যীশু (প্ৰায় ৪ খ্ৰীষ্টপূৰ্ব – খ্ৰীষ্টাব্দ ৩০ / ৩৩), যাক নাজাৰথৰ যীশু বা যীশু খ্ৰীষ্ট বুলিও কোৱা হয়, এজন প্ৰথম শতাব্দীৰ ইহুদী প্ৰচাৰক (ধৰ্মীয় মতবাদ) আৰু ধৰ্মীয় নেতা আছিল। তেওঁ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম; খ্ৰীষ্টান ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তি। বেছিভাগ খ্ৰীষ্টান ধৰ্মীয় লোকে বিশ্বাস কৰে যে তেওঁ ঈশ্বৰৰ অৱতাৰ পুত্ৰ আৰু প্ৰতীক্ষিত মচীহ (খ্ৰীষ্ট); যাৰ বিষয়ে হিব্ৰু (ইহুদী) বাইবেলত ভৱিষ্যতবাণী কৰা আছে।

উল্লেখনীয় যে, প্ৰায় সকলো আধুনিক পণ্ডিতে সন্মত হয় যে যীশু ঐতিহাসিকভাৱে বিদ্যমান আছিল।[1] ঐতিহাসিক যীশুৰ অন্বেষণে গছপেল (Gospel) ৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতাৰ ওপৰত আৰু নিউ টেষ্টামেণ্ট ( New Testament) ত যীশুক কিমান নিবিড়ভাৱে চিত্ৰিত কৰিছে সেই বিষয়ে কিছু অনিশ্চয়তা সৃষ্টি কৰিছে, যিহেতু যীচুৰ জীৱনৰ একমাত্ৰ অভিলেখ বোৰ গছপেল (Gospel)-ত অন্তৰ্ভুক্ত আছে।[2] যীশু এজন গালিলান ইহুদী আছিল,[3] যাক জন দ্য বেপ্টিষ্টে বেপ্টিজ্কৰন কৰিছিল আৰু তেওঁ নিজৰ পৰিচৰ্য্যা আৰম্ভ কৰিছিল। প্ৰথমতে মৌখিকভৱে তেওঁৰ শিক্ষাসমূহ সংৰক্ষণ কৰা হৈছিল[4] আৰু তেওঁক প্ৰায়ে "ৰাব্বি" বুলি কোৱা হৈছিল।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক