যোৰানাম

  অসমীয়া বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা লঘু সুৰৰ কৌতুকপূৰ্ণ গীতসমূহক যোৰা নাম বুলি কোৱা হয়।নামনি অসমত এই গীতসমূহক খিচা গীত বুলিও কোৱা হয়। আয়তীসকলে যোৰানাম গাই বিয়াঘৰত এটা মোহনীয় পৰিৱেশৰ সৃষ্টি কৰে।অসমীয়া বিয়ানামৰ এটা বিশেষ ভাগ যোৰানামসমূহ অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ।

যোৰানামৰ শ্ৰেণীবিভাগ -

       পৰিৱেশনৰ ওপৰত ভিত্তি কৰি যোৰানামসমূহক আমি দুটা ভাগত ভগাব পাৰো।সেইকেইটা হৈছে-

      ১/বৰবিয়াত গোৱা যোৰা নাম বা ঠেলানাম।

       ২/শৰাই বিচাৰি গোৱা যোৰানাম।

বৰবিয়াত কইনাঘৰীয়া মানুহে দৰাঘৰীয়া মানুহক জোকাবলৈ বা ঠাট্টা-মস্কৰা কৰিবলৈ যোৰানাম গায় আৰু দৰাঘৰীয়া মানুহেও যোৰানামৰ জৰিয়তেই কথাৰ উত্তৰ দিয়ে।দৰাপক্ষ আৰু কইনাপক্ষৰ মাজত কথাৰ কটাকটি হয় আৰু এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে।বৰবিয়াত গোৱা যোৰানামক ঠেলানাম বুলিও কোৱা হয়।উদাহৰণ -

১/কইনাঘৰ - ৰভা খুটা সেলেকা

দৰাঘৰৰ মানুহবোৰৰ চকুকেইটা টেলেকা।

২/দৰাঘৰ - টেলেকা যদি টেলেকা আমি খোৱা পাতবোৰ তোমালোকে চেলেকা।

৩/কইনাঘৰ - গছৰ তিতা ভেকুৰী গছৰ তিতি ভেকুৰী দৰাঘৰৰ মানুহবোৰ সাইলাখ বোন্দা মেকুৰী।

৪/দৰাঘৰ - চাদৰত দিয়া ৰাণীপাল ,কইনাঘৰৰ নামতি কোন কলেজৰ প্ৰিন্সিপাল?

৫/কইনাঘৰ - আম খৰি কেঁচা,দৰাঘৰৰ মানুহবোৰ গছত থকা ফেঁচা।

৬/দৰাঘৰীয়া -ব্ৰক্ষ্মপুত্ৰৰ চাপৰি,কইনাঘৰৰ নামতি ৰাছিয়ান গাহৰি।

৭/কইনাঘৰীয়া - আলুগুটি দম দম কচু গুটি দম দম দৰাঘৰৰ মানুহবোৰক তামোলৰ গাঁতত পুতি থম।

৮/ দৰাঘৰীয়া - ৰেলৰ ডবা তেলৰ টিং কইনা ঘৰৰ নামতিৰ নাক নহয় মহৰ শিং।

    এনেদৰে বিভিন্ন ধেমেলীয়া কথাৰ অৱতাৰণা কৰি  কইনাৰ ঘৰত ৰং ধেমালী কৰা হয়।বৰবিয়াৰ লগতে তোলনী বিয়া বা শান্তি বিয়াতো যোৰা নাম গোৱা হয়। এই যোৰানাম সাধাৰণতে শৰাই বিচাৰি গায়।আয়তীসকলে যোৰানামৰ জৰিয়তে মামা-মামী,পেহা-পেহী,খুৰা-খুৰী আদি মিতিৰ কুটুম্বক সমাজৰ মাজলৈ মাতি আনে আৰু চিনা-পৰিচয় হয়।মিতিৰৰ লোকসকলেও মাননিসহ তামোল-পাণেৰে শৰাই আগবঢ়াই ৰাইজৰ আৰ্শীবাদ গ্ৰহণ কৰে।আয়তীসকলে গান গাই নচুৱাই আনন্দমুখৰ পৰিবেশ এটাৰ সৃষ্টি কৰে আৰু এইবোৰৰ জৰিয়তে মানুহৰ মাজত চা-চিনাকি, মিলা-প্ৰীতিৰ ভাৱ বৃদ্ধি পায়।        আয়তীসকলে প্ৰথমে গৃহস্থৰ পৰা যোৰানাম গাবলৈ অনুমতি বিচাৰি গায় -

    "অ' ৰঘুপতি যোৰানাম গাবলৈ দিয়ক অনুমতি"        তাৰপাছত একাদিক্ৰমে মিতিৰ কুটুম্ব বংশ পৰিয়ালক যোৰানাম যোৰা হয়।উদাহৰণ-

    ১/ আমডালি গাঁঠিছো,দৰ্জাই দৰ্জাই আঁৰিছো,আইদেউৰ ককায়েকক সমাজলৈ মাতিছো।সমাজলৈ আহিবা শুদা হাতে নাহিবা,দোকানৰ মৰ্টনে শৰাই ভৰাই আনিবা।

২/উনাপি জুনাপি আমি অচিনাকী,আইদেউৰ মহায়েকে দিবনে চিনাকি।আহকচোন মহাদেউ চিনাকি হঁও আপোনাৰ ঘৰৰে পৰিচয় লঁও।

      ৩/পুঠিমাছে কমালে ,জেঙৰ তলত সোমালে ।আইদেউৰ মামীয়েকে পাউদাৰ ঘঁহি নাহিলে।টেবুলতে পাউদাৰ থৈ, তাৰে অলপ ঘঁহি লৈ,ওলাই আহক মামীদেউ হাতত এখন শৰাই লৈ।

       আয়তীসকলে যোৰানাম যোৰা ব্যক্তিজনে সমাজলৈ ওলাই আহোতে পলম হ'লে আকৌ গায় -

      ১/চাকি ঐ লেম

আজিচোন দদাইদেৱে জুৰিছে ভেম।

      ২/যঁতৰৰ শলা সঁচাকৈ মহাদেউৰ কাণ দুখন কলা।কলা যি কলা ঐ আচৰিত কলা ,চিঞৰি থাকিলেও নোশুনা হ'লা।

       ৩/বীণ বাজে বাজেনে তবলা বাজে বাজেনে এখন শৰাই সজাওতেই ইমান সময় লাগিনে?

         পৰিস্থিতিৰ লগত ৰজিতা খুৱাই কেতিয়াবা যোৰানাম গোৱা হয়।যেনে -

     ১/ধুনীয়া গোলাপ ফুল ফুলেনে ডালত ,ধুনীয়া ঘড়ীতো পেহাদেউৰ হাতত।দিনটোত দুবাৰকৈ কাপোৰ যোৰ সলাই,বাইকখন নহ'লে ৰাস্তালৈ নোলায়।হাততে জিলিকে ঘড়ীৰে চেইন,পকেটত জিলিকে সুলেখা পেন।

       ২/মুগাৰিহাৰ খুচনি,আইদেউৰ এনায়েক মণিপুৰৰ নাচনী।

       ৩/ৰংঘৰৰ ৰঙিলী,পকাঘৰৰ খিৰিকি ,আইদেউৰ এপায়েকে গাড়ীত আহে জিলিকি।

      তোলনী বিয়াৰ কইনা সজোৱা ছোৱালীজনীকো যোৰানাম গাই জোকোৱা দেখা যায়।যেনে-

     ১/অ' মন তৰা কইনা সজাবলৈ আহে ক'ৰ পৰা?জানিছো আহিছে লণ্ডনৰ লেডী,কইনা সজাবলৈ আহিছে খেদি।চকুলৈ কি চাবা বোন্দা মেকুৰী,মুখলৈ কি চাবা পোতা পুখুৰী।হাতলৈ কি চাবা ফৰিঙৰ ঠেং,ভৰিলৈ কি চাবা বাঁহৰে জেং।

       শৰাই গ্ৰহণ কৰি আৰ্শীবাদ দি আয়তীয়ে গাই -

       ১/বনে বনে ফুৰিলো,বনৰ মালা গাঁঠিলো ,বেয়া নাপাব দেই ,ধেমালীহে কৰিলো।

       ২/চৰাই উৰে পূৱলৈ, ৰাতি আহে বাহলৈ ,আৰ্শীবাদ কৰিছো কুশলে থাকিবলৈ।

নাৰীৰ সম্পত্তি-

        বিবাহ উৎসৱৰ বিভিন্ন উপলক্ষ্যৰ লগত ৰজিতা খুৱাই থিতাতে ৰচনা কৰি বিয়ানামসমূহ পৰিৱেশন কৰা হয় যদিও এইবোৰৰ মাজেৰে নাৰীমনৰ বিচিত্ৰ অনুভূতি প্ৰকাশ পায়।বৰ্তমান সময়ত বিয়ানামসমূহৰ বিভিন্ন সংগ্ৰহ প্ৰকাশ পাইছে।জনসমাজ মুখৰিত কৰি তোলা এই বিয়ানামসমূহক নাৰীসকলৰ একচেটিয়া সম্পত্তি বুলি ক'ব পাৰি।


তথ্যদাতা - কোঁৱৰ ৰূমী