই উৎসৱ প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়৷ ইয়াক “মাগ্ৰ’ মিছাৱা’’ নামেও জনা যায়৷[1]

তিৱাসকলৰ মাজত কেইবাটাও ফৈদ আছে৷ তাৰ ভিতৰৰ এটা হ’ল, মাগ্ৰ’ৱালী৷ এই মাগ্ৰ’ৱালী তিৱাসকলে মাগ্ৰ’ মিছাৱা বা মুইনাৰী কাণ্ঠি মিছাৱা নৃত্য পৰিৱেশন কৰে৷ সাধাৰণতে তিৱাসকলৰ নৃত্যানুষ্ঠানত মহিলাসকলে প্ৰত্যক্ষ অংশ গ্ৰহণ নকৰে যদিও মুইনাৰী কাণ্ঠি মিছাৱাত মহিলাই নৃত্য কৰাটো বাধ্যতামূলক৷[2] প্ৰতি পাঁচ বা ছয় বছৰৰ মূৰে মূৰে মেঘালয়ৰ ফাদমাগ্ৰ’ নামে ঠাইত বিভিন্ন ঠাইত থকা মাগ্ৰ’ৱালী ফৈদৰ তিৱা লোক উপস্থিত হৈ এই উৎসৱ পালন কৰে আৰু বেলেগ বেলেগ কুলৰ ল’ৰা আৰু ছোৱালীয়ে যোৰ বান্ধি নৃত্য কৰে৷ এই ফৈদৰ ডেকা-বুঢ়া সকলো নিজ নিজ গাঁৱৰ পৰা গৈ উৎসৱত যোগ দিয়াটোও বাধ্যতামূলক৷ সপ্তাহৰ বুধবাৰৰ পৰা শুক্ৰবাৰলৈ তিনিদিন এই উৎসৱ পালিত হয় আৰু লৰ’ৰ ঘৰতে উৎসৱ পতা হয়৷ এই নৃত্যত তুমডিং, তগৰ আৰু মুহুৰি নামৰ বাদ্যহে বজোৱা হয়৷ তুমডিং খোলৰ দৰে মাটিৰে সজা এক বিশেষ ঢোল, তগৰ মানে তবলাৰ দৰে কাঠেৰে নিৰ্মিত আন এবিধ ঢোল আৰু মুহুৰি হ’ল ফুঁ দি সুৰ তোলা এবিধ বাদ্য৷ এই তিনি বাদ্যৰ তালত ডেকা-গাভৰুৱে যোৰ পাতি সাপৰ দৰে নৃত্য কৰে৷[2]

লোক-কাহিনী সম্পাদনা কৰক

তিৱাসকলৰ প্ৰায়বোৰ উৎসৱ বা নৃত্যৰ লগতে একোটা লোককাহিনী থকাৰ দৰে মুইনাৰী কাণ্ঠি মিছাৱাৰো এটা কাহিনী আছে৷ মাগ্ৰ’ৱালী ফৈদৰ মূল আৰাধ্য দেৱতা হ’ল, কাব্লা৷ এই দেৱতাই পশ্চিম দিশতহে বলি খায়৷ অইন দেৱ-দেৱীয়ে পূবফালে দিয়া পূজাৰ ভাগ পায় যদিও কাব্লাই পূজাৰ ভাগ নাপায়৷ সেয়ে, তেওঁ এদিন নৰৰূপে এগৰাকী বাৰী তিৰোতাৰ ঘৰত দেখা দি খাবলৈ আহাৰ বিচাৰিলে৷ মানুহগৰাকীৰ ঘৰত খাবলৈ একো নাছিল৷ তেতিয়া “কাব্লা’’ই দেখা দি ক’লে যে, যদিহে মানুহগৰাকীয়ে বলি-বিধানেৰে তেওঁক সন্তুষ্টকৰিব পাৰে, তেন্তে তেওঁলোকৰ কোনো অভাৱ নাথাকিব৷[2]

মানুহগৰাকী লগে লগে মান্তি হ’ল আৰু গোটেই ঘৰ ধনে-ধানে পূৰ হৈ পৰিল৷ স্বৰ্গৰ পৰা এজাক ডেকা-গাভৰু নামি আহি তুমডিং, তগৰ আৰু মুহুৰি বজাই নৃত্য কৰিবলৈ ধৰিলে৷ এনেদৰে সদায় ৰাতি নাচ গান চলিব ধৰিলে আৰু কাব্লাই মানুহগৰাকীক লৰ’ কুল হিচাপে স্বীকৃতি দিলে৷ [2]

আন এদি মাছলাই কুলৰ এজন মানুহে জংগলত বাট হেৰুৱাই মানুহগৰাকীৰ ঘৰত আশ্ৰয় ল’লে আৰু তাতে নাচ-গান দেখি সেই অলৌকিক ৰীতি-নীতি পালন কৰাৰ অনুমতি বিচাৰি কাব্লাক প্ৰাৰ্থনা কৰি কাব্লাক বলি-বিধানেৰে সন্তুষ্ট কৰি ৰাখিব বুলি কথা দিলে৷ কাব্লাৰ পৰা অনুমতি পাই মাছলাই লোকজনে গাঁৱলৈ আহি সকলো কথা গাঁৱৰ মানুহক ক’লে আৰু কাব্লাক মূল উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰি তেওঁৰ সন্তুষ্টিৰ বাবে নাচ-গান, বলি-বিধান দিবলৈ সন্মত হ’ল৷ যিজনী তিৰোতাৰ ঘৰত কাব্লাই আশ্ৰয় লৈছিল, সেই তিৰোতাজনী থকা ঠাইখন হ’ল মেঘালয়ৰ ফাদমাগ্ৰ’৷ সেয়ে তেতিয়াৰে পৰা ফাদমাগ্ৰ’ গাঁৱতে সমগ্ৰ ফৈদটোৱে মাগ্ৰ’ মিছাৱা বা মুইনাৰী কাণ্ঠি মিছাৱা উৎসৱ পালন কৰে৷[2]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. মিলি, কৃষ্ণৰাম (সম্পা) (২০০৯). তিৱা সংস্কৃতিৰ ৰেহ-ৰূপ. নিলাক্ষী মিলি, হিল ভিউ পাব্লিকেশ্যনচ্. পৃষ্ঠা. ৪৯. 
  2. 2.0 2.1 2.2 2.3 2.4 পাটৰ, মহেশ্বৰ (২০০৯). তিৱা সংস্কৃতিৰ ৰেহ-ৰূপ. নিলাক্ষী মিলি, হিল ভিউ পাব্লিকেশ্যনচ্. পৃষ্ঠা. ১৯৯,২০০.