লক্ষ্মীৰাম বৰুৱা

অসমৰ এগৰাকী সংগীতজ্ঞ আৰু সাহিত্যিক


"লক্ষ্মীৰাম বৰুৱা" অসমৰ এগৰাকী সংগীতজ্ঞ আৰু সাহিত্যিক। তেখেত আধুনিক অসমীয়া সংগীতৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাটকটীয়া স্বৰূপ আছিল।

লক্ষ্মীৰাম বৰুৱা
জন্ম উত্তৰ গুৱাহাটী, শিলসাঁকো, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰ্ম হিন্দু

জন্ম আৰু বাল্যকাল সম্পাদনা কৰক

উত্তৰ গুৱাহাটীৰ শিলসাঁকোত বেথাৰাম বৰুৱাৰ ঔৰষত আৰু সেউতী বৰুৱানীৰ গৰ্ভত লক্ষ্মীৰাম বৰুৱাৰ জন্ম হয়। সৰুকালতেই তেঁও মাক দেউতাকক হেৰুৱাব লগা হৈছিল।[1]

সংগীত সাধনা সম্পাদনা কৰক

আধুনিক অসমীয়া সংগীতৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাটকটীয়া লক্ষ্মীনাথ বৰুৱাই বান ৰংগমঞ্চৰ সংগীত অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। ১৯০৯ চনত তেখেতৰ সংগীত বিষয়ক প্ৰথম পুথি "সঙ্গীত-কোষ" প্ৰকাশ পায়। জাতীয় সংগীত, বিবিধ সংগীত আৰু পুৰণি সংগীত নামেৰে তিনিটা শিতানত এই পুথিত ৪২২ টা গীত সন্বিবিষ্ট কৰা হৈছে, আৰু লগতে গীতসমূহৰ ৰাগ আৰু তালো উল্লেখ কৰা হৈছে।বৰুৱাদেৱে অসমৰ থলুৱা গীত-মাতো ছপা আকাৰে প্ৰকাশ কৰিছিল।

সাহিত্য কৃতি সম্পাদনা কৰক

বৰুৱাদেবৰ ৰচনাৱলী মূলত: সংগীত সম্বন্ধীয়। তেখেতৰ ৰচিত পূথি সমূহ হ'ল

  • সংগীত কোষ - ১৯০৯ চন
  • সংগীত সাধনা- ১৯১০ চন
  • শিক্ষা সহচৰ- ( ছাত্ৰ-ছাত্ৰীৰ বাবে তৈয়াৰ কৰা থলুৱা গীতৰ স্বৰলিপিৰ সংকলন। ইয়াত বৰুৱাৰ বাদেও আন লোকৰ ৰচনা আছে)


উষা আলোচনীত প্ৰকাশিত সংগীত বিষয়ক প্ৰৱন্ধ

  • নানাবিধ সাংগীতিক ব্যাখ্যা
  • বাদ্য যন্ত্ৰাদিৰ কথা
  • মাৰ্গ আৰু দেশী সংগীত
  • গায়ক আৰু বাদক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. " বৰেণ্য, নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ, ২০১২