মুখাগ্নি
মুখাগ্নি হৈছে এগৰাকী হিন্দুৰ মৃতদেহ সৎকাৰ কৰা সময়ত পোন প্ৰথম অগ্নি সংযোগ কৰা এক নিয়ম। প্ৰাচীন কালৰে পৰা হিন্দু সমাজত এই ৰীতি প্ৰচলন হৈ আহিছে। যথাবিহিত নিয়মেৰে মৃতদেহ শ্মশানলৈ নিয়াৰ পিছত চিতাত তোলা হয়। তাৰ পিছত মৃতকৰ পুত্ৰ অথবা নিকট আত্মীয়ই হাতত জ্বলন্ত জোৰ লৈ পুৰোহিতৰ নিৰ্দেশ আৰু মন্ত্ৰ উচ্চাৰণ অনুসাৰে মৃতদেহটোৰ মুখত প্ৰথম অগ্নি সংযোগ কৰি চিতাৰ চৌকাষে ঘূৰাৰ নিয়ম। এই মুখাগ্নি কৰোঁতাজনেই অশৌচৰ কালচোৱাত কঠোৰ নিয়ম-নীতি পালন কৰিব লাগে। যিহেতু শৰীৰৰ এক মুখ্য অংগ হ'ল মুখ। সেয়ে পোন প্ৰথম মুখত অগ্নি সংযোগ কৰি মৃতদেহ সৎকাৰ কৰাৰ নিয়ম প্ৰাচীন কালৰে পৰা অধুনাপৰ্যন্ত চলি আহিছে।
সহায়ক গ্ৰন্থ
সম্পাদনা কৰকঅসমীয়া সংস্কৃতিৰ কণিকা" সম্পাদক -ড° নাৰায়ণ দাস আৰু ড° পৰমানন্দ ৰাজবংশী