ল'ৰা বন্ধু (শিশু আলোচনী)

অসমীয়া ভাষাৰ শিশু আলোচনী

ল’ৰাবন্ধু ১৮৮৮ চনত[1] (১৮৮৩ চনত[2]) নগাঁওৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখনি শিশু আলোচনী৷ এইখন অসমৰ প্ৰথম শিশু আলোচনী৷[3][4][5] ইয়াৰ সম্পাদক আছিল গুণাভিৰাম বৰুৱাৰ বৰপুত্ৰ কৰুণাভিৰাম বৰুৱা৷ ষোল্ল বছৰ বয়সতে আলোচনী সম্পাদনা কৰা কৰুণাভিৰাম বৰুৱাৰ অকালতে মৃত্যু হোৱাত মাত্ৰ দুটা সংখ্যা প্ৰকাশ হোৱাৰ পিছত আলোচনীখন বন্ধ হৈ যায়৷[6]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. নেওগ, মহেশ্বৰ (১৯৯৫ (অষ্টম প্ৰকাশ)). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২৩৬. 
  2. নেওগ, ডিম্বেশ্বৰ (১৯৯৯ (অষ্টম প্ৰকাশ)). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. শুৱনী প্ৰকাশ. পৃষ্ঠা. ৩৫৪. 
  3. শৰ্মা, হেমন্ত কুমাৰ (১৯৯১). অসমীয়া সাহিত্যত দৃষ্টিপাত. বীণা লাইব্ৰেৰী. পৃষ্ঠা. ৩৭৬. 
  4. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৬
  5. "প্ৰিয়বন্ধু উন্মোচন...". https://www.asomiyapratidin.in/homepage/nagaon-is-the-birth-place-of-childrens-magazine। আহৰণ কৰা হৈছে: 21 June 2024. 
  6. ফুকন, প্ৰসন্ন কুমাৰ (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃষ্ঠা. ৩২০.