মোৰ ঘোঁৰাৰ দুৰন্ত গতি
অসমীয়া চুটি চলচ্চিত্ৰ
মোৰ ঘোঁৰাৰ দুৰন্ত গতি (The Horse from Heaven) ১৫ মিনিটৰ এখন অসমীয়া চুটি ছবি। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপৰ। ছবিখন বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় ছবিৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে বিবেচিত হয়। ইয়াৰ পিছতেই ই অস্কাৰলৈ যোগ্যতা অৰ্জন কৰে। অতুল পাচনীয়ে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনেই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া প্ৰথমখন অসমীয়া চুটি ছবি। [1]
মোৰ ঘোঁৰাৰ দুৰন্ত গতি The Horse from Heaven | |
---|---|
পৰিচালক | মহৰ্ষি তুহিন কাশ্যপ |
চিত্ৰনাট্য | মহৰ্ষি তুহিন কাশ্যপ |
প্ৰযোজক | নীলাঞ্জনা ৰুদ্ৰা |
অভিনয়ত | অতুল পাচনী |
চিত্ৰগ্ৰহণকাৰী | অৰ্ণৱ লাহা |
সম্পাদনা | পুলকিত ফিলিপ |
দৈৰ্ঘ্য |
১৫ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
পটভূমি
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Pallabi Devi (September 3, 2022). "অস্কাৰলৈ নিৰ্বাচিত মহৰ্ষি তুহিন কাশ্যপৰ চুটি ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ (The Horse from Heaven)". assam.eastmojo.com. https://assam.eastmojo.com/news/culture-entertainment/oscar-selected-maharishi-tuhin-kashyaps-short-film-mur-ghorar-duranto-goti-the-horse-from-heaven/। আহৰণ কৰা হৈছে: 15 September 2022.