লাঙামাৰা পূজা
লাঙামাৰা পূজা অসমৰ ৰাভা জনগোষ্ঠীৰ মাজৰ পাতিৰাভাসকলৰ এক পৱিত্ৰ উৎসৱ৷ অসমত বসবাস কৰা মংগোলীয় মূলৰ ৰাভা জনগোষ্ঠীৰ খেল বা ফৈদ কেইবাটাও৷ ড° ভূবন মোহন দাস আৰু ৰাজেন ৰাভাৰ মতে, ৰাভাসকলৰ মুঠ খেল বা ফৈদ ৯টা৷ আনহাতে ড° উপেন ৰাভা হাকাচামৰ মতে ৮টা৷ এই সকলোবোৰ ফৈদৰ মাজতে পাতিৰাভা ফৈদৰ জনসংখ্যা সৰ্বাধিক৷ পাতিৰাভাসকলে অসমীয়া মিহলি ৰাভা ভাষা কয়৷ ঘাইকৈ দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ পূব অংশত পাতিৰাভাসকলৰ বসতি৷ ৰাভা জনগোষ্ঠীৰ লোকসকলে কোনো নিৰ্দিষ্ট দেৱ-দেৱীৰ মূৰ্তিৰ পৰিৱৰ্তে শিল বা গছ-গছনিক দেৱ-দেৱীৰ প্ৰতীক হিচাপে লৈ পূজা কৰে৷ প্ৰাচীন কালৰে পৰা পাতিৰাভাসকলৰ মাজত প্ৰচলিত হৈ অহা লাঙামাৰা পূজা হৈছে দেৱাদিদেৱ মহাদেৱৰ পূজা৷ জেঠ-আহাৰ মাহত এই পূজা পতা হয়৷ এই পূজাত এই পূজাত লংদেও, খোকচি, সন্নাসী, কেঁচাইখাইতী, খৈলা, ৰংগুৰ আদিকো আৰাধনা কৰা হয় যদিও প্ৰধান পূজা হয় শিৱৰ নামত৷ লাঙামাৰা পূজা দেউৰীৰ দ্বাৰা কৰা হয়৷[1] ৰাভাসকলে দেৱ-দেৱীৰ প্ৰতীকৰূপে শিল ব্যৱহাৰ কৰাৰ আঁৰত এক কাহিনী আছে৷ “এসময়ত জুনাবায় মেচিক আৰু জুনাবায় মেবা নামৰ গিৰিয়েক-ঘৈণীয়েক এহালে গঞাৰ লগত মাছ মৰিবলৈ গৈছিল৷ সকলোৱে খালৈভৰ্তি মাছ পালে কিন্ত জুনাবায় মেচিকে শিল এডোখৰহে পালে৷ শিলডোখৰ পেলাই দিলেও বাৰে বাৰে শিলটো জাকৈত উঠে৷ কিবা ভাবি জুনাবায়ে শিলটো ঘৰলৈ লৈ আহিল৷ ৰাতি শিলটোৱে সপোন দেখুৱালে, আৰু পূৰ্বৰ প্ৰতাপী ডডান ৰজাৰ কাহিনী কৈ পূজা কৰিবলৈ ক’লে৷ সপোনৰ কথা পিছদিনা গাঁৱৰ মানুহৰ আগত কোৱাত সেই শিলডোখৰকে স্থাপন কৰি পূজাৰ আয়োজন কৰে৷ তেতিয়াৰ পৰাই শিল স্থাপন কৰি ’খোকচী’( খোক মানে খালৈ) পূজা কৰাৰ ৰীতি প্ৰচলিত হৈ আছে৷[2]
দেৱ-দেৱী আৰু দেউৰী
সম্পাদনা কৰকৰাভাসকলৰ আৰাধ্য দেৱ-দেৱীসকলক দুটা ভাগত ভাগ কৰা হয় আৰু দুই ধাৰাত পূজা কৰা হয়৷ সেই দুটা ধাৰা হ’ল, ৰাভা বায় আৰু লেমা বায়৷ ’ৰাভা বায়’ত অন্তৰ্ভূক্ত দেৱ-দেৱীক জনগোষ্ঠীটোৰ কৌলিক ধৰ্মীয় নিয়মমতে পূজা কৰা হয় আৰু ’লেমা বায়’ত অন্তৰ্ভূক্ত দেৱ-দেৱীক হিন্দু ধৰ্মীয় ৰীতি-নীতিৰে পূজা কৰা হয়৷ লাঙা দেৱতা ’ৰাভা বায়’ শ্ৰেণীৰ দেৱতা৷ এনে পূজাত কোনো ব্ৰাহ্মণ বা পুৰোহিতে পূজা নকৰে৷ ৰাভাসকলৰ স্থানীয় দেউৰীয়েহে পূজা কৰে৷ পূজাৰ মূল পূজাৰীজনক দেউৰী, ওজা বা বায়ফাং বোলে আৰু সহায়কাৰীজনক পালি, পালিচা বা তাকব্ৰা বোলে৷ দেউৰী আৰু সহায়কাৰীজনে পূজাৰ এসপ্তাহ আগৰে পৰা নীতি-নিয়ম মানি ব্ৰতাচাৰে থাকিব লাগে৷ পূজাৰ সময়ত গা-পা ধুই তিতাবস্ত্ৰেৰে গাত পিঠাগুড়ি ছটিয়াই, ডিঙিত কুশবন একোছা লৈ পূজা কৰাটো নিয়ম৷
পূজাৰ বিধি
সম্পাদনা কৰকলাঙামাৰা পূজা গাঁৱৰ বাহিৰৰ কোনো কাঠনিবাৰী বা নদীৰ পাৰত অনুষ্ঠিত কৰা হয়৷ এই পূজাত লাঙা, ধনকুবেৰ, ঠাকুৰাণী, দুধকুমৰ, ফুলকুমৰ, খোকচী আদি দেৱ-দেৱীৰ নামত একোডোখৰ শিল স্থাপন কৰি পূজা কৰা হয়৷ প্ৰথমে ঠাকুৰাণীৰ পূজা কৰি পিছত বাকীসকলৰ পূজা আৰু শেষত খোকচী দেৱীৰ পূজা কৰা হয়৷ নৈবেদ্য বা ঠগী দিয়া ঠাইত পিঠাগুড়িৰে আল্পনা অঁকা হয়৷ তাত ঠগী, নৈবেদ্য আগবঢ়াই প্ৰথমে ঠাকুৰাণীক বলি দিয়া হয়৷ তাৰপিছত লাঙা, ধনকুবেৰ আৰু খোকচীক বলি দিয়ে৷ দুধকুমৰ আৰু ফুলকুমৰক বলি দিয়া নহয়৷ প্ৰধান পুৰোহিতৰ ঘৰত প্ৰস্তুত কৰা মদ “ঘৰী’’ নামৰ পাত্ৰত আনি অৰ্পন কৰা হয় আৰু সেই মদ ঠাকুৰাণী, দুধকুমৰ আৰু ফুলকুমৰৰ নামত অৰ্পন কৰে৷ ঠগী আৰু ভোগ আগবঢ়োৱাৰ পিছত সকলোৱে লগ হৈ মদ খায় আৰু ভোজন কৰে৷ গাঁৱৰ গৰখীয়াসকলৰ বাবে পৃথকে পূজাৰ প্ৰসাদ থৈ দিয়া নিয়ম৷ তাৰপিছত সকলোৱে লগ হৈ প্ৰতিগৰাকী দেৱ-দেৱীক সম্বোধন কৰি আৰাধনা কৰে আৰু আশীৰ্বাদ বিচাৰে৷ শেষত পূজাৰীয়ে প্ৰসাদ বিতৰণ কৰে আৰু সকলোৱে প্ৰসাদ খাই ঘৰাঘৰি যায়৷[3]