মৰাণসকলৰ পৰম্পৰাগত সাজপাৰ

মৰাণসকল অসমৰ পুৰণি জনগোষ্ঠীসমূহৰ ভিতৰৰ এটা অন্যতম জনগোষ্ঠী। এই জনগোষ্ঠীটো সকলো দিশৰ পৰাই এটা চহকী জনগোষ্ঠীৰূপে খ্যাত। সাজপাৰ বা বস্ত্ৰসম্ভাৰৰ ক্ষেত্ৰতো মৰাণ সকল যথেষ্ট চহকী। কিয়নো,অধিকাংশ মৰাণ মহিলাই তেওঁলোকৰ প্ৰয়োজনীয় বস্ত্ৰ সমূহ নিজে প্ৰস্তুত কৰি লয়। পূৰ্বতে মৰাণ সকলে কাপোৰ ববৰ বাবে প্ৰয়োজনীয় সূতা কপাহৰ পৰা নিজেই তৈয়াৰ কৰি লৈছিল। কিন্তু বৰ্তমান তেওঁলোকে বজাৰত সহজতে পোৱা সূতাৰে কাপোৰ বৈ লয়। মৰাণসকলে দৈনন্দিন জীৱনত বৰ্তমানেও তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰে। এতিয়াও মৰাণসমাজত বয়োজ্যেষ্ঠলোকসকলে তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ সমূহ পৰিধান কৰা পৰিলক্ষিত হয়।

মহিলাসকলৰ সাজপাৰ সম্পাদনা কৰক

মৰাণ মহিলা সকলে সাধাৰণতে বুকুত মেথনি মাৰি মেখেলা পৰিধান কৰে আৰু তেওঁলোকে মেখেলাৰ ওপৰত কঁকালত এখন 'কঁকালমৰা' বান্ধি লয়। মৰাণ মহিলাসকলে 'পাৰকানি' নামৰ এখন বস্ত্ৰ গাত লোৱাৰ উপৰিও এই কাপোৰখন ওৰণি লবলৈও ব্যৱহাৰ কৰে।

পুৰুষসকলৰ সাজপাৰ সম্পাদনা কৰক

মৰাণ পুৰুষসকলে তেওঁলোকৰ সাজপাৰ হিচাপে 'জামা','টঙালি','চেলেংকাপোৰ' পৰিধান কৰে। মৰাণ সমাজৰ বয়োজ্যেষ্ঠ সকলে মূৰত পাগুৰি পৰিধান কৰে। তেওঁলোকে পৰিধান কৰা পাগুৰিটো প্ৰায় ষোল্লহতীয়া হয় আৰু এই পাগুৰিটোক 'মান্যপাগ' বোলা হয়।

বিহুৰ সময়ৰ সাজপাৰ সম্পাদনা কৰক

মৰাণ বিহুৱা সকলে বিহুৰ সময়ত চুৰীয়া, মুগাৰ চোলা, মৰাণ গামোচা পৰিধান কৰে। মৰাণ সকলৰ গামোচাখন বগা সূতাৰে বোৱা হয় আৰু তাত সোণালী ৰঙৰ সূতাৰে ফুল বচা হয়। পূৰ্বতে মৰাণ সকলে ছয়গুণচোলা,এঙাৰচোলা, চাপকনচোলা আদি পৰিধান কৰিছিল। গাভৰুসকলে ৰাতিবিহুত নৃত্য পৰিবেশন কৰোঁতে বুকুত মেথনি, মুগাৰ মেখেলা, কলীয়া ৰিহা আৰু ৰঙা ব্লাউজ পৰিধান কৰে। সাধাৰণতে বিহুত নাচৰ সময়ত গাভৰুসকলে মুগাৰ মেখেলাৰ ওপৰত কঁকালমৰাখন ব্যৱহাৰ নকৰে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ঐক্যদীপ,সম্পাদক :মিণ্টু নেওগ