মূল মেনু খোলক

লাক্ষাদ্বীপ

ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল
(লক্ষদ্বীপৰ পৰা পুনঃনিৰ্দেশিত)

লাক্ষাদ্বীপ বা লক্ষদ্বীপ যি পৃৰ্বতে লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি দ্বীপপুঞ্জ নামৰে পৰিচিত আছিল,[2] হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ পৰা ২০০-ৰ পৰা ৪৪০ কিলোমিটাৰ দূৰত্বত আৰৱ সাগৰত অৱস্থিত দ্বীপপুঞ্জৰ সমূহ। দ্বীপপুঞ্জটো ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। যদিও এই অঞ্চলটো লাক্ষাদ্বীপ নামেৰে পৰিচিত, দৰাচলতে এয়া কেৱল ভৌগোলিকভাবে দ্বীপপুঞ্জৰ কেন্দ্ৰীয় দ্বীপসমূহৰ নাম। লাক্ষাদ্বীপৰ অৰ্থ সংস্কৃত আৰু মালয়ালম ভাষাত "এক লাখ দ্বীপ"।[3] ৩২ বৰ্গ কিলোমিটাৰ (১২ বৰ্গ মাইল) মাটিকালিৰে লাক্ষাদ্বীপ হৈছে ভাৰতৰ সবাটোতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল। লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাৱাৰট্টী। সমগ্ৰ অঞ্চলটো ১০ ​​টা মহকুমাৰে গঠিত এখন জিলা ৰূপে পৰিচালিত হয় আৰু ই কেৰেলা উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ অম্তৰ্গত।

লাক্ষাদ্বীপ
—  কেন্দ্ৰীয় শাসিত অঞ্চল  —
কাৱাৰট্টী দ্বীপ, লাক্ষাদ্বীপৰ এক দ্বীপ
দেশ  ভাৰত
প্ৰতিষ্ঠা ১ নৱেম্বৰ ১৯৫৬
ৰাজধানী কাৱাৰট্টী
মাটিকালি
 - মুঠ ৩২.৬ কি.মি. 
(১২.৬ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৩৬তম
জনসংখ্যা (২০১৮ অনুমানিক)
 - মুঠ ৭৮,৫৬৮ জন
 - জনঘনত্ব ২,৪১০.১ প্ৰতি বৰ্গ কি.মি. 
(৬,২৪২ প্ৰতি বৰ্গ মাইল)
ভাষা[1]
 - আধিকাৰিক মালয়ালম ভাষা, ইংৰাজী ভাষা
 - কথিত জেচেৰী উপভাষা, দিভেহি ভাষা
নৃগোষ্ঠীয় তথ্য
 - জাতিগত গোষ্ঠী ≈৮৩% মালয়ালী
≈১৭% মালদ্বীপীয় লোক
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-LD
যানবাহনৰ নম্বৰ LD, LH
জিলাৰ সংখ্যা
বৃহত্তম চহৰ এণ্ডৰট
HDI বৃদ্ধি ০.৭৯৬ (উচ্চ, ২০০৫)
সাক্ষৰতা হাৰ ৯১.৮৫%
ৱেবছাইট lakshadweep.gov.in

দ্বীপপুঞ্জটোত কোনো প্ৰাচীন আদিবাসী বাসিন্দা নাই। ইতিহাসবিদসকলে এই দ্বীপপুঞ্জটোত বসতি স্থাপনৰ ইতিহাসৰ সম্পৰ্কে ভিন্ন মতপোষণ কৰিছে। খ্ৰীষ্টপূৰ্ব ১৫০০ শতিকাত অঞ্চলটোত মানৱ বসতিৰ পুৰাতাত্বিক প্ৰমাণ পোৱা গৈছে। দ্বীপপুঞ্জটো প্ৰাচীন কালৰে পৰাই নাৱিকসকলৰ মাজত পৰিচিত আছিল। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ বৌদ্ধ জাতকৰ কাহিনীত এই দ্বীপপুঞ্জটোৰ কথা উল্লেখ আছে। সপ্তম শতিকাত এই অঞ্চলত মুছলমানসকলৰ আগমণ হয় আৰু ইয়াত ইছলাম ধৰ্মৰ প্ৰতিষ্ঠা হয়। মধ্যযুগত এই অঞ্চলটো চোল সাম্ৰাজ্য আৰু কুন্নুৰৰ ৰাজ্যৰ দ্বাৰা শাসিত আছিল। কেথলিক পৰ্তুগীজসকলৰ ইয়ালৈ আগমণ হয় ১৪৯৮ চনত, পিছে ১৫৪৫ চনত দ্বীপটোৰ পৰা তেওঁলোকক বহিষ্কৃত কৰা হয়। ইয়াৰ পাছতে অঞ্চলটো প্ৰথমে আৰাক্কালৰ মুছলিম হাউচৰ দ্বাৰা আৰু তাৰ পাছত টিপু চুলতানৰ দ্বাৰা শাসিত হয়। ১৭৯৯ চনত টিপু চুলতানৰ মৃত্যুৰ পাছত এই অঞ্চলটোৰ অধিকাংশই ব্ৰিটিছৰ হাতলৈ যায়। ব্ৰিটিছসকলৰ প্ৰস্থানৰ পাছত ১৯৫৬ চনত দ্বীপপুঞ্জটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যদা পায়।

বৰ্তমানে লাক্ষাদ্বীপৰ দহটা দ্বীপত মানুহে বসবাস কৰে। ২০১১ চনৰ লোকপিয়ল অনুসাৰি এই কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ জনসংখ্যা ৬৪,৪৭৩ জন। অঞ্চলটোৰ গৰিষ্ঠসংখ্যাক খিলঞ্জীয়া লোক ইছলাম ধৰ্মী চুন্নী সম্প্ৰদায়ৰ। জাতিগতভাবে দ্বীপপুঞ্জটোৰ লোকসকলৰ মিল ভাৰতৰ নিকটতম ৰাজ্য কেৰেলাৰ মালয়ালী লোকসকলৰ সৈতে আছে। ইয়াৰ বেছিভাগ লোকেই মালয়ালম ভাষা আৰু জেচেৰী নামৰ মালয়ালমৰ এক উপভাষা ব্যৱহাৰ কৰে। কেৱল মিনিকয় দ্বীপত সৰ্বাধিক প্ৰচলিত ভাষাটো হৈছে মাহি বা দিভেহি ভাষা। দ্বীপপুঞ্জটো আগাটি দ্বীপৰ এক বিমানবন্দৰ দ্বাৰা ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোজিত হৈছে। অঞ্চলটোৰ লোকসকলৰ প্ৰধান পেচা হৈছে মাছ মৰা আৰু নাৰিকলৰ খেতি কৰা। টুনা মাছ হৈছে অঞ্চলটোৰ পৰা ৰপ্তানি কৰা প্ৰধান সামগ্ৰী।

ভূগোলসম্পাদনা কৰক

লাক্ষাদ্বীপ ১২ টা প্ৰবাল-দ্বীপ, ৩ টা ৰিফ আৰু ৫ টা জল-প্লাৱিত তীৰৰে এক দ্বীপপুঞ্জ য'ত সৰ্বমুঠ ৩৯ দ্বীপ আছে। দৰাচলতে এই ৰিফ কেইটাও পানীত ডুব গৈ থকা প্ৰবাল-দ্বীপহে, ইয়াৰ কেৱল গছ-গছনি নথকা কিছু বালিময় অংশ জলপৃষ্ঠৰ ওপৰত দেখা যায়।[4] দ্বীপপুঞ্জটোৰ দহটা দ্বীপত মানুহৰ বসতি আছে, বাকীবোৰত নাই। দেশী পৰ্যাটকক ইয়াৰে ৬ টা দ্বীপলৈ যোৱাৰ অনুমতি আছে, আন্যহাতে বিদেশী পৰ্যাটকক কেৱল ২ টা দ্বীপ (আগাটি আৰু বংগাৰাম)-লৈ যোৱাৰ অনুমতি আছে। লাক্ষাদ্বীপ প্ৰধান দ্বীপসমূহ হৈছে কাৱাৰট্টী, আগাটি, মিনিকয় আৰু আমিনী।

প্ৰশাসনসম্পাদনা কৰক

লাক্ষাদ্বীপৰ সমগ্ৰ অঞ্চলটোক লৈ এক জিলা গঠন কৰা হৈছে। জিলাখন ভাৰতৰ সংবিধানৰ ২৩৯ অনুচ্ছেদৰ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত প্ৰশাসকৰ দ্বাৰা পৰিচালিত হয়। জিলাখনক দহটা মহকুমাত ভগোৱা হৈছে। মিনিকয় আৰু আগাটি মহকুমা এক উপায়ুক্তৰ অধীনত আৰু বাকী আঠটা দ্বীপৰ উন্নয়নমূলক কাম মহকুমাধিপতীৰ হাতত অৰ্পন কৰা হৈছে। উপায়ুক্ত তথা ডেভেলপমেন্ট কমিছনাৰ জনে দ্বীপপুঞ্জটোৰ জিলা প্ৰশাসনৰ কাম, ৰাজহ, ভূমি বন্দোবস্ত, আইন-শৃঙ্খলা আদি কাম তদাৰক কৰে। জিলাখনৰ সদৰ কাৱাৰট্টীত অৱস্থিত।[5] দ্বীপপুঞ্জটো কেৰেলা উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ অম্তৰ্গত।[6] লাক্ষাদ্বীপত ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ এখন আসন আছে।[7]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "50th Report of the Commissioner for Linguistic Minorities in India". 16 July 2014. পৃষ্ঠা: 109. Archived from the original on 8 July 2016. https://web.archive.org/web/20160708012438/http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf. 
  2. "The Laccadive, Minicoy and Aminidivi Islands (Alteration Of Name Act), 1973". The Indian Lawyer. 26 August 1973. http://theindianlawyer.in/statutesnbareacts/acts/l2.html। আহৰণ কৰা হৈছে: 9 May 2012. 
  3. "Lakshadweep". encyclopedia.com. Archived from the original on 27 January 2010. https://web.archive.org/web/20100127104251/http://www.encyclopedia.com/topic/Lakshadweep.aspx। আহৰণ কৰা হৈছে: 1 August 2012. 
  4. "Location, Area and Population". lakshadweep.nic.in. http://lakshadweep.nic.in/KL_locationAreaPopulation.html। আহৰণ কৰা হৈছে: 1 August 2012. 
  5. "Administrative Setup". lakshadweep.nic.in. http://lakshadweep.nic.in/administration.html। আহৰণ কৰা হৈছে: 1 August 2012. 
  6. "Judicial Setup". lakshadweep.nic.in. http://lakshadweep.nic.in/judicialsetup.html। আহৰণ কৰা হৈছে: 1 August 2012. 
  7. "Our Parliament". parliamentofindia.nic.in. http://www.parliamentofindia.nic.in/ls/intro/p1.htm। আহৰণ কৰা হৈছে: 1 August 2012. 

অতিৰিক্ত পঠনসম্পাদনা কৰক

  • R. C. Majumdar (1979) The History of Ancient Lakshadweep, Calcutta.

বাহ্যিক সংযোগসম্পাদনা কৰক