লাডো বাঈ

(লাডো বাইৰ পৰা পুনঃনিৰ্দেশিত)

লাডো বাঈ (ইংৰাজী: Lado Bai) মধ্য প্ৰদেশভিল জনগোষ্ঠীৰ এগৰাকী জনজাতীয় চিত্ৰ শিল্পী। ভাৰত, ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিভিন্ন প্ৰদৰ্শনীত তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শিত হৈছে।[1]

ভূপালৰ আদিবাসী লোক কলা একাডেমীত থাকে আৰু তাতে কাম কৰে।[2]

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ সম্পাদনা কৰক

মধ্যপ্ৰদেশৰ ঝাবুৱাৰ বাড়ী বাৱাড়ী গাঁৱৰ এটা ভিল জনজাতীয় সম্প্ৰদায়ত লাডো বাঈৰ জন্ম হৈছিল।[2] অতি কম বয়সতে বিখ্যাত ভাৰত ভৱন নিৰ্মাণৰ হস্ত শ্ৰমিক হিচাপে নিয়োজিত হ'বলৈ পৰিয়ালসহ ভূপাললৈ গুচি যায়। বিয়া হৈ বিল্ডিং কমপ্লেক্সত কাম কৰি থাকিল আৰু এদিনটো কৰা কামৰ পিছত মানসিক চাপমুক্ত হ'বলৈ তেওঁ ছবি আঁকিবলৈ আৰম্ভ কৰিলে।[3][4]

ভূৰী বাঈৰ সৈতে লাডো বাঈয়ে নিজৰ কাম আৰম্ভ কৰিছিল।[5] তেওঁৰ শিল্পই তেওঁৰ সম্প্ৰদায়ৰ আধ্যাত্মিকতা আৰু জীৱবাদক প্ৰতিফলিত কৰে।[6] বছৰ বছৰ ধৰি আৰ্থিক অভাৱৰ বাবে তেওঁ নিজৰ শিল্পকৰ্ম আগবঢ়াব পৰা নাছিল।[6] ভাৰতীয় বিখ্যাত শিল্পী জগদীশ স্বামীনাথনে এদিন তেওঁক আৱিষ্কাৰ কৰে। তাৰ পিছৰ পৰাই তেওঁৰ ভাগ্য সলনি হ’বলৈ ধৰে।[6] স্বামীনাথনে তেওঁক আদিবাসী লোক কলা একাডেমীত কাম কৰিবলৈ উৎসাহিত কৰে য'ত তেওঁ উৎসৱ, অনুষ্ঠান আৰু জীৱ-জন্তুৰ ছবি দেৱালৰ পৰা কাগজলৈ স্থানান্তৰিত কৰাৰ সুযোগ লাভ কৰে।[6]

ভিল কলা সম্পাদনা কৰক

ভিল জনজাতি হৈছে ভাৰতৰ দ্বিতীয় বৃহত্তম থলুৱা জনজাতি সম্প্ৰদায়। শিল্প হৈছে ভিল সম্প্ৰদায়ৰ অবিচ্ছেদ্য অংগ।[7] তেওঁলোকৰ চিত্ৰসমূহৰ চহকী প্ৰকাশভংগীয়ে সাধাৰণতে প্ৰকৃতি আৰু আদিবাসী শৈলীক চিত্ৰিত কৰে যিটো তেওঁলোকৰ উত্তৰাধিকাৰ।[7] বহুতো ভিল সম্প্ৰদায়ৰ শিল্পীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰিছে।[6] তেওঁলোকে জন্মৰ সৰল মানৱীয় আনন্দ আৰু শস্য চপোৱাৰ দৰে অন্যান্য আনুষ্ঠানিক অনুষ্ঠানৰ ছবি অংকন কৰে যিবোৰ আমাৰ আধুনিক সমাজে প্ৰায়ে পাহৰি গৈছে।[6] আন জনজাতীয় গোটৰ শিল্পৰ লগতে ভিলৰ শিল্পই জীৱনৰ সৰল আনন্দবোৰৰ বিষয়ে জনতাক সোঁৱৰাই দিবলৈ চেষ্টা কৰে।[6]

প্ৰেৰণা আৰু শৈলী সম্পাদনা কৰক

লাডো বাঈৰ ৰচনাসমূহ আনুষ্ঠানিক সৰলতাৰ বাবে বৈশিষ্ট্যপূৰ্ণ, যিটো তেওঁৰ বিন্দুৰ ব্যৱহাৰে উচ্চ কৰি তুলিছে। প্ৰকৃতি, আধ্যাত্মিকতা আৰু জীৱবাদে তাইৰ কেনভাছত আধিপত্য বিচাৰি পায়। তেওঁৰ সমাজৰ বয়োজ্যেষ্ঠসকলে কোৱা কাহিনী, জনজাতিটোৰ শ্ৰুতিকথা আৰু আচাৰ-ব্যৱহাৰ আৰু দৈনন্দিন জীৱনত সন্মুখীন হোৱা উদ্ভিদ আৰু প্ৰাণীৰ পৰা তেওঁ অনুপ্ৰাণিত হয়।[2][8] বাঈয়ে সৃষ্টি কৰা শিল্পই তেওঁৰ জনগোষ্ঠীৰ ৰীতি-নীতি আৰু উৎসৱৰ লগতে তেওঁৰ পৰিৱেশৰ উদ্ভিদ আৰু প্ৰাণীক প্ৰতিফলিত কৰে।[1] ভিল লোককথাৰ দেৱতা পিথোৰাৰ আচাৰ-ব্যৱহাৰী চিত্ৰকল্প ভিল চিত্ৰকলাৰ কালজয়ী পৰম্পৰাৰ দ্বাৰা তেওঁৰ কামৰ বিষয়ে অৱগত কৰা হৈছে।[1]

বয়োজ্যেষ্ঠসকলে কোৱা কাহিনীবোৰৰ পৰা লাডু বাঈয়ে প্ৰেৰণা লাভ কৰিছিল আৰু তেওঁৰ ব্যক্তিগত বিশ্বাস যে তেওঁৰ কলাৰ দ্বাৰা দেৱতাসকলে সন্তুষ্ট হ'ব।[1]

তেখেতে পিথোৰ দেৱতাৰ আচাৰ-ব্যৱহাৰ পালন কৰা এটা বিখ্যাত সম্প্ৰদায়ৰ অন্তৰ্গত। বহু শতিকা পুৰণি এই পৰম্পৰা বোৰ মূলতঃ পুৰুষৰ অধিকাৰ আছিল।[1][7] লাডো বাঈয়ে এই কালজয়ী পৰম্পৰাক আগুৱাই লৈ গৈছে আৰু একে সময়তে, এক শক্তিশালী ব্যক্তিগত দৃশ্যমান ভাষালৈ বিকশিত কৰিছে।[1]

নিজৰ পৰম্পৰাগত পৰিচয়ক নিজৰ কৰ্ম আৰু জীৱনত জীয়াই ৰখা জনজাতীয় শিল্পীসকলৰ ভিতৰত লাডো বাঈ অন্যতম।[9] তেওঁৰ চিত্ৰত ভিল জীৱনৰ সকলো দিশ প্ৰতিফলিত হোৱা দেখা যায়। আগতে ব্যৱহাৰ কৰা পাটৰ টুকুৰা এটাৰ ঠাইত মিহি মানৰ ব্ৰাছ আৰু কেনভাছৰ সৈতে কাম কৰাৰ সময়ত তেওঁ সম্পূৰ্ণৰূপে নিশ্চিন্ত যেন লাগে।[9] বৰ্তমান তেওঁ ভূপালৰ আদিবাসী লোক কলা একাডেমীত কাম কৰি আছে আৰু শিল্পী হিচাপে নিজৰ কপ্মটোত সন্তুষ্ট।[9]

লাডো বাঈৰ ৰচনাৰ প্ৰধান বিষয়বস্তু হৈছে তেওঁৰ সম্প্ৰদায়ৰ প্ৰকৃতি, আধ্যাত্মিকতা আৰু জীৱবাদ আদি।[10] প্ৰয়াত ভাৰতীয় শিল্পী জগদীশ স্বামীনাথনৰ উৎসাহ আৰু সমৰ্থনত তেওঁ পৰম্পৰাগত শিল্পৰূপৰ সমসাময়িক ভাষা গঢ়ি তুলিছে।[10] তেওঁৰ ৰচনাসমূহৰ মূল সাজোন হৈছে পশু ৰাজ্য আৰু ভিলৰ আচাৰ-ব্যৱহাৰ আৰু উৎসৱ। তেওঁৰ ৰচনাসমূহে লোককথাৰ পৰা এটা বৃহত্তৰ কাহিনীৰ এটা খণ্ড প্ৰদৰ্শন কৰে।[10] বাঈয়ে কয়, "আমি ছবি আঁকিবলৈ আৰম্ভ কৰাৰ আগতে গোটেই ৰাতিটোৰ বাবে প্ৰস্তুতি চলাওঁ। মোৰ কামত বহুতো আচাৰ-অনুষ্ঠান দেখুৱাইছো, আৰু ভিল সংস্কৃতি ঠিক এনেকুৱাই”।[10]

বঁটা সম্পাদনা কৰক

লাডো বাঈ হৈছে মাষ্টাৰ ওজাছ আৰ্ট বঁটা বিজয়ী। ওজাছ আৰ্ট গেলেৰীয়ে প্ৰতিষ্ঠা কৰা ওজাছ আৰ্ট এৱাৰ্ড ২০১৭ জয়পুৰ সাহিত্য মহোৎসৱ ২০১৭ত মধ্যপ্ৰদেশৰ ভূপালৰ দুজনমান ভিল শিল্পীক প্ৰদান কৰা হয়। লাডো বাঈক মাষ্টাৰ আৰ্টিষ্ট শাখাৰ অধীনত ৫১,০০০ টকাৰ নগদ ধনসহ এই বঁটা প্ৰদান কৰা হয়। এই ধাৰাটোৰ প্ৰাৰম্ভিক শিল্পীৰ গোটৰ অন্তৰ্গত আৰু ভূৰী বাঈৰ উপৰিও জে স্বামীনাথনৰ সৈতে পোনপটীয়াকৈ কাম কৰা প্ৰথম ভীল শিল্পীসকলৰ ভিতৰত লাডো বাঈ অন্যতম।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Lado Bai". Saffronart. https://www.saffronart.com/artists/lado-bai। আহৰণ কৰা হৈছে: 18 March 2019. 
  2. 2.0 2.1 2.2 "Lado Bai". Bhil Art. http://bhilart.com/lado-bai/। আহৰণ কৰা হৈছে: 26 March 2019. 
  3. "Folk And Tribal Painter Lado Bai's Lively Art Travel in India". Ravindra Koshish ArtYouTube. 20 October 2018. https://www.youtube.com/watch?v=z8QBEG4ZhMA। আহৰণ কৰা হৈছে: 18 March 2019. 
  4. "थकान मिटाने के लिए बनाती थीं चित्र, मिला राष्ट्रीय सम्मान" (hi ভাষাত). Nai Dunia. 16 April 2018. https://naidunia.jagran.com/special-story-women-make-picture-relief-from-fatigue-and-got-national-honor-1673636। আহৰণ কৰা হৈছে: 26 March 2019. 
  5. "Lado Bai - Bhil Artist of Madhya Pradesh". Ministry of Culture, Government of IndiaIndira Gandhi National Centre for the Arts. http://ignca.gov.in/divisionss/janapada-sampada/tribal-art-culture/bhil-artists-of-madhya-pradesh-and-rajasthan/lado-bai/। আহৰণ কৰা হৈছে: 26 March 2019. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 6.6 "Bhil Art: Tribal Paintings from India". The Saffron Art Blog. 14 December 2012. https://blog.saffronart.com/2012/12/14/bhil-art-tribal-paintings-from-india/। আহৰণ কৰা হৈছে: 25 July 2023. 
  7. 7.0 7.1 7.2 "The Bhils". Bhil Art. http://bhilart.com/। আহৰণ কৰা হৈছে: 6 April 2019. 
  8. "Lado Bai". Sutra Gallery. Archived from the original on 26 August 2017. https://web.archive.org/web/20170826211627/http://www.sutragallery.com/Lado-Bai.html। আহৰণ কৰা হৈছে: 26 March 2019. 
  9. 9.0 9.1 9.2 Gulraiz, Saba (September 2010). "A Tryst with Art in Madhya Pradesh". Art Etc (magazine). Archived from the original on 1 November 2011. https://web.archive.org/web/20111101141115/http://www.artnewsnviews.com/view-article.php?article=a-tryst-with-art-in-madhya-pradesh&iid=6&articleid=58। আহৰণ কৰা হৈছে: 30 March 2024. 
  10. 10.0 10.1 10.2 10.3 "An Exhibition that Explores Folklore and Mythology Through Tribal Art". Hindustan Times. 25 August 2017. https://www.hindustantimes.com/art-and-culture/an-exhibition-that-explores-folklore-and-mythology-through-tribal-art/story-LT5Z1HnGROkR0u5a5YftrN.html.