মেৰিনা ভিয়াজভস্কা
মেৰিনা চেৰ্গিভনা ভিয়াজভস্কা ( ইউক্ৰেইন: Марина Сергіївна В'язовська;[1] জন্ম ১৯৮৪)[2] এগৰাকী ইউক্ৰেইনৰ গণিতজ্ঞ। তেওঁ গোলক সাজোনৰ (sphere packing) ওপৰত কৰা গৱেষণা কৰ্মৰ বাবে পৰিচিত। বৰ্তমান তেওঁ ছুইজাৰলেণ্ডৰ ইক'ল পলিটেকনিক ফেডাৰেল ডি ল'জানৰ গণিত প্ৰতিষ্ঠানৰ সংখ্যা তত্ত্ব আসনৰ অধ্যাপক।[3] ২০২২ চনত তেওঁ গণিতৰ সৰ্বোচ্চ সন্মানসমূহৰ অন্যতম ফিল্ডছ মেডেল লাভ কৰে।[4][5] মাৰিয়াম মিৰ্জাখানীৰ পিছত এই বঁটা পোৱা তেওঁ দ্বিতীয়গৰাকী মহিলা গণিতজ্ঞ।
মেৰিনা ভিয়াজভস্কা | |
---|---|
২০১৩ চনত অ'বাৰৱ'ল্ফাচত মেৰিনা | |
জন্ম | ১৯৮৪ (বয়স ৩৯–৪০) ক্যিভ্ |
নাগৰিকত্ব | ইউক্ৰেনিয়ান |
ক্ষেত্ৰ | গণিত |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
জনা যায় | গোলক সাজোন সমস্যা |
উল্লেখনীয় বঁটা | চালেম প্ৰাইজ (২০১৬) ক্লে' ৰিচাৰ্ছ্ এৱাৰ্ড (২০১৭) চাস্ত্ৰ ৰামানুজন প্ৰাইজ (২০১৭) ইউৰোপিয়ান প্ৰাইজ ইন কম্বিনেটৰিকছ্ (২০১৭) ব্ৰেকথ্ৰু প্ৰাইজ ইন মেথমেটিকছ্ (২০১৮) ৰুথ লিটল চেটাৰ প্ৰাইজ ইন মেথমেটিকছ্ (২০১৯) ফাৰ্মা প্ৰাইজ (২০১৯) ই এম এছ প্ৰাইজ (২০২০) ফিল্ডছ মেডেল (২০২২) |
শিক্ষা আৰু কেৰিয়াৰ
সম্পাদনা কৰককিভত জন্মগ্ৰহণ কৰা মেৰিনাই বিজ্ঞান আৰু প্ৰযুক্তিক্ষেত্ৰত উচ্চ কৃতিত্ব লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে স্থাপিত এখন বিশেষ মাধ্যমিক বিদ্যালয় "কিভ নেচাৰেল চায়েন্স লাইচিয়াম নাম্বাৰ ১৪৫"ত পঢ়িছিল। তাত শিক্ষকতা কৰা এণ্ড্ৰি ন্যাজ্যুক নামৰ প্ৰভাৱশীল শিক্ষকগৰাকীয়ে মাধ্যমিক স্কুলত কাম কৰাৰ পূৰ্বে গণিতৰ এগৰাকী পেচাদাৰী গৱেষক আছিল।[6] কিভত অৱস্থিত তাৰাছ শ্বেভচেংকো ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰী হিচাপে তেওঁ ২০০২, ২০০৩, ২০০৪, আৰু ২০০৫ চনত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় গণিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ২০০২ আৰু ২০০৫ চনত তেওঁ এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত অন্যতম আছিল।[7]
ভিয়াজভস্কাই ২০১০ চনত ইউক্ৰেইনৰ নেচনেল একাডেমী অৱ চাইন্সৰ গণিত প্ৰতিষ্ঠানৰ পৰা প্ৰাৰ্থী ডিগ্ৰী,[1] কাইজাৰশ্লটাৰ্ন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, আৰু ২০১৩ চনত বন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী (Dr. rer. nat.) লাভ কৰে। ডন জেগিয়াৰ আৰু ৱাৰ্নাৰ মুলাৰৰ অধীনত গৱেষণা কৰা মেৰিনাৰ Modular Functions and Special Cycles শীৰ্ষক থেছিছখনত বিশ্লেষণাত্মক সংখ্যা তত্ত্বৰ বিষয়ে আলোচনা কৰা হৈছিল।[8]
তেওঁ বাৰ্লিন মেথমেটিকেল স্কুল আৰু বাৰ্লিনৰ হামব'ল্ট বিশ্ববিদ্যালয়ৰ এগৰাকী ডক্টৰোত্তৰ গৱেষক,[9] আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ মিনাৰ্ভা সন্মানীয় অতিথি আছিল।[10] কিছুদিন সহকাৰী অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ পাছত ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ চুইজাৰলেণ্ডৰ ইক’ল পলিটেকনিক ফেডাৰেল ডি ল’জানত সংখ্যা তত্ত্ব আসনৰ পূৰ্ণাংগ অধ্যাপক হিচাপে কাম কৰি আহিছে।[3]
অৱদান
সম্পাদনা কৰক২০১৬ চনত ভিয়াজভস্কাই অষ্টম মাত্ৰা,[11][12][13] আৰু আন গণিতজ্ঞৰ সহযোগত ২৪ মাত্ৰাৰ গোলক সাজোন (sphere packing) সমস্যাটো সমাধান কৰে।[14][9] পূৰ্বতে সমস্যাটো কেৱল তিনি বা তাতকৈ কম মাত্ৰাৰ বাবেহে সমাধান কৰা হৈছিল আৰু ইয়াৰে ত্ৰিমাত্ৰিক সংস্কৰণটোৰ প্ৰমাণ (কেপলাৰৰ অনুমান) দীঘলীয়া কম্পিউটাৰ গণনাৰ সৈতে জড়িত আছিল। ইয়াৰ বিপৰীতে ৮ আৰু ২৪ মাত্ৰাৰ বাবে ভিয়াজভস্কাৰ প্ৰমাণ "আচৰিতভাৱে সহজ"।[9]
গোলক সাজোনৰ ওপৰত কৰা কামৰ লগতে ভিয়াজভস্কাই বণ্ডাৰেংকো আৰু ৰাডচেংকোৰ সৈতে গোলাকাৰ চানেকিৰ (spherical design) ওপৰত কৰা গৱেষণাৰ বাবেও পৰিচিত। তেওঁলোক দুজনৰ সহযোগত তেওঁ যাদৃচ্ছিক মাত্ৰা এটাত সৰু সৰু চানেকিৰ অস্তিত্বৰ ওপৰত কোৰেভাৰ আৰু মেয়াৰ্ছে আগবঢ়োৱা অনুমান এটা প্ৰমাণ কৰিলে। এই ফলাফলৰ বাবে তেওঁৰ সহ-লেখক এণ্ড্ৰি বণ্ডাৰেংকোৱে ২০১৩ চনত 'আনুমানিক তত্ত্ব'ত (approximation theory) ভাচিল এ পপভ বঁটা লাভ কৰিছিল।[15]
স্বীকৃতি
সম্পাদনা কৰক২০১৬ চনত ভিয়াজভস্কাই চালেম বঁটা,[16] আৰু ২০১৭ চনত গোলক সাজোন আৰু মডিউলাৰ ফৰ্মৰ ওপৰত কৰা কামৰ বাবে ক্লে ৰিচাৰ্চ বঁটা আৰু চাষ্ট্ৰ ৰামানুজন বঁটা লাভ কৰে।[17][18] ২০১৭ চনৰ ডিচেম্বৰত তেওঁ ২০১৮ বৰ্ষৰ গণিতৰ নিউ হৰাইজনছ্ বঁটা লাভ কৰে।[19] ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞ সন্মিলনত তেওঁ এগৰাকী আমন্ত্ৰিত বক্তা আছিল।[20] ২০১৯ চনৰ বাবে তেওঁক গণিতৰ ৰুথ লিটল চেটাৰ বঁটা[21] আৰু ফাৰ্মা বঁটা প্ৰদান কৰা হয়।[22] তেওঁ ২০২০ বৰ্ষৰ ইএমএছ বঁটা বিজয়ী সকলৰ ভিতৰত অন্যতম।[23] ২০২০ চনত লাটছিছ ফাউণ্ডেচনে প্ৰদান কৰা ৰাষ্ট্ৰীয় লাটছিছ বঁটাও তেওঁ লাভ কৰিছিল।[24] ২০২১ চনত তেওঁক একাডেমিয়া ইউৰোপিয়ালৈ মনোনীত কৰা হয়।[25] ২০২২ বৰ্ষৰ জুলাই মাহত ভিয়াজভস্কাক ক্লে মেথেমেটিক্স ইনষ্টিটিউটৰ জ্যেষ্ঠ পণ্ডিত হিচাপে নিযুক্তি দিয়া হৈছিল।[26] তেখেতক ২০২২ চনৰ জুলাই মাহত ফিল্ডছ্ মেডেল প্ৰদান কৰা হয়, যাৰ ফলত তেওঁ এই সন্মান পোৱা দ্বিতীয়গৰাকী মহিলা (মাৰিয়াম মিৰ্জাখানীৰ পিছত) আৰু প্ৰথমগৰাকী ইউক্ৰেইনীয় হিচাপে পৰিগণিত হয়।[27][28]
পৰিয়াল
সম্পাদনা কৰকস্কুলৰ শেষত মিলিত পদাৰ্থ বিজ্ঞানৰ গোট এটাত ভিয়াজভস্কাই তেওঁৰ স্বামী ডেনিল এভটুশ্বিনস্কিক লগ পাইছিল। তেতিয়া তেওঁলোকৰ বয়স আছিল প্ৰায় ১২ বছৰ। তেওঁ ইপিএফএলত কৰ্মৰত এগৰাকী পদাৰ্থ বিজ্ঞানৰ গৱেষক। তেওঁলোকৰ দুটা সন্তান আছে, ইয়াৰে ডাঙৰজন পুত্ৰ আৰু আনগৰাকী কন্যা।[5]
নিৰ্বাচিত গৱেষণাপত্ৰ
সম্পাদনা কৰক- Bondarenko, Andriy; Radchenko, Danylo; Viazovska, Maryna (2013), "Optimal asymptotic bounds for spherical designs", Annals of Mathematics, Second Series খণ্ড 178 (2): 443–452, doi:10.4007/annals.2013.178.2.2
- Viazovska, Maryna (2017), "The sphere packing problem in dimension 8", Annals of Mathematics খণ্ড 185 (3): 991–1015, doi:10.4007/annals.2017.185.3.7
- Cohn, Henry; Kumar, Abhinav; Miller, Stephen D.; Radchenko, Danylo; Viazovska, Maryna (2017), "The sphere packing problem in dimension 24", Annals of Mathematics খণ্ড 185 (3): 1017–1033, doi:10.4007/annals.2017.185.3.8
- Cohn, Henry; Kumar, Abhinav; Miller, Stephen D.; Radchenko, Danylo; Viazovska, Maryna (2019), "Universal optimality of the E8 and Leech lattices and interpolation formulas", Annals of Mathematics, archived from the original on 2022-07-14, https://web.archive.org/web/20220714095435/https://annals.math.princeton.edu/articles/17703, আহৰণ কৰা হৈছে: 2022-07-05
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Вязовська М.С." (Ukrainian ভাষাত), Catalogues (Vernadsky National Library of Ukraine), http://www.irbis-nbuv.gov.ua/cgi-bin/irbis_nbuv/cgiirbis_64.exe?Z21ID=&I21DBN=ARD&P21DBN=ARD&S21STN=1&S21REF=10&S21FMT=fullwebr&C21COM=S&S21CNR=20&S21P01=0&S21P02=0&S21P03=A=&S21COLORTERMS=1&S21STR=Вязовська%20М.С.$, আহৰণ কৰা হৈছে: 6 April 2016
- ↑ (German ভাষাত) Maryna Viazovska, German National Library, archived from the original on 30 July 2018, https://web.archive.org/web/20180730170914/https://www.deutsche-digitale-bibliothek.de/entity/1046435000, আহৰণ কৰা হৈছে: 7 April 2016
- ↑ 3.0 3.1 Maryna Viazovska promoted to Full Professor
- ↑ "Fields Medals 2022". International Mathematical Union. https://www.mathunion.org/imu-awards/fields-medal/fields-medals-2022। আহৰণ কৰা হৈছে: 5 July 2022.
- ↑ 5.0 5.1 Lin, Thomas; Klarreich, Erica (5 July 2022). "In Times of Scarcity, War and Peace, a Ukrainian Finds the Magic in Math". Quanta Magazinequantamagazine.org. https://www.quantamagazine.org/ukrainian-mathematician-maryna-viazovska-wins-fields-medal-20220705/। আহৰণ কৰা হৈছে: 5 July 2022.
- ↑ অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "মেৰিনা ভিয়াজভস্কা", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Viazovska.html.
- ↑ IMC official results: 2002, 2003, 2004, and 2005. Accessed 2016-04-07.
- ↑ Viazovska, Maryna (2013), Modular Functions and Special Cycles, Doctoral dissertation, University of Bonn, http://hss.ulb.uni-bonn.de/2013/3415/3415.htm
- ↑ 9.0 9.1 9.2 Klarreich, Erica (March 30, 2016), "Sphere Packing Solved in Higher Dimensions", Quanta Magazine, https://www.quantamagazine.org/20160330-sphere-packing-solved-in-higher-dimensions
- ↑ Minerva Distinguished Visitor Lectures Archived 2020-03-22 at the Wayback Machine, Princeton University, retrieved 2020-06-14.
- ↑ Knudson, Kevin (March 29, 2016), "Stacking Cannonballs In 8 Dimensions", Forbes, https://www.forbes.com/sites/kevinknudson/2016/03/29/stacking-cannonballs-in-8-dimensions/
- ↑ Morgan, Frank (March 21, 2016), "Sphere Packing in Dimension 8", The Huffington Post, http://www.huffingtonpost.com/frank-morgan/sphere-packing-in-dimensi_b_9496736.html
- ↑ Loos, Andreas (March 21, 2016), "So stapeln Mathematiker Melonen" (German ভাষাত), Die Zeit, http://www.zeit.de/wissen/2016-03/mathematik-kugeln-dicht-packen-achte-dimension
- ↑ Grossman, Lisa (March 28, 2016), "New maths proof shows how to stack oranges in 24 dimensions", New Scientist, https://www.newscientist.com/article/2082328-new-maths-proof-shows-how-to-stack-oranges-in-24-dimensions/
- ↑ Popov Prize previous winners, University of South Carolina, Interdisciplinary Mathematics Institute, archived from the original on 2015-10-31, https://web.archive.org/web/20151031043701/http://imi.cas.sc.edu/popov-prize-previous-winners/#2013, আহৰণ কৰা হৈছে: 2016-04-02.
- ↑ (fr ভাষাত) Prix Salem 2016, Société Mathématique de France, http://smf.emath.fr/content/prix-salem-2016, আহৰণ কৰা হৈছে: 26 September 2017
- ↑ (en ভাষাত) 2017 Clay Research Awards, Clay Mathematics Institute, archived from the original on 11 January 2018, https://web.archive.org/web/20180111180359/http://www.claymath.org/events/news/2017-clay-research-awards, আহৰণ কৰা হৈছে: 26 September 2017
- ↑ "Maryna Viazovska to receive 2017 SASTRA Ramanujan Prize" (en-IN ভাষাত), The Hindu, 26 September 2017, ISSN 0971-751X, http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/maryna-viazovska-to-receive-2017-sastra-ramanujan-prize/article19754956.ece, আহৰণ কৰা হৈছে: 26 September 2017
- ↑ (en ভাষাত) Breakthrough Prize – Mathematics Laureates – Maryna Viazovska, https://breakthroughprize.org/Laureates/3/L3820, আহৰণ কৰা হৈছে: 4 December 2017, "For remarkable application of the theory of modular forms to the sphere packing problem in special dimensions."
- ↑ "Invited section lectures", ICM 2018, archived from the original on 8 December 2018, https://web.archive.org/web/20181208144537/http://www.icm2018.org/portal/en/invited-section-lectures-speakers, আহৰণ কৰা হৈছে: 8 August 2018
- ↑ "News from the AMS". American Mathematical Society. https://www.ams.org/news?news_id=4761.
- ↑ Institut de Mathématiques de Toulouse – Prix Fermat 2019, archived from the original on 1 July 2020, https://web.archive.org/web/20200701235641/https://www.math.univ-toulouse.fr/spip.php?article950&lang=fr, আহৰণ কৰা হৈছে: 12 December 2019
- ↑ Prize Winners Announced, European Mathematical Society, 8 May 2020, archived from the original on 30 December 2020, https://web.archive.org/web/20201230123245/https://euro-math-soc.eu/news/20/05/8/prize-winners-announced, আহৰণ কৰা হৈছে: 6 July 2022
- ↑ National Latsis Prize – SNF, http://www.snf.ch/en/theSNSF/awards/national-latsis-prize/Pages/default.aspx, আহৰণ কৰা হৈছে: 21 September 2020
- ↑ "Maryna Viazovska", Members (Academia Europaea), https://www.ae-info.org/ae/Member/Viazovska_Maryna, আহৰণ কৰা হৈছে: 12 March 2022
- ↑ "Maryna Viazovska | Clay Mathematics Institute". www.claymath.org. Archived from the original on 3 June 2022. https://web.archive.org/web/20220603070037/https://www.claymath.org/people/maryna-viazovska-0। আহৰণ কৰা হৈছে: 28 May 2022.
- ↑ "Ukrainian Viazovska wins Fields Medal 2022". www.ukrinform.net. https://www.ukrinform.net/rubric-society/3522571-ukrainian-viazovska-wins-fields-medal-2022.html.
- ↑ "Fields Medal | International Mathematical Union (IMU)". https://www.mathunion.org/imu-awards/fields-medal.