মুছলিম (বা মুছলমান,আৰবী:مسلم-অৰ্থঃ আত্মসমৰ্পণ,অনুগত)[1] হ'ল সেইজন লোক যিয়ে নিজৰ ইচ্ছাক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে। [2] কিন্তু বৰ্তমানে মুছলিম বুলিলে সাধাৰণতে ইছলাম ধৰ্মাৱলম্বীসকলকেই বুজোৱা হয়। খ্ৰীষ্টানৰ পাছতেই বিশ্বৰ দ্বিতীয় বিহৎ জনবহুল সম্প্ৰদায়টো হৈছে মুছলমান। বিশ্বৰ আটাইতকৈ জনবহুল মুছলমান দেশখন হৈছে ইন্দোনেছিয়া। ইণ্ডোনেছিয়াৰ বালি দ্বীপক বাদ দিলে দেশখনত প্ৰায় ৯৬% মুছলমান সম্প্ৰদায়ৰ লোকে বাস কৰে। শেহতীয়া তথ্য মতে ইণ্ডোনেছিয়াৰ মুঠ জনসংখ্যা ২২৭৭,৫৩৪,১২২ [3]। ইণ্ডোনেছিয়াৰ পাছতেই নাম আহে পাকিস্তান আৰু ভাৰতৰ। উল্লেখযোগ্য যে এসময়ত ইণ্ডোনেছিয়া আৰু মালেয়েছিয়াৰ প্ৰধান ধৰ্ম আছিল হিন্দু আৰু বৌদ্ধ। ত্ৰয়োদশ শতিকাৰ শেষৰ ফালে মুছলমানী সদাগৰৰ ইণ্ডোনেছিয়াৰ জাভা দ্বীপত পদাৰ্পণ হোৱা লগে লগে পাতনি মেলে ইছলামীয় বিস্তাৰ (Islamisation) [4]। পিউ ৰিচাৰ্ছ নামৰ বেচৰকাৰী সংস্থাটোৰ মতে বিশ্বত দ্ৰুত গতিত জনসংখ্যা বৃদ্ধি পোৱা সম্প্ৰদায়টো হৈছে মুছলমান। [5]

মুছলিম

ইতিহাস

চৌদি আৰৱৰ পুৰণি চহৰ মক্কাত হজৰত মহম্মদ নামৰ এগৰাকী মনিষীৰ জন্ম হয় ৫৭০ খ্ৰীষ্টাব্দত। সেই সময়ত ভ্ৰষ্টাচাৰ আৰু একনায়কত্ববাদী শাসনে সমগ্ৰ আৰৱ জাতিক জুৰুলা কৰি তোলা আৰু এশ এবুৰি সমস্যাৰে জৰ্জৰিত চৌদি সমাজখনক নতুনকৈ নিৰ্মাণ কৰিবলৈ এজন যোগ্য লোকৰ প্ৰাসংগিকতা জ্ঞানীচামে বাৰুকৈ অনুভৱ কৰিছিল। যাৰ পৰিণতিত ৬১০ খ্ৰীষ্টাব্দত হজৰত মহম্মদ নামৰ ৪০ বছৰ বয়সীয়া মনীষী এগৰাকীৰ নেতৃত্বত ইছলাম নামৰ নতুন আদৰ্শ এটাই গা কৰি উঠিছিল [6]। মধ্যপ্ৰাচ্যত খুউব কম সময়ত ক্ষিপ্ৰগতিত ইছলাম ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাৰ মূল কাৰণো আছিল সেই সময়ৰ আৰৱীয়সকলে এটি নতুন আদৰ্শৰ প্ৰয়োজনীয়তা বাৰে বাৰে উপলব্ধি কৰিছিল। ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা প্ৰথমজন ব্যক্তি আছিল আবু বক্কৰ চিদ্দিক। হজৰত মহম্মদ কূটনৈতিকভাৱে যদিও তেনেই ঠুনুকা আছিল ৰাজনৈতিকভাৱে আছিল কিন্তু সফল। সেই সময়ত একশ্ৰেণী ক্ষমতাশালী সম্ভ্ৰান্তলোকৰ হাতত পদে প্ৰতি কঠোৰ লাঞ্ছনাৰ বলি হোৱা দুৰ্বল বেদুইনসকলৰ [7] ন্যায়ৰ হকে থিয় দিছিল হজৰত মহম্মদে। সেই বেদুইনসকলৰ বিপুল সহাৰিতেই মুছলমানৰ প্ৰভাৱ বিস্তাৰ ঘটে। প্ৰজ্ঞা, সাধনা আৰু সততাৰ গুণেৰে মহিমামণ্ডিত হজৰত মহম্মদ আছিল অতি উচ্চ ব্যক্তিত্বৰ লোক। যাৰ ফলত ইছলাম ধৰ্মৰ প্ৰতি হঠাৎ মানুহৰ সোঁত ব'বলৈ ধৰে। বৰ্ণ বৈষম্যতাৰ বলি হোৱা বহু ভাৰতীয় লোক ইছলামৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। শেষলৈ ভাৰতলৈ ইছলাম ধৰ্মৰ ক্ৰমাৎ প্ৰভাৱ বিস্তাৰ ঘটিছিল তুৰ্কীৰ ৰজা মহম্মদ ঘোৰীৰ ভাৰত আক্ৰমণৰ পাছত।

মুছলমানৰ স্বৰ্ণযুগ

৮তম শতিকাৰ পৰা ১৩তম শতিকাৰ মাজভাগক ইছলামিক স্বৰ্ণ যুগ বুলি কোৱা হয়। সেই সময়ত বাগদাদৰ আব্বাচিদৰ খলিফা শাসন চলিছিল[8] । সেই যুগত বহুতো লেখত ল'বলগীয়া মুছলমান বিজ্ঞানী, দাৰ্শনিক, শিক্ষাবিদ, ভাস্কৰ্যবিদৰ অভিভাৱ ঘটিছিল। তাৰে ভিতৰত বীজগণিতৰ জনক মহম্মদ মুছা ইবনে আলখাৰজমী [9], আধুনিক চিকিৎসাৰ পিতৃ স্বৰূপ জাবিৰ ইবনে হায়ান [10]., লগতে ইবনে আল-নাফিছ, ইবনে চিনা, নাচিৰ আলাদ্দিন আলতুলচী, আল জাহ্ৰী, আল-ৰাজি, আল-বাতন ওমৰ খায়াম, হাছান ইবনে আল-হাইথাম আদি বহু বিজ্ঞানী আৰু গণিতজ্ঞৰ নাম উল্লেখযোগ্য। চেংগীজ খান নাম মংগোলীয় ৰজা এজনে চলোৱা অত্যাচাৰ আৰু হত্যালীলাৰ পৰিণতিত মুছলমানৰ স্বৰ্ণযুগৰ সমলবোৰ ধ্বংস্তুপত পৰিণত হয়। পিছলৈ বহু কিতাপ ইউৰোপীয়সকলেও চুৰি কৰে।

বৰ্তমানৰ মুছলমানসকল

মিছৰীয় সভ্যতা [11], বেবিলনীয় সভ্যতা [12] আৰু মেছিপটেমীয় সভ্যতাতে প্ৰথমে বিজ্ঞানৰ পাতনি মেলে বুলি ইতিহাসবিদ সকলে সন্দেহ প্ৰকাশ কৰে [13]। মুছলমানসকলৰ মাজত মুঠ নোবেল বঁটা বিজয়ী লোকৰ সংখ্যা তেনেই তাকৰ।[14]

চৰ্তসমূহসম্পাদনা কৰক

১, এক আল্লৰ ওপৰত বিশ্বাস

২. ১ম কালেমা - লা ইলাহা ইল্লাাহু, মহাম্মাদুৰ ৰাছুুলউল্লাহ

৩. দিনত পাচঁবাৰ নামাজ পৰ্াহ


ভাগসমূহসম্পাদনা কৰক

মুছলিমসকল কিছু ভাগত বিভক্ত। সেইবোৰৰ ভিতৰত প্ৰধান ভাগ দুটা হ'লঃ

লগতে চাওকসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক

তথ্য সূত্ৰসম্পাদনা কৰক

  1. bdword.com: 'মুচলিম' শব্দটো 'ইছলাম'ৰ সক্ৰিয় কৃদান্ত পদ(Active Participle)ৰ একেই ক্ৰিয়াৰ বিশেষ্য(Verbal Noun). (মুছলিম
  2. http://quranerkotha.com/pdf/
  3. https://www.macrotrends.net/countries/IDN/indonesia/population#:~:text=The%20current%20population%20of%20Indonesia,a%200.7%25%20increase%20from%202020.
  4. https://en.wikipedia.org/wiki/Spread_of_Islam_in_Indonesia
  5. https://www.pewresearch.org/topic/religion/religious-demographics/pew-templeton-global-religious-futures-project/#/?subtopic=15&chartType=bar&year=2020&data_type=number&religious_affiliation=all&destination=to&countries=Worldwide&age_group=all&gender=all&pdfMode=false
  6. https://www.pbs.org/wgbh/pages/frontline/teach/muslims/timeline.html#:~:text=The%20start%20of%20Islam%20is,Islam%20throughout%20the%20Arabian%20peninsula.
  7. অঘৰী
  8. https://www.khanacademy.org/humanities/world-history/medieval-times/cross-cultural-diffusion-of-knowledge/a/the-golden-age-of-islam
  9. https://www.aljazeera.com/amp/program/science-in-a-golden-age/2015/10/20/al-khwarizmi-the-father-of-algebra
  10. https://www.ncbi.nlm.nih.gov/pmc/articles/PMC6077026/#:~:text=Abu%20Musa%20Jabir%20Ibn%20Hayyan,in%20Iran%20in%20721%20AD
  11. বৰ্তমান ইজিপ্ত
  12. বৰ্তমান ইৰাক
  13. https://en.m.wikipedia.org/wiki/History_of_science
  14. https://www.quora.com/Why-are-there-so-few-Muslim-Nobel-Laureates-in-sciences