যোগ দৰ্শন
যোগ দৰ্শন ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম।[1][2] প্ৰাচীন, মধ্যযুগীয় আৰু আধুনিক সাহিত্যত ই প্ৰায় কেৱল 'যোগ' শব্দৰে অভিহিত।[1][3] যোগ দৰ্শন সাংখ্য দৰ্শনৰ সৈতে সম্বন্ধিত। যোগ দৰ্শনৰ নিজক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে উন্নতিৰ দিশে নিয়াৰ অধ্যয়নে আন সকলো ভাৰতীয় দৰ্শনকো প্ৰভাৱিত কৰিছে।[4][5] পতঞ্জলীৰ যোগ সূত্ৰসমূহ এই দাৰ্শনিক ধাৰাৰ মূল লেখৰ অন্যতম।[6]
অধিবিদ্যা আৰু জ্ঞানতত্ত্ব
সম্পাদনা কৰকসাংখ্য দৰ্শনৰ দৰেই যোগ দৰ্শনতো ৬ প্ৰমাণ গ্ৰহণযোগ্য।[7] প্ৰত্যক্ষ, অনুমান আৰু শব্দ এই প্ৰমাণসমূহৰ অন্যতম।[8][9] যোগ দৰ্শনৰ অধিবিদ্যা সাংখ্য দৰ্শনৰ দৰেই দ্বৈতবাদী।[6] সাংখ্য আৰু যোগ দৰ্শনত ব্ৰহ্মাণ্ড দুই বাস্তৱতাৰে গঠিত- পুৰুষ (চেতনা) আৰু প্ৰকৃতি। জীৱ এনে এক অৱস্থা য'ত পৰুষ কোনো ৰূপত প্ৰকৃতিৰে বান্ধ খাই থাকে, ভিন্ন তত্ত্ব, অনুভৱ, কৰ্ম, মন আদিৰ মিশ্ৰণ ৰূপে।[10] ভাৰসাম্যহীন অৱস্থাত, কোনো এক অংশ আন অংশসমূহতকৈ অধিক প্ৰভাৱশালী হৈ পৰে, এক বান্ধোনৰ সৃষ্টি হয়। এই বান্ধোনৰ অন্তই মোক্ষ। [11] যোগ দৰ্শনৰ নীতিশাস্ত্ৰ সাংখ্য দৰ্শনৰ গুণৰ ধাৰণাৰ লগতে যম আৰু নিয়মৰ ওপৰত আধাৰিত।[6]
আন ভাৰতীয় দৰ্শনৰ সৈতে সম্বন্ধ
সম্পাদনা কৰকযোগ দৰ্শন আৰু সম্বন্ধিত ঈশ্বৰহীন সাংখ্য দৰ্শনৰ মাজৰ পাৰ্থক্য ই যে যোগ দৰ্শনত এক "ব্যক্তিগত, কিন্তু নিষ্ক্ৰিয়, আৰাধ্য" বা "ব্যক্তিগত ঈশ্বৰ"ৰ ধাৰণাক স্থান দিয়া হয়।[12][13][14] তদুপৰি, সাংখ্য দৰ্শনানুযায়ী, মোক্ষ প্ৰাপ্তিৰ বাবে জ্ঞান পৰ্যাপ্ত, কিন্তু যোগ দৰ্শনানুযায়ী সাংখ্য দৰ্শনে গুৰুত্ব দিয়া জ্ঞানৰ লগতে ব্যৱস্থিত পদ্ধতি আৰু অভ্যাস, বা ব্যক্তিগত পৰীক্ষণৰ সংমিশ্ৰণ মোক্ষ প্ৰাপ্তিৰ পথ।[6] যোগ দৰ্শন আৰু অদ্বৈত বেদান্তৰ মাজতো সামঞ্জস্য দেখা যায়। পিচে যোগ দৰ্শন পৰীক্ষামূলক ৰহস্যবাদহে।[15][16][17] অদ্বৈত বেদান্তৰ লগতে আনা আন হিন্দু দৰ্শনেও যোগ দৰ্শনক স্বীকৃতি প্ৰদান কৰে, গ্ৰহণ কৰে আৰু এই দৰ্শনৰ কেইবাটাও শিক্ষাৰ ওপৰত ভিত্তি কৰি অনেক কৰ্ম কৰিছে।
উদ্ধৃতি
সম্পাদনা কৰক- ↑ 1.0 1.1 Knut Jacobsen (2008), Theory and Practice of Yoga, Motilal Banarsidass,
- ↑ Maurice Phillips (Published as Max Muller collection), The Evolution of Hinduism, Origin and Growth of Religion, p. 8, গুগুল বুকচ্ত, PhD. Thesis awarded by University of Berne, Switzerland, page 8
- ↑ Mike Burley (2012), Classical Samkhya and Yoga – An Indian Metaphysics of Experience, Routledge, আই.এচ.বি.এন. 978-0-415-64887-5, pages 43-46 and Introduction chapter
- ↑ Mike Burley (2012), Classical Samkhya and Yoga – An Indian Metaphysics of Experience, Routledge, আই.এচ.বি.এন. 978-0-415-64887-5, pages 20-29
- ↑ Roy Perrett, Indian Ethics: Classical traditions and contemporary challenges, Volume 1 (Editor: P Bilimoria et al), Ashgate, আই.এচ.বি.এন. 978-0-7546-3301-3, pages 149-158
- ↑ 6.0 6.1 6.2 6.3 Edwin Bryant (2011, Rutgers University), The Yoga Sutras of Patanjali IEP
- ↑ John A. Grimes, A Concise Dictionary of Indian Philosophy: Sanskrit Terms Defined in English, State University of New York Press, আই.এচ.বি.এন. 978-0-7914-3067-5, page 238
- ↑ Larson 1998, পৃষ্ঠা 9
- ↑ Eliott Deutsche (2000), in Philosophy of Religion : Indian Philosophy Vol 4 (Editor: Roy Perrett), Routledge, আই.এচ.বি.এন. 978-0-8153-3611-2, pages 245-248;
- ↑ Samkhya – Hinduism Encyclopædia Britannica (2014)
- ↑ Gerald James Larson (2011), Classical Sāṃkhya: An Interpretation of Its History and Meaning, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120805033, pages 36-47
- ↑ Mike Burley (2012), Classical Samkhya and Yoga – An Indian Metaphysics of Experience, Routledge, আই.এচ.বি.এন. 978-0-415-64887-5, page 39-41
- ↑ Lloyd Pflueger, Person Purity and Power in Yogasutra, in Theory and Practice of Yoga (Editor: Knut Jacobsen), Motilal Banarsidass, আই.এচ.বি.এন. 978-8120832329, pages 38-39
- ↑ Kovoor T. Behanan (2002), Yoga: Its Scientific Basis, Dover, আই.এচ.বি.এন. 978-0-486-41792-9, pages 56-58
- ↑ Phillips, Stephen H. (1995). Classical Indian Metaphysics: Refutations of Realism and the Emergence of "New Logic". Open Court Publishing. পৃষ্ঠা. 12–13.
- ↑ Personalism Stanford Encyclopedia of Philosophy (2013)
- ↑ Northrop Frye (2006), Educated Imagination and Other Writings on Critical Theory, 1933–1962, University of Toronto Press, আই.এচ.বি.এন. 978-0-8020-9209-0, page 291