মৌখিক ইতিহাস

পৰিকল্পিত সাক্ষাৎকাৰৰ অডিঅ' টেপ, ভিডিওটেপ বা ট্ৰেন্সক্ৰিপচন ব্যৱহাৰ কৰি ব্যক্তি, পৰিয়াল, গুৰুত

মৌখিক ইতিহাস (ইংৰাজী: Oral history) হ'ল ব্যক্তি, পৰিয়াল, গুৰুত্বপূৰ্ণ ঘটনা, বা দৈনন্দিন জীৱনৰ বিষয়ে ঐতিহাসিক তথ্যৰ সংগ্ৰহ আৰু অধ্যয়ন, য'ত অডিঅ' ট্ৰেপ, ভিডিঅ' ট্ৰেপি, বা পৰিকল্পিত সাক্ষাৎকাৰৰ প্ৰতিলিপি ব্যৱহাৰ কৰা হয়। এই সাক্ষাৎকাৰবোৰ অতীতৰ ঘটনাসমূহত অংশগ্ৰহণ কৰা বা পৰ্যবেক্ষণ কৰা লোকসকলৰ সৈতে কৰা হয় আৰু তেওঁলোকৰ স্মৃতি আৰু উপলব্ধিসমূহ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক শ্ৰৱণ ৰেকৰ্ড হিচাপে সংৰক্ষণ কৰা হ'ব। মৌখিক ইতিহাসে বিভিন্ন দৃষ্টিকোণৰ পৰা তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰে আৰু ইয়াৰ অধিকাংশই লিখিত উৎসত পোৱা নাযায়। মৌখিক ইতিহাস এই ধৰণে সংগ্ৰহ কৰা তথ্য আৰু এনে তথ্যৰ ওপৰত আধাৰিত লিখিত কাম (প্ৰকাশিত বা অপ্ৰকাশিত ) বুলিও উল্লেখ কৰে, যি প্ৰায়ে আৰ্কাইভ (লেখ্যাগাৰ)আৰু বৃহৎ পুথিভঁৰাল সমূহত সংৰক্ষণ কৰা হয়।[1][2] Oral History (OH) ৰ দ্বাৰা প্ৰদৰ্শন কৰা জ্ঞান অনন্য, কিয়নো ই প্ৰাথমিক ৰূপত সাক্ষাৎকাৰকাৰৰ অস্পষ্ট দৃষ্টিভংগী, চিন্তা, মতামত আৰু বুজা বুজিৰ ভাগ বতৰা কৰে।[3]

এই শব্দটো কেতিয়াবা সাধাৰণ অৰ্থত ব্যৱহাৰ কৰা হয়, য'ত সাক্ষীসকলে আন কোনো ব্যক্তিক কৈছিল অতীতৰ ঘটনাৰ বিষয়ে যিকোনো তথ্যৰ কথা উল্লেখ কৰে, কিন্তু পেছাদাৰী বুৰঞ্জীবিদসকলে ইয়াক সাধাৰণতে মৌখিক পৰম্পৰা বুলি গণ্য কৰে।[4][5] অৱশ্যে, কলম্বিয়া এনচাইক্ল'পিডিয়াৰ ব্যাখ্যা অনুসৰিঃ[1]

প্ৰাচীন সমাজসমূহে লিখিত ইতিহাসৰ অভাৱত অতীতৰ ৰেকৰ্ড সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি মৌখিক পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। পশ্চিমীয়া সমাজত, প্ৰাৰম্ভিক গ্ৰীক বুৰঞ্জীবিদ হেৰোদোদোদ আৰু থুচিদিদেছৰ পৰা মুখৰ পৰা সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল, যিয়ে সাক্ষাৎকাৰ সকলৰ মৌখিক প্ৰতিবেদন বিস্তৃতভাৱে ব্যৱহাৰ কৰিছিল। ১৯৪০ৰ দশকত এলান নেভিনছ আৰু তেওঁৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ সহযোগীসকলে মৌখিক ইতিহাসৰ আধুনিক ধাৰণাটো বিকশিত কৰিছিল। সাধাৰণ অৰ্থত এনেদৰে ব্যাখ্যা কৰিব পাৰি যে মৌখিক ইতিহাস বুলি ক'লে অতীতৰ এক গুৰুত্বপূৰ্ণ ঘটনা বা পৰিঘটনাৰ দৃশ্য-শ্ৰাব্য নাইবা কেৱল শ্ৰব্যযন্ত্ৰৰ সহায়ত সংগৃহীত একৰূপ আৰু ইয়াৰ অধ্যয়ণ।

তথ্যসূত্ৰ সম্পাদনা কৰক