লাখৰ গীত হৈছে নামনি অসমৰ অঞ্চলবিশেষত প্ৰচলিত একপ্ৰকাৰৰ চহা গীত। একপ্ৰকাৰৰ দক্ষিণ কামৰূপ আৰু পূব গোৱালপাৰা জিলাৰ গ্ৰাম্যাঞ্চলত গৰখীয়াসকলক লাখৰ বুলি কয়। লাখৰহঁত সাধাৰণতে দুখীয়া ঘৰৰ। গৰু ৰখাৰ সময়ত তেওঁলোকে নিজৰ দৰিদ্ৰতাৰ কথা পাহৰি মুকলি আকাশৰ তলত ৰং-ধেমালি কৰি গীত গায়, নাচে, বাঁহী-সুতুলি আদি বজাই নানা ধৰণৰ খেল খেলে।

ইতিহাস সম্পাদনা কৰক

গৰু ৰখাৰ প্ৰধান আহিলা 'লৰু' অৰ্থাৎ এচাৰি। লাখৰ সকলে গৰু চৰাওঁতে নিজ নিজ লৰু মাটিত পুতি পূজা কৰি মনৰ আনন্দৰে ফৰিং,নিগনি আদি বলি দিছিল। কালক্ৰমত বলি বাহনত চৰাই পোৱালি আদি যোগাৰ কৰি নিৰ্ধাৰিত দিনত পূজা দিবলৈ ধৰিলে। পূজাৰ দিনা যিয়ে যি পাৰে বয়-বস্তু সংগ্ৰহ কৰি আনে। পূজা সমাপনৰ পিছত সকলো মিলি-জুলি ভোজ-ভাত খায়। এনেদৰে পিছলৈ ই লাখৰ পূজা ৰূপত প্ৰতিষ্ঠিত হ'ল আৰু পূজাত হাঁহ, কুকুৰা,ছাগলী, পাৰ আদি বলি বাহন হিচাপে আগবঢ়োৱা হ'ল। আনকি কাৰোবাৰ ঘৰৰ গৰু হেৰালেও 'লাখৰ দেও'ক তামোল পাণেৰে মাননি আগবঢ়োৱাৰ ৰীতি প্ৰচলিত আছে। সেইদৰে হেৰুৱা গৰু বিচাৰি পালে পূজা অৰ্পণ কৰে। লাখৰ সকল সাধাৰণতে সহজ সৰল নিৰক্ষৰ। গছ-লতিকাৰ তলত নৈ-নিজৰা পাৰত, বিল-জাৰণিৰ কাষৰ ঘাঁহনিত গৰু মেলি মুক্ত মনে ৰং-তামাচা কৰে আৰু স্বভাৱসুলভ চহা কণ্ঠেৰে গীত গায়। 'লাখৰ' গীতবোৰ সৰল আৰু গীতিময় সুৰ-তাল-লয় ইয়াত স্বাভাৱিকতে প্ৰকাশ পায়। দুটামান 'লাখৰ' গীত-

‌‌

ঔ তলে গিৰ্ গিৰ্ পানী
 সৰগ মাৰে টানি-টানি
 পুঠি মাছটা অজলা
 পাহাৰখান কা‌ঁজলা

ভিন্ গৰু ভিনটা
 আমাৰ গৰু কেইটা,
 আমাৰ বাটে আমি যাং
 সোণা-ৰূপা পাই যাং
 ‌ তুহাৰ বাতে তুহা যা
 গৰু হাড়া কুৰাই যা[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. লেখাৰু জিতু কুমাৰ. পৃষ্ঠা. ১৬০. 

লোককৃষ্টিৰ সমীক্ষা, লেখাৰু জিতু কুমাৰ সম্পাদনা কৰক