মেক্সিম গৰ্কী

Russian writer, playwright, essayist and journalist

এলেক্সেই মেক্সিমভিছ পেচকভ (ইংৰাজী: Alexei Maximovich Peshkov; ৰুছ: Алексе́й Макси́мович Пешко́в)[1] বা চমুকৈ এলেক্সেই পেচকভ এজন ৰুচ সাহিত্যিক আছিল। তেওঁ মেক্সিম গৰ্কী (ইংৰাজী: Maxim Gorky) ছদ্মনামেৰে লিখামেলা কৰিছিল যিটো নামেৰেই পাছত তেওঁ বিশ্ববিখ্যাত হৈ পৰে। তেওঁ এজন সামাজিক বাস্তববাদী সাহিত্যিক আৰু সমাজকৰ্মী আছিল।[2]

মেক্সিম গৰ্কী

Portrait of Gorky, c. 1906
জন্ম এলেক্সেই মেক্সিমভিছ পেচকভ
28 March [পুৰণা নিয়মত March 16] 1868
Nizhny Novgorod, Russian Empire
মৃত্যু ১৮ জুন, ১৯৩৬ (বয়স ৬৮)
Gorki Leninskiye, Moscow Oblast, Russian SFSR, USSR
ছদ্মনাম মেক্সিম গৰ্কী
পেচা লিখক, নাট্যকাৰ, ৰাজনৈতিক কৰ্মী
ৰাষ্ট্ৰীয়তা ৰাছিয়ান, ছোভিয়েট
সময় আধুনিকতাবাদ
ধৰণ উপন্যাস, নাটক
সাহিত্যিক বিপ্লৱ Socialist Realism

প্ৰভাবিত কৰে
  • হামিদ অলিমজন

স্বাক্ষৰ

জন্ম আৰু জীৱন

সম্পাদনা কৰক

ৰুছদেশৰ কাজানকা নদীৰ পাৰৰ কাজান চহৰত ১৮৬৮ চনৰ ১৪ ফেব্ৰুৱাৰীত এলেক্সেই পেচকভৰ জন্ম হয়। এলেক্সেই পেচকভৰ ককাদেউতাকে মানুহৰ ঘৰত ৰং দিয়া কাম কৰি জীৱিকা অৰ্জন কৰিছিল। প্ৰথমাৱস্থাত সামান্য পৰিমাণে খেতি বাতি আছিল যদিও পিছলৈ সেয়াও নাইকিয়া হ’লগৈ। ফলত প্ৰচণ্ড আৰ্থিক অনাটন আৰু কষ্টৰ মাজত এলেক্সেই পেচকভৰ পৰিয়ালে দিন কটাবলগীয়া হয়। পৰিয়ালটোক আৰ্থিক দিশত সহায় কৰাৰ বাবে পেচকভে নিচেই সৰু অৱস্থাৰে পৰা জীৱন সংগ্ৰামত নামি পৰিবলগীয়া হয়। স্কুলীয়া শিক্ষা জীৱনৰ লগে লগে এলেক্সেই পেচকভে বন্দৰ শ্ৰমিক হিচাপে কাম কৰি পৰিয়ালটোৰ আৰ্থিক দিশত বৰঙণি যোগাব লগা হয়। কিন্তু এলেক্সেইৰ সেই উপাৰ্জন পৰিয়ালটোৰ বাবে নিচেই সামান্য আছিল। সেই উপাৰ্জনেৰে পৰিয়ালটোক আশা কৰামতে সহায় কৰিব নোৱাৰি এলেক্সেই হতাশ হৈ পৰে। সেয়ে কিছুদিনৰ পিচত তেওঁ সেই কাম বাদ দি জীৱিকাৰ অন্যপথ বিচাৰে[3]

এইবাৰ তেওঁ কাজানৰ এখন ৰুটিৰ দোকানত কামত সোমায়; কিন্তু সেই কামতো তেওঁ সন্তুস্ত হ’ব নোৱাৰিলে। দোকানৰ মালিকৰ কৰ্মচাৰীৰ প্ৰতি অন্যায় আচৰণ আৰু শোষণ তেওঁৰ বাবে অসহনীয় হৈ পৰিল। তেওঁ মালিকৰ কামৰ প্ৰতিবাদ কৰিবলৈ ধৰিলে। ইয়াৰ ফলত তেওঁ মালিকৰ কোপ দৃষ্টিত পৰে। আনহাতে যি মজুৰি পাইছিল সিও যত্সামান্য আছিল আৰু পৰিয়ালৰ ভৰণ পোষণৰ বাবে যথেষ্ট নাছিল। সেয়ে তেওঁ সেই কামো বাদ দিয়ে আৰু কাজানকা নদী পাৰ কৰোৱা নাৱৰ নাৱৰীয়াৰ কামত সোমায়। কিন্তু তাৰ পৰাও আশানুৰূপ ভাবে উপাৰ্জন কৰিবলৈ সক্ষম নোহোৱাত হতাশাত তেওঁ ভাগি পৰিবলৈ ধৰিলে। এফালে অৰ্থাভাব আৰু আনফালে ঘৰৰ আৰ্থিক দায়িত্ব বহন কৰিবগীয়া হোৱাত তেওঁ অনিচ্ছা সত্বেও পঢ়া-শুনা আধাৰুৱাকৈ এৰিবলগীয়া হয়। জীৱনৰ প্ৰতি হতাশাগ্ৰস্ত হৈ পেচকভে আত্মহত্যা কৰিবলৈ উদ্যত হয়। সেই বাৰলৈ এজন বন্ধুৰ চেষ্টাত বাচি যায়। সেই সময়ত তেওঁৰ বয়স আছিল ১৯ বছৰ[3]

ইতিমধ্যে ১৮৯৭ চনত কাজানত জাৰৰ আত্যাচৰৰ বিৰুদ্ধে ছাত্ৰ অশান্তিয়ে গা কৰি উঠে। ছাত্ৰ সকলে তেওঁলোকৰ আন্দোলন বিপথে পৰিচা্লিত হ’বলৈ দিয়াত সেই আন্দোলনে ধ্বংসাত্মক ৰূপ লয়। এই কথাত লেনিনকে ধৰি সমসাময়িক অন্যান্য নেতাসকলে ছাত্ৰ আন্দোলনৰ তীব্ৰ বিৰোধিতা কৰিবলৈ ধৰে। এলেক্সেই পেচকভ সেই সময়তে লেনিন প্ৰমুখ্যে নেতাসকলৰ সান্নিধ্যলৈ আহে। সেই সকলৰ সৈতে এলেক্সেই পেচকভেও বিভিন্ন ঠাইলৈ গৈ ছাত্ৰসকলক তেওঁলোকৰ আন্দোলন হিংসাত্মক পথেৰে পৰিচালিত নকৰিবলৈ বুজনি দিবলৈ ধৰে। এবাৰৰ কথা। হিংসাৰ পথ পৰিহাৰ কৰালৈ তেওঁ ছাত্ৰৰ সমাবেশ এটাক উদ্দেশ্য কৰি ভাষণ দি আছিল। এনেতে সমবেত ছাত্ৰ সকলৰ মাজৰ পৰা কোনোবাই তেওঁলৈ লক্ষ্য কৰি এখন চুৰী মাৰি পঠিয়ায়। সেই চুৰীৰ আঘাতত পেচকভ পৰি যায়। পিছত সেই আঘাততেই এলেক্সেই পেচকভে কিছুদিনৰ বাবে শয্যাগত হৈ থাকিবলগীয়া হয়। সেইখিনি সময়তে পেচকভ আৰু মহান নেতা লেনিনৰ মাজত সম্পৰ্ক ঘনিষ্ঠ হৈ পৰে। লেনিনৰ সান্নিধ্যই পেচকভৰ মনত এক বিশেষ প্ৰভাৱ পেলাবলৈ ধৰে। সেই প্ৰভাৱে পেচকভৰ চিন্তা আৰু ধ্যান-ধাৰণা নতুন ধৰণেৰে গঢ় দিয়ে। তাৰ ফলস্বৰূপে পেচকভে ভুল পন্থাৰে আন্দোলন কৰা ছাত্ৰসকলৰ প্ৰতি পূৰ্বৰ ধাৰণাতকৈ সম্পূৰ্ণ পৃথক ধাৰণা পোষণ কৰিবলৈ ধৰে। তেওঁৰ মনত এই ধাৰণাই ঠাই পাবলৈ ধৰিলে যে প্ৰচলিত সমাজ ব্যৱস্থাৰ কুপ্ৰভাৱৰ ফলত ছাত্ৰসকল ক্ষুব্ধ হৈ পৰিছে আৰু তাৰ পৰিণতিতেই তেওঁলোকে হতাশাগ্ৰস্ত হৈ ধ্বংসকামিতাক প্ৰশ্ৰয় দিছে। নিজৰ মনত উদয় হোৱা এই ধাৰণাই এলেক্সেই পেচকভৰ মানসিকতাত এই ভাবৰো জন্ম দিলে যে প্ৰচলিত ব্যৱস্থাৰ পৰিবৰ্তন সাধন কৰিবলৈ হ’লে সমাজ নতুনকৈ গঢ় দিব লাদিব। আৰু তাৰ বাবে মানুহক জানিব লাগিব, চিনি পাব লাগিব খুব ওচৰৰ পৰা। ঠিক সেই সময়তে মানুহৰ মাজত সোমাই পৰিবৰ বাবে যেন এলেক্সেই পেচকভলৈ সুযোগ আহিল[3]

১৮৯১ৰ পৰা ১৮৯২ চন ৰুছদেশৰ সমভূমি অঞ্চল দুৰ্ভিক্ষৰ কবলত পৰে। জীৱন ধাৰণৰ বাবে এমুঠি আহাৰৰ তাগিদাত মানুহে ঘৰ-বাৰী এৰি দেশৰ সীমামূৰীয়া ইউক্ৰেইন, ক্ৰিমিয়া, ককেচাচৰ পাৰ্বত্য অঞ্চলত আশ্ৰয় লবলৈ ধৰিলে। এলেক্সেই পেচকভো কাজান চহৰ এৰি ৰুছ দেশৰেই নিজ্নি‌ নভগ’ৰদ নামৰ অৰণ্য এলেকাত সোমাই পৰে আহাৰৰ সন্ধানত। সেই সময়ত লিঅ’ টলষ্টয়, চেকভ কৰ’লেনকো আদি বিখ্যাত ৰুছ লিখকসকল দুৰ্ভিক্ষ পীড়িত জনসাধাৰণৰ সাহায্যাৰ্থে কাম কৰাত ব্যস্ত হৈ পৰে। তেওঁলোকে বিভিন্ন ঠাইৰ শিবিৰত ত্ৰাণ সাহায্য প্ৰদান কৰি নিজ্‌নি নভগ’ৰদ এলেকা পায়গৈ। এলেক্সেই এই মহান লিখক সকলৰ সান্নিধ্যত ইমানেই অভিভূত হৈ পৰে যে তেওঁ নিজেও সেই সময়ত দুৰ্ভিক্ষ পীড়িত হ’লেও সেই লিখকসকলৰ লগতে দুৰ্ভিক্ষ জৰ্জৰিত অন্যান্য সকলৰ কল্যাণৰ অৰ্থে কাম কৰিবলৈ লয়। দুৰ্ভিক্ষ জৰ্জৰিত মানুহৰ কল্যাণৰ কামতে নিজক উত্সৰ্গা কৰি দিয়াৰ সময়তে তেওঁৰ গতিবিধিৰ ওপৰত পুলিচে সন্দেহ কৰিবলৈ ধৰে আৰু তেওঁক ৰাজদ্ৰোহী বুলি অভিযুক্ত কৰি হাৰাশাস্তি কৰিবলৈ ধৰে। সেয়া পেচকভৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা। সেই অভিজ্ঞতাই তেওঁৰ অন্তৰত উজ্জীৱিত কৰি তুলিলে ন্যায়ৰ দাবী আৰু কলমৰ জৰিয়তে কৰা প্ৰতিবাদ প্ৰৱণতা[3]

সৃষ্টিৰাজী

সম্পাদনা কৰক

এলেক্সেই পেচকভে হাতত কলম তুলি ল’লে। সেই কালৰ মুখ্য সাহিত্য প্ৰকাশন গোষ্ঠী “ভল্গা পাব্লিকেচন”ৰ দ্বাৰা প্ৰকাশিত আলোচনীত পেচকভে নিজ্‌নি নভগ’ৰদ অঞ্চলত হোৱা তেওঁৰ অভিজ্ঞতাৰ ওপৰত প্ৰৱন্ধ আৰু সেই সময়ত তেওঁ লগ পোৱা চৰিত্ৰ কিছুমানক কেন্দ্ৰ কৰি গল্প লিখিবলৈ লয়। পেচকভে ’মেক্সিম গৰ্কী’ এই ছদ্মনামত লিখা সেই গল্প প্ৰৱন্ধবোৰে অতি কম সময়ৰ ভিতৰতে পঢ়ুৱৈৰ প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয়। সেই সময়ৰ প্ৰতিষ্ঠিত আৰু বিখ্যাত লিখক সকলে ’মেক্সিম গৰ্কী’ নামৰ লিখকজনৰ ৰচিত গল্প প্ৰৱন্ধ সমূহৰ মানদণ্ড সম্পৰ্কত উচ্চমত পোষণ কৰিবলৈ ধৰে। এইদৰে চাৰিবছৰমানৰ ভিতৰতে ছদ্মনামেৰেই ’মেক্সিম গৰ্কী’য়ে লিখক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইতিমধ্যে ’এলেক্সেই পেচকভ’ নামটো মানুহৰ মাজৰ পৰা হেৰাই গৈছিল। তাৰ ঠাই লৈছিল মেক্সিম গৰ্কীয়ে[3]

১৮৯৮ চনত মেক্সিম গৰ্কীৰ প্ৰৱন্ধ আৰু গল্প সমূহ একত্ৰিত কৰি “স্কেটছেজ এণ্ড ষ্টৰিজ (Sketches and stories) নাম দি এখনি সংকলন প্ৰকাশ কৰি উলিয়ায়। লগে লগে সমসাময়িক অন্যান্য বিখ্যাত সাহিত্যিক সকলৰ শাৰীতে গৰ্কীৰ নামটোও পঢ়ুৱৈ সকলে ল’বলৈ ধৰিলে। ইয়াৰ এবছৰৰ পিছত ১৮৯৯ চনত মেক্সিম গৰ্কীৰ প্ৰথম উপন্যাস ’ফ’মা গৰ্দয়েভ’ (Foma gardeyev) প্ৰকাশ পায়। উপন্যাস ৰচনাৰ এই প্ৰথম পদক্ষেপতে গৰ্কীয়ে সফল ঔপন্যাসিক হিচাপে স্বীকৃতি পায়। ’ফ’মা গৰ্দয়েভ’ৰ কথা সমগ্ৰ দেশতে আলোচিত হ’বলৈ ধৰে। ইয়াৰ দুবছৰ পিছতে গৰ্কীয়ে লিখি উলিয়ায় তেওঁৰ তৃতীয়খন উপন্যাস ’দ্য থ্ৰী (The thru)। এইখন উপন্যাসেও তেওঁলৈ কঢ়িয়াই আনে প্ৰচুৰ খ্যাতি। গল্পকাৰ আৰু ঔপন্যাসিক হিচাপে খ্যাতি তথা প্ৰতিষ্ঠা অৰ্জন কৰাৰ লগতে নাট্যকাৰ হিচাপেও মেক্সিম গৰ্কীয়ে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ১৯০২ চনত তেওঁৰ প্ৰথম নাটক ’দ্য ল’ৱাৰ ডেপ্‌থচ্‌ (The dower depths) প্ৰকাশ পায়। দাৰ্শনিক তত্বধৰ্মী হ’লেও নাটকখনে সাধাৰণ পঢ়ুৱৈৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হয়। নাটকখনৰ প্ৰকাশে কেবল ৰুছতে আবদ্ধ হৈ থকা মেক্সিম গৰ্কীৰ নাম বিশ্ব বিশ্ৰুত কৰি তোলে। ইয়াৰ পিছত তেওঁ লিখি উলিয়ায় ’অল্ড ইজাৰ গিল’ (Old izsergil) নামৰ মননশীল উপন্যাসখন। এইখন উপন্যাসত গৰ্কীয়ে মানুহ সমাজ বহিৰ্ভুত হোৱাতোযে কিমান কষ্টকৰ আৰু বেদনাদায়ক সেই কথা বিস্তৃত ভাবে তুলি ধৰিছে। তাৰ লগতে কিতাপখনত ফুটি উঠিছে নীচতাৰ দৰ্শন।

সেই পৰ্য্যন্ত ৰচিত গৰ্কীৰ ৰচনা মেহনতী শ্ৰমিক শ্ৰেণীক ৰচনাৰ মূখ্য উপজীব্য হিচাপে লোৱা হ’লেও তেওঁলোকৰ ওপৰত চলা শোষণহে ঘাইকৈ তেওঁৰ ৰচনা সমূহত পৰিস্ফুট হৈ উঠিছিল। কিন্তু শোষিত মেহনতী শ্ৰমিক শ্ৰেণী যে এটা বিপ্লৱৰ সূচনাকাৰীও হ’ব পাৰে সেই কথা তেতিয়ালৈকে তেওঁৰ ৰচনাৰ মাজেদি প্ৰকাশ পোৱা নাছিল। সেয়া পোন প্ৰথম তেওঁ প্ৰকাশ কৰে ’চং অৱ দ্য ষ্টৰ্মী পেট্ৰেল’ (Song of the stormy petrel) নামৰ গ্ৰন্থত। এই গ্ৰন্থখনে শ্ৰমিক বিপ্লৱৰ ক্ষেত্ৰত এক বিশেষ অৰিহণা যোগায়। ইয়াৰ পিছত তেওঁ লিখি উলিয়ায় ’দ্য ফিলিস্তিনিচ’ (The philistenes) নামৰ নাটকখন। এইখন নাটকত গৰ্কীয়ে শ্ৰমিকৰ বিপ্লৱকামী সমাজবাদীৰ প্ৰতীক হিচাপে অংকন কৰে[3]

১৯০৬ চনত গৰ্কীৰ মহত্‌ উপন্যাস ’মা’ (Mother) প্ৰকাশ পায়। এইখন উপন্যাসে বিশ্ব সাহিত্যত এখন সুকীয়া আসন দখল কৰি লবলৈ সক্ষম হয়। পুঁজিবাদীৰ শোষণৰ বিৰুদ্ধে শ্ৰমিক শ্ৰেণীক একগোট কৰাৰ ক্ষেত্ৰত এই উপন্যাসখন এক পথ নিদ্দেৰ্শনা বুলিব পাৰি। সেই ক্ষেত্ৰত বিশ্বৰ সকলো সংগ্ৰামী শ্ৰমিক শ্ৰেণীৰ বাবে ’মা’ উপন্যাসখন এক আদৰ্শ স্বৰূপ। ইয়াৰ পিছত গৰ্কীয়ে ৰচনা কৰে ’চাইল্ড হুদ’ ( Child hood) নামৰ উপন্যাসখন। এইখন উপন্যাস তেওঁৰ আত্মজীৱনী ভিত্তিক। উপন্যাসখনত গৰ্কীৰ ল’ৰালি কালচোৱাৰ এখন সুস্পষ্ট ছবি নিখুঁত ৰূপত প্ৰকাশ পায়। এইখন উপন্যাসেও গৰ্কীক চূড়ান্ত শিখৰলৈ লৈ যায়। ইয়াৰ পিছত একাদিক্ৰমে প্ৰকাশ পোৱা গৰ্কীৰ আন গ্ৰন্থ সমূহ হ’ল ’মাই এপ্ৰেণ্টিচচিপ এণ্ড মাই ইউনাভাৰ্চিটিজ দ্য লাইফ অব ক্লিম চাংগিন আৰু ’ফ’মা গৰ্ডেয়ভ’[3]

খ্যাতিৰ চূড়ান্ত শিখৰত আৰোহণ কৰিলেও ব্যক্তিগত জীৱনৰ হতাশা আৰু অসুখী দাম্পত্য জীৱনে গৰ্কীক শেষ বয়সত মানসিক ভাবে বেছিকৈ পীড়ন কৰিছিল। ইপিনে জীৱনৰ আগ বয়সত বুকুত পোৱা আঘাতেই পিছত ক্ৰমান্বয়ে যক্ষ্মাৰ ৰূপ লয়গৈ। সেই অসুখেই গৈ তীব্ৰতৰ ৰূপ ধাৰণ কৰে আৰু গৰ্কী শয্যাগত হৈ পৰিবলগা হয়। ১৯২১ চনত লেনিনৰ পৰামৰ্শমতেই তেওঁ অসুখৰ চিকিত্সা কৰাবলৈ বিদেশলৈও যায়। কিন্তু একো সুফল নোপোৱাত ১৯২৮ চনত তেওঁ দেশলৈ ঘূৰি আহে আৰু ১৯২৮ চনৰ পৰা স্দীৰ্ঘ আঠ বছৰ ধৰি শাৰীৰিক মানসিক দুয়ো ফালৰ পৰা জৰ্জৰিত হৈ পৰি থাকি গৰ্কীয়ে ১৯৩৬ চনৰ ১৮ অক্টোবৰত ইহলীলা সম্বৰণ কৰে[3]

চিত্ৰ ভঁৰাল

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. His own pronunciation, according to his autobiography Detstvo (Childhood), was Пешко́в, but many reference books have Пе́шков.
  2. "Maksim Gorki". Kuusankoski City Library, Finland. http://www.kirjasto.sci.fi/gorki.htm। আহৰণ কৰা হৈছে: 21 July 2009. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 কনকসেন ডেকা (১৯৯৪). আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি. দিছপুৰ প্ৰিণ্ট হাউছ. পৃষ্ঠা. ১৩৪-১৪২. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক

|PLACE OF BIRTH= Nizhny Novgorod, Russian Empire |DATE OF DEATH= 18 June 1936 |PLACE OF DEATH= Gorki Leninskiye, USSR }}