মৌচুমী চহৰীয়া
মৌচুমী চহৰীয়া (ইংৰাজী: Mousumi Saharia) এগৰাকী অসমৰ সংগীত জগতৰ এগৰাকী কন্ঠশিল্পী। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। ১৯৯০ চনত মাত্ৰ ৫ বছৰ বয়সতে পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই তেখেতৰ "ফাগুণৰ চেঁচাতে" নামৰ এটা এলবাম মুকলি কৰ৷ তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ, ভিডিঅ’ এলবাম, আৰু বিভিন্ন চিডি আদিত কণ্ঠদান কৰিছে আৰু প্ৰায় ৮০ ৰ অধিক এলবামত গীত গাইছে৷[1]
মৌচুমী চহৰীয়া | |
---|---|
জন্ম | অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কন্ঠশিল্পী |
তেখেতৰ পিতৃৰ নাম হেমচন্দ্ৰ চহৰীয়া আৰু মাতৃৰ নাম কনকলতা চহৰীয়া৷ পঢ়াশুণাৰ দিশটো তেখেত অত্যন্ত মেধাবী ছাত্ৰী হিচাপে সুনাম আছে৷ ১৯৯৮ চনৰ মেট্ৰিক পৰীক্ষাত ৯৩% নম্বৰ পাই অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল ৷[1]
একক কণ্ঠৰ এলবাম
সম্পাদনা কৰক- মই মৌচুমী
- তুমি মৌচুমী
- মৰমী মৌচুমী
- যৌৱন
- মন নাচে উলাহত
- ৰংমন
- নাচে নাচে লাগে মন
- ককালৰে গাগৰি
- হিয়াৰ মৰম
- দেবী মন্ত্ৰ
- আকাশী গংগা আদি ৷ [1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 "Mousumi Saharia: A musical career in brief …". Posoowa. http://www.posoowa.org/story/mousumi-saharia-musical-career-brief-%E2%80%A6। আহৰণ কৰা হৈছে: 2013-02-03.[সংযোগবিহীন উৎস]