মৰীচিকা
মৰীচিকা (ইংৰাজী: Mirage) উত্তপ্ত মৰুভূমি অঞ্চলত সম্পূৰ্ণ বিজ্ঞানসন্মত কাৰণত হোৱা এক দৃষ্টি বিভ্ৰম। মৰীচিকাৰ সংঘটিত হয় পোহৰৰ পূৰ্ণ প্ৰতিফলনৰ ফলত। এই পৰিঘটনাত অদূৰত পানীৰ উৎস থকা যেন বোধ হয়, যদিও দৰাচলতে তেনে ধৰণৰ একো নাথাকে। খুব গৰমৰ দিনত, পকী ৰাস্তাতো এনে পৰিঘটনা দেখা পোৱা যায় আৰু ৰাস্তাত পানী পৰি আছে বুলি ভুল কৰা যায়। মৰুভূমিৰ বালিৰ গাতে লাগি থকা বায়ুস্তৰ গৰম আৰু ক্ৰমান্বয়ে ওপৰলৈ চেঁচা। উষ্ণ বায়ুৰ ঘনত্ব আৰু প্ৰতিসৰণাংক কম। গতিকে পোহৰৰ মাধ্যম হিচাপে ওপৰৰ স্তৰবোৰ ঘনতৰ আৰু তলৰ স্তৰবোৰ লঘুতৰ। ধৰা হওক, মৰুভূমিৰ মাজৰ কোনো অংশত ওখ গছ বা তেনে কোনো বস্ত্ত আছে। এতিয়া গছজোপাৰ ওপৰৰ পৰা অহা পোহৰ ৰশ্মিবোৰ তললৈ আহি থাকোতে প্ৰতিটো লঘুতৰ মাধ্যমত তাৰ কিছু প্ৰতিসৰণ ঘটিব আৰু এনেভাৱে পিছৰ স্তৰবোৰৰ বাবে আপতন কোণ বাঢ়ি যাব। প্ৰতিসাৰক মাধ্যমৰ ক্ষেত্ৰত, আপতন কোণ নিৰ্দিষ্ট মানতকৈ বেছি হ’লে প্ৰতিসৰণ নহৈ প্ৰতিফলন হয়। এই পৰিঘটনাক পোহৰৰ পূৰ্ণ প্ৰতিফলন বুলি কোৱা হয়। পোহৰৰ পূৰ্ণ প্ৰতিফলনৰ বাবে কোনো এটা স্তৰত গছডালৰ পৰা অহা পোহৰ ৰশ্মিও প্ৰতিসৰিত নহৈ প্ৰতিফলিত হৈ কোনো বাটৰুৱাৰ চকুত পৰেগৈ। তাৰ ফলত তেওঁ গছজোপাৰ ওলোটা প্ৰতিবিম্ব এটা দূৰত দেখিবলৈ পাব। যিহেতু পানী (এই ক্ষেত্ৰত পানীৰ পুখুৰী বা তেনে কোনো উৎসই দাপোন হিচাপে কাম কৰিব) থাকিলেহে একেলগে লক্ষ্যবস্ত্ত (গছ) আৰু তাৰ ওলোটা প্ৰতিবিম্ব (গছডালৰ প্ৰতিবিম্ব) দেখা পোৱাটো সম্ভৱ, গতিকে বাটৰুৱাজনে দূৰত পানীৰ উৎস আছে বুলি ভুল কৰিব।[1] এই দৃষ্টিভ্ৰমে মৰীচিকা।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, পৃষ্ঠা নং: ২৯৫
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত মৰীচিকা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |