অৰ্থনীতিত মুদ্ৰাস্ফীতি (ইংৰাজী: Inflation) বুলি ক'লে একেলেথাৰিয়ে সামগ্ৰী আৰু সেৱাৰ সাধাৰণ মুল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়।[1][2][3][4] মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায়; ইয়াৰ ফলস্বৰূপে, প্ৰতি মুদ্ৰাৰ এককৰ বিনিময়ত ক্ৰয় ক্ষমতা (purchasing power) হ্ৰাস পায়। কালবৰ্ণৰ মতে যেতিয়া "অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্ৰী কৰিব লগা হয়" তেনে অৱস্থাক মুদ্ৰাস্ফীতি বুলি কোৱা হয়। অৰ্থাৎ অধিক মুদ্ৰা তথা ক্ৰয় ক্ষমতা থকাৰ বাবে কম পৰিমাণৰ সামগ্ৰীৰ বিপৰীতে অধিক চাহিদাৰ সৃষ্টি হয় তেতিয়াই মুল্যস্তৰ বৃদ্ধি পায়।

২০১৯ চনৰ বিশ্বৰ মুদ্ৰাস্ফীতিৰ হাৰ

যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্ৰাস্ফীতি (open inflation) বোলা হয়। অন্যহাতেদি চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেৰে, যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰী ভাবে দৰ নিৰ্ধাৰণ আদি যোগেৰে, দৰ নিয়ন্ত্ৰণ কৰে। এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস হয়। এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি (suppressed inflation) বোলা হয়।[5]

মুদ্ৰাস্ফীতিৰ কাৰণসম্পাদনা কৰক

মুদ্ৰাস্ফীতিৰ মূল কাৰণ দুটা: চাহিদাজনিত (demand pull) আৰু ব্যয়জনিত (cost push)।

চাহিদাজনিত কাৰণত মুদ্ৰাস্ফীতি তেতিয়া হয় যেতিয়া দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায়। এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্ৰা বা ক্ৰয় ক্ষমতা থাকে, আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বাঢ়ে। ফলস্বৰূপে দ্ৰব্য আৰু সেৱাসমূহৰ মূল্য বৃদ্ধি পায়। এনে অৱস্থাত মুদ্ৰাস্ফীতিৰ সৃষ্টি হয়।

আনহাতে, ব্যয়জনিত কাৰণত মুদ্ৰাস্ফীতি তেতিয়া হয় যেতিয়া দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি হয়। ব্যয়জনিত মুদ্ৰাস্ফীতি প্ৰধানকৈ তিনিটা কাৰকৰ ফলত সৃষ্টি হয়: মজুৰি বৃদ্ধি, লাভৰ পৰিমাণ বৃদ্ধি, আৰু দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা।

মুদ্ৰাস্ফীতিৰ প্ৰভাৱসম্পাদনা কৰক

মুদ্ৰাস্ফীতিয়ে এখন অৰ্থনীতিত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। মুদ্ৰাস্ফীতিৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্থ হোৱা শ্ৰেণীটো হৈছে স্থিৰ বেতনভোগী শ্ৰেণীটো।[5] কিয়নো মুদ্ৰাস্ফীতিৰ সময়ত বস্তুৰ দৰ বৃদ্ধি পায়, কিন্তু স্থিৰ বেতনভোগীসকলৰ আয় বা মজুৰি বৃদ্ধি নাপায়। ফলস্বৰূপে তেওঁলোকৰ আৰ্থিক অৱস্থালৈ সংকট নামি আহে। মুদ্ৰাস্ফীতিয়ে সঞ্চয়ৰ ওপৰতো কু প্ৰভাৱ পেলায়। মুল্য স্তৰ বৃদ্ধি পোৱাত ভোগ কাৰ্যত অধিক ব্যয় কৰিব লগাত পৰে আৰু সেয়েহে সঞ্চয়ৰ পৰিমাণ কমি যায়। তদুপৰি এনে সময়ত মুদ্ৰাৰ মূল্য কমি যোৱাত সঞ্চয়কাৰীসকলৰ আমানত মূল্যও কমি যায়। মুদ্ৰাস্ফীতিৰ সময়ত সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত ৰপ্তানি খণ্ডৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে। ঘৰুৱা সামগ্ৰীৰ দাম বৃদ্ধি হোৱাত আন্তঃৰাষ্ট্ৰীয় বজাৰত এইবোৰ সামগ্ৰীৰ চাহিদা কমি যায়। ফলত ৰপ্তানি হ্ৰাস পায়।

মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণসম্পাদনা কৰক

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে সাধাৰণতে (ক) মৌদ্ৰিক নীতি (খ) ৰাজকোষীয় নীতি আৰু (গ) অমৌদ্ৰিক নীতি যেনে উৎপাদন বৃদ্ধি নীতি গ্ৰহণ কৰে।

মৌদ্ৰিক নীতি

চৰকাৰে গ্ৰহণ কৰা মৌদ্ৰিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। বেংকৰ হাৰ হ'ল সেই হাৰ যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে। মুদ্ৰাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্ৰহণকাৰীয়ে ঋণ লবলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্ৰাস হৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়।

ৰাজকোষীয় নীতি

এই নীতিক 'আয় আৰু ব্যয়' নীতি বুলিও কোৱা হয়। চৰকাৰী ব্যয় কৰ্তন কৰি দেশত সামগ্ৰিক চাহিদা হ্ৰাস কৰিব পাৰি আৰু মুদ্ৰাস্ফীতিক নিয়ন্ত্ৰিত কৰিব পাৰি। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ হাতলৈ আনিব পাৰি। ইয়াৰ ফলত সামগ্ৰিক চাহিদা হ্ৰাস পায় আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্ৰহণ কৰিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে।

উৎপাদন বৃদ্ধি নীতি

দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজি সঠিক ভাবে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ'ব আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ হাৰত যােগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্ৰিত হ'ব।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Wyplosz & Burda 1997 (Glossary)
  2. Blanchard 2000 (Glossary)
  3. Barro 1997 (Glossary)
  4. Abel & Bernanke 1995 (Glossary)
  5. 5.0 5.1 ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান: সমাজ বিজ্ঞান (নৱম শ্ৰেণীৰ পাঠ্যপুথি). তৃতীয় খণ্ড. অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটী. পৃষ্ঠা. ৫০-৫২.