মৰাণ স্বায়ত্বশাসিত পৰিষদ
মৰাণ স্বায়ত্বশাসিত পৰিষদ (ইংৰাজী: Moran Autonomous Council) মৰাণ জনগোষ্ঠীৰ উন্নয়ত আৰু সুৰক্ষাৰ বাবে ২০২০ চনত গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ বা স্বায়ত্বশাসিত পৰিষদ।[1]
মৰাণ স্বায়ত্ত্বশাসিত পৰিষদ | |
---|---|
স্বায়ত্ত্বশাসিত অঞ্চল | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
পৰিষদ গঠন | ২০২০ |
চৰকাৰ | |
• ধৰণ | স্বায়ত্ত্বশাসিত পৰিষদ |
• পৰিচালনা | মৰাণ স্বায়ত্ত্বশাসিত পৰিষদ |
বিৱৰণ
সম্পাদনা কৰকমৰাণসকল সাধাৰণতে তিনিচুকীয়া জিলাত বসবাস কৰা অসমৰ এক খিলঞ্জীয়া জনগোষ্ঠী।[2] মৰাণ স্বায়ত্বশাসিত পৰিষদ বিল ২০২০খন ২৪ মাৰ্চ ২০২০ত অসম বিধানসভাত দাখিল কৰা হয় আৰু ই বিৰোধী দলসমূহৰ কোনো আপত্তি নোহোৱাকৈ ছেপ্তেম্বৰ ২০২০ত গৃহীত হয়।[1]
প্ৰশাসন
সম্পাদনা কৰকমৰাণ স্বায়ত্বশাসিত পৰিষদৰ মুঠ সদস্য ২৫জন। ইয়াৰে ২২জন সদস্য পোনপতীয়াকৈ নিৰ্বাচিত হয় আৰু ৩জন সদস্য ৰাজ্যপালে মনোনীত কৰে।[3]
২০২১ৰ জানুৱাৰীত চৰকাৰে ঘোষণা কৰে যে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰাণ স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নোহোৱা বাবে এখন অন্তৰ্ৱতীকালীন পৰিষদ গঠন কৰা হ’ব।[4]
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "Assam Assembly Passes Bills To Create Three Separate Autonomous Councils". The wire. 4 September 2020. https://thewire.in/government/assam-assembly-passes-bills-to-create-three-separate-autonomous-councils.
- ↑ Arunabh Saikia (24 March 2020). "Assam’s small ethnic groups dumped BJP over CAA. The party wooed them back – not just for elections". Scroll. https://scroll.in/article/990118/assams-small-ethnic-groups-dumped-bjp-over-caa-the-party-wooed-them-back-not-just-for-elections.
- ↑ "Formation of 3 autonomous councils: Dispur in dilemma". Sentinelassam. 20 October 2020. https://www.sentinelassam.com/guwahati-city/formation-of-3-autonomous-councils-dispur-in-dilemma-507773.
- ↑ "Assam Government To Form Four Interim Councils Soon". Sentinelassam. 9 January 2021. https://www.sentinelassam.com/topheadlines/assam-government-to-form-four-interim-councils-soon.[সংযোগবিহীন উৎস]