যশস্বী ভূপেন্দ্ৰ কুমাৰ জয়ছোৱাল (ইংৰাজী: Yashasvi Jaiswal, জন্ম ২৮ ডিচেম্বৰ ২০০১) ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যি ভাৰতীয় ক্ৰিকেট দলৰ হৈ টেষ্ট আৰু টি-২০ত খেলে। ২০২৩ চনৰ জুলাই মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায় আৰু টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত শতক অৰ্জন কৰে।[2] ঘৰুৱা ক্ৰিকেটত তেওঁ মুম্বাই আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছৰ হৈ খেলে। ২০১৯ চনত তেওঁ তালিকা এ ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।[3]

যশস্বী জয়ছোৱাল
Yashasvi Jaiswal
{{{imagealt}}}
২০২৪ চনত জয়ছোৱাল
ব্যক্তিগত তথ্য
জন্ম ২৮ ডিচেম্বৰ, ২০০১ (২২ বছৰ)
সূৰ্যৱান, উত্তৰ প্ৰদেশ, ভাৰত[1]
বেটিং শৈলী বাওঁহতীয়া
বলিং শৈলী সোঁহতীয়া লেগ ব্ৰেক
ভূমিকা অপেনিং বেটাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (কেপ ৩০৬) ১২ জুলাই ২০২৩ বনাম ৱেষ্ট ইণ্ডিজ
অন্তিম টেষ্ট ৭ মাৰ্চ ২০২৪ বনাম ইংলেণ্ড
টি২০ অভিষেক (কেপ ১০৫) ৮ আগষ্ট ২০২৩ বনাম ৱেষ্ট ইণ্ডিজ
অন্তিম আন্তৰ্জাতিক টি২০ ১৭ জানুৱাৰী ২০২৪ বনাম আফগানিস্তান
টি২০ চোলা নং. ৬৪
ঘৰুৱা দলৰ তথ্য
বছৰ দল
2018/19–2022/23 মুম্বাই
২০২০–বৰ্তমান ৰাজস্থান ৰয়েলছ (squad no. ১৯)
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট ক্ৰিকেট টি২০ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট তালিকা ক
মুঠ খেল ১৭ ২১ ৩২
ৰাণ ১,০২৮ ৫০২ ২,৭০৬ ১,৫১১
বেটিং গড় ৬৮.৫৩ ৩৩.৪৬ ৭৭.৩১ ৫৩.৯৬
শতক/অৰ্ধশতক ৩/৪ ১/৪ ১২/৪ ৫/৭
সৰ্বোচ্চ ৰাণ ২১‌৪* ১০০ ২৬৫ ২০৩
বল ৪৮ ২৮৫
উইকেট 0
বলিং গড় - ৩৬.৭১
এক ইনিংছত ৫টা উইকেট 0
এখন খেলত ১০টা উইকেট 0
শ্ৰেষ্ঠ বলিং ২/৩১
কেচ্চ/ষ্টাম্পিং ৮/– ১২/– ২১/– ৮/–
উৎস: http://www.espncricinfo.com/india/content/player/1151278.html ESPNcricinfo, ১৯ ফেব্ৰুৱাৰি ২০২৪

২০২৩ চনত যশস্বী জয়ছোৱাল ২০২২ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা ভাৰতীয় দলৰ সদস্য আছিল৷ তেওঁ ২০২০ চনৰ ১৯ ​​অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত প্ৰতিযোগী দলৰ সদস্য আছিল, য'ত তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ[4] আৰু সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল ৷[5] ২০২৩ চনৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলি ৰানাৰ্ছ আপ হিচাপে অন্ত পেলোৱা ভাৰতীয় দলৰ তেওঁ ষ্টেণ্ডবাই সদস্য আছিল।[6]ইয়াৰ উপৰি তেওঁ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ প্ৰতিনিধি আছিল৷ অৱশ্যে প্ৰতিযোগিতাখনৰ কোনো এখন মেচতে তেওঁ অংশগ্ৰহণ কৰা নাছিল।

২০২৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট শৃংখলাত একেৰাহে দুখন টেষ্ট মেচত দ্বৈত শতক অৰ্জন কৰাৰ সময়ত তেওঁ বিশেষ চৰ্চা লাভ কৰিছিল৷ বিনোদ কাম্বলী আৰু বিৰাট কোহলীৰ পিছত এই কৃতিত্ব অৰ্জন কৰা তেওঁ তৃতীয় ভাৰতীয় বেটছমেন। টেষ্ট ইতিহাসত ছাৰ ডন ব্ৰেডমেন আৰু বিনোদ কাম্বলিৰ পিছত দুটা ডাবল চেঞ্চুৰী কৰা তৃতীয়জন কনিষ্ঠ ক্ৰিকেটাৰ হৈছে যশস্বী।[7] তেওঁ সুনীল গাভাস্কাৰৰ পিছত টেষ্ট শৃংখলাত ৭০০ ৰান কৰা মাত্ৰ দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয়।[8]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. B, Venkata Krishna (14 October 2018). "From Maidans to Headlines, the Aamchi Mumbai Way to Stardom". The New Indian Express. http://www.newindianexpress.com/magazine/2018/oct/14/from-maidans-to-headlines-the--aamchi-mumbai-way-to-stardom-1884217.html. 
  2. "Yashasvi Jaiswal becomes India's 17th centurion on Test debut". ESPNcricinfo. 13 July 2023. https://www.espncricinfo.com/story/wi-vs-ind-1st-test-yashasvi-jaiswal-becomes-india-17th-centurion-on-test-debut-1387280?platform=amp. 
  3. "20 cricketers for the 2020s". The Cricketer Monthly. https://www.thecricketmonthly.com/story/1224850/20-cricketers-for-the-2020s। আহৰণ কৰা হৈছে: 6 July 2020. 
  4. "Yashasvi Jaiswal's U-19 World Cup Man Of The Series Trophy Broken In 2: Report". 13 February 2020. https://sports.ndtv.com/under-19-world-cup-2020/yashasvi-jaiswals-u-19-world-cup-man-of-the-series-trophy-broken-in-2-report-2179855. 
  5. "IPL 2020: Meet Yashasvi Jaiswal who left home aged 10 to pursue cricketing dream". BBC Sport. https://www.bbc.co.uk/sport/cricket/54293925. 
  6. "WTC 2023 Final: Yashasvi Jaiswal replaces Rururaj Gaikwad in India's standby players list". India Today. 28 May 2023. https://www.indiatoday.in/sports/cricket/story/yashasvi-jaiswal-standby-india-vs-australia-wtc-final-2023-squad-2385637-2023-05-28. 
  7. https://www.hindustantimes.com/cricket/sachin-tendulkar-priceless-words-for-double-trouble-yashasvi-jaiswal-sarfaraz-khan-couldnt-see-them-play-live-101708263849857.html#:~:text=Jaiswal%20on%20Sunday%20became%20the,214%20not%20out%20on%20Rajkot.
  8. "Yashasvi Jaiswal breaks Virat Kohli’s record in first Test series at home, joins Sunil Gavaskar in elite club" (en ভাষাত). The Indian Express. 7 March 2024. https://indianexpress.com/article/sports/cricket/yashasvi-jaiswal-breaks-virat-kohli-record-test-series-700-runs-sunil-gavaskar-ind-vs-eng-9201294/.