লক্ষীমপুৰ সাহিত্য সভা উত্তৰ লক্ষীমপুৰ সাহিত্য সভা নামেৰে অসম সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে অৰ্থাৎ ১৯১২ চনত গঠিত হয় । ইয়াৰ প্ৰতিস্থাপক সভাপতি আছিল নীলকণ্ঠ গোহাঞিবৰুৱা আৰু সম্পাদক আছিল ডম্বৰুধৰ গগৈ৷[1] পিছত ই “লক্ষীমপুৰ জিলা সাহিত্য সভা’’ নামেৰে পৰিচিত হয়৷ তেতিয়াৰ পৰা অসম সাহিত্য সভাৰ দ্বিতীয় স্তৰৰ শাখা হিচাপে প্ৰায় ৪৫টা শাখাৰে লক্ষীমপুৰ জিলা সাহিত্য সভাই কাম কৰি আছে৷

ইতিবৃত্ত সম্পাদনা কৰক

অসম সাহিত্য সভা গঠন হোৱাৰ পূৰ্বে ১৯১২ চনতেই [পদ্মনাথ গোহাঞিবৰুৱা]]ৰ ভাতৃ নীলকণ্ঠ গোহাঞিবৰুৱা, পানীন্দ্ৰ গগৈ, ডম্বৰুধৰ গগৈৰ আদিৰ নেতৃত্বত “উত্তৰ লক্ষীমপুৰ সাহিত্য সভা’’ গঠিত হৈছিল৷ নীলকণ্ঠ গোহাঞিবৰুৱা আছিল প্ৰতিষ্ঠাপক সভাপতি৷ তেওঁৰ পিছত এই দায়িত্ব বহন কৰিছিল, সৰ্বেশ্বৰ বৰুৱা৷ তাৰপিছত, ১৯১৭ চনত অসম সাহিত্য সভা গঠিত হয়৷ প্ৰথমাৱস্থাত অসম সাহিত্য সভা দুতৰপীয়া আছিল৷ পিছত ই তিনিতৰপীয়া অৰ্থাৎ শাখা, জিলা আৰু কেন্দ্ৰীয় এনেকুৱা স্তৰৰ হৈছেগৈ৷ ১৯৮২ চনত লক্ষীমপুৰ জিলা সাহিত্য পৰিষদ গঠন কৰা হয়৷ ১৯৮৪-৮৫ চনত পৰিষদৰ ঠাইত সভা নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত কৰি “লক্ষীমপুৰ জিলা সাহিত্য সভা’’ কৰা হয়৷ তেতিয়াৰে পৰা লক্ষীমপুৰ জিলা সাহিত্য সভাৰ সভাপতিসকল আছিল:[1]

ক্ৰমিক নং সভাপতি সম্পাদক কাৰ্যকাল
হৰেন্দ্ৰনাথ গোস্বামী হেমচন্দ্ৰ শইকীয়া ১৯৮২ -
গোলাপ হাজৰিকা চন্দ্ৰকান্ত শৰ্মা -১৯৮৫
হৰেন্দ্ৰনাথ দেৱগোস্বামী কৃষ্ণ বৰা ১৯৮৫- ১৯৮৭
মোহন চন্দ্ৰ ভূঞা চুচেন ভিতৰুৱাল কোঁৱৰ ১৯৮৭-১৯৮৮
বিশ্ব বৰুৱা ৰমেন শইকীয়া ১৯৮৮-১৯৯১
তাৰিণী চৌধুৰী নবীন চেতিয়া ১৯৯১-১৯৯২
তাৰিণী চৌধুৰী যুগল দোলাকাষৰীয়া ১৯৯২-১৯৯৩
হেমচন্দ্ৰ শইকীয়া যুগল দোলাকাষৰীয়া ১৯৯৩-১৯৯৫
চন্দ্ৰকান্ত শৰ্মা বিপুল শৰ্মা বৰুৱা ১৯৯৫-১৯৯৭
১০ মাধৱ দত্ত বিপুল শৰ্মা বৰুৱা ১৯৯৭-১৯৯৮
১১ মাধৱ দত্ত নিৰন কুমাৰ বৰা ১৯৯৮-১৯৯৯
১২ হেমন্ত কুমাৰ বৰুৱা ৰঞ্জন কুমাৰ দত্ত ২০০২-২০০৫
১৩ চন্দ্ৰনাথ শইকীয়া খগেন গগৈ ২০০৫-২০০৭
১৪ স্বপ্না চেতিয়া গগৈ উপেন কুমাৰ বৰুৱা ২০০৭-২০০৯
১৫ ডা° হৰেন শইকীয়া হিৰণ্য সভাপণ্ডিত (আব্দুল বছিৰ-ভাৰপ্ৰাপ্ত) ২০০৯-২০১১
১৬ নিত্যানন্দ সেনাপতি আব্দুল বাছিৰ ২০১১-২০১৩
১৭ নিৰন কুমাৰ বৰা বিপুল শৰ্মা বৰুৱা ২০১৩-২০১৫
১৮ কৃষ্ণ বৰা বিপুল শৰ্মা ২০১৫-২০১৭
১৯ সপোন কুমাৰ দত্ত বীৰেন বৰদলৈ ২০১৮-২০২০
২০ বিপুল শৰ্মা বৰুৱা নৱ কমল বৰা ২০২০-

উত্তৰ লক্ষীমপুৰ সাহিত্য সভা সম্পাদনা কৰক

নীলকণ্ঠ গোহাঞিবৰুৱাই ১৯১২ চনৰ পৰা ১৯৪১ চনলৈ উত্তৰ লক্ষীমপুৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেতৰ কাৰ্যকালত দুজন সম্পাদক ক্ৰমে ডম্বৰুধৰ গগৈ আৰু আনন্দৰাম হাজৰিকা৷ দ্বিতীয়জন সভাপতি আছিল, সৰ্বেশ্বৰ বৰুৱা৷ এওঁৰ কাৰ্যকালত চাৰিজন বিশিষ্ট ব্যক্তিয়ে সম্পাদকৰ দায়িত্ব বহন কৰিছিল; বিশ্বনাৰায়ণ শাস্ত্ৰী, যোগানন্দ বৰগোঁহাই, মহেন্দ্ৰ সভাপণ্ডিত আৰু ললিত চন্দ্ৰ বৰুৱাই৷ সৰ্বেশ্বৰ বৰুৱাৰ পিছত, চিৰাজুল হক বৰুৱা, যোগানন্দ বৰগোঁহাই, হেমকান্ত ভট্টাচাৰ্য, লীলাকান্ত দেউৰী ভঁৰালী, হেমচন্দ্ৰ শইকীয়া, দীপাঞ্জলী দত্ত আদিয়ে “উত্তৰ লক্ষীমপুৰ সাহিত্য সভা’’ৰ নেতৃত্ব বহন কৰে৷[2]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 দত্ত, মাধৱ (ফেব্ৰুৱাৰী ২০২৩). "লক্ষীমপুৰ জিলা সাহিত্য সভাৰ এটি অৱলোকন". নাৰায়ণপুৰ দৰ্পন: ৪১৩. 
  2. হাওবৰা, বন্তি গগৈ (ফেব্ৰুৱাৰী ২০২৩). "শতবৰ্ষৰ ঐতিহ্যৰে উত্তৰ লক্ষীমপুৰ সাহিত্য সভা". নাৰায়ণপুৰ দৰ্পন, (অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ স্মৃতিগ্ৰন্থ): ৪১৬-১৮.