আহোম ৰাজ্যত এটা বিশেষ শ্ৰেণীৰ লোকক ‘লুখুৰাখন‘ উপাধিৰে অভিহিত কৰা হৈছিল। আহোমসকলৰ শাসনকালত মৃত ব্যক্তিক মৈদাম দিয়াৰ যি প্ৰথা আছিল সেই প্ৰথাত লুখুৰাখনসকলৰ বিশেষ ভূমিকা আছিল। শৱদেহ এটা মৈদামলৈ নিবৰ বাবে ‘ৰুঙ্গ-ডাঙ্গ’ নামৰ কফিন তৈয়াৰ কৰাৰ পৰা মৈদামৰ খনন কাৰ্য্যলৈ এই সকলোতে প্ৰধান ভূমিকা আছিল লুখুৰাখনসকলৰ। শুনা যায় যে আহোম স্বৰ্গদেউসকলৰ মৃত্যুত তেওঁলোকৰ শৱদেহ মৈদাম দিওতে শৱদেহৰ সৈতে কেইজনমান লুখুৰাখনকো জীয়াই জীয়াই শৱদেহৰ লাচনী-পাচনীৰ বাবে মৈদাম দিয়া হৈছিল। হয়তো আহোমসকলৰ মাজতো ‘মৃত্যুৰ পিছৰ জীৱন’- এই বিশ্বাস প্ৰতিষ্ঠিত আছিল।

বুৰঞ্জীৰ পৰা জনা যায় যে লুখুৰাখুন সকল বৰাহী-চুতীয়া আৰু মাউত ফমকিনৰ বংশৰ লোক আছিল। এই ফৈদৰ উৎপত্তিৰ সম্পৰ্কে হিতেশ্বৰ বৰবৰুৱাই এইবুলি লিখিছিল - "মাউচ ফমকিন্ আৰু বৰাহীৰ কালুঙ্গ বৰা, ইহতৰে বহ সন্ততি হ'ল। ৰজাদেৱে(চুবিনফা) পাই সিহঁতকে লুখুৰাখন বুলিলে। সিহঁতৰ যি ছোৱালী নিয়ে, সিহঁতেও ল'ৰা হ'লে, লুখুৰাখনলৈ দিব লাগে। আৰু যদি ছোৱালী হয়, ৰজাৰ ঘৰত বেটীকৈ দিব লাগে। এই নিৰ্বন্ধ কৰিলে।...এতেকেহে বহুত মানুহ লুখুৰাখনৰ খেলত সোমালে। লুখুৰাখন বিস্তৰ হ'ল।"

আহোম শাসনকালত লিখিত বা তাৰ পিছৰ সময়ত লিখিত বুৰঞ্জীবোৰত লুখুৰাখনসকলৰ কথা বিশেষভাৱে পোৱা নাযায়। হয়তো সেইসময়ছোৱাত লুখুৰাখনসকলক নিম্ন শ্ৰেণীত ধৰা হৈছিল আৰু তেওঁলোকৰ বিষয়ে ইতিসাহৰ পাতত কিবা সন্নিবিষ্ট কৰাৰ প্ৰয়োজনীয়তাৰ কথা ভবা নহৈছিল। শৰাইঘাট যুঁজৰ নায়ক লাচিত বৰফুকনো লুখুৰাখন বংশৰ লোক আছিল। পৰৱৰ্তী সময়ত লুখুৰাখনসকলৰ বহুতে ‘গগৈ’ উপাধি গ্ৰহণ কৰে। আহোম প্ৰথামতে স্বামীৰ ভায়েক অৰ্থাৎ দেউৰেকক গগৈদেউ উপাধিৰে সম্বোধন কৰা হৈছিল। লুখুৰাখনসকলে গগৈ উপাধি গ্ৰহণ কৰাৰ অন্তৰালত ঐতিসাহিক কিবা ঘটনা আছিলনে নাই জনা নাযায়। বৰ্তমান শিৱসাগৰ জিলাৰ গেলেকীৰ লুখুৰাখন গাৱঁৰ কিছুসংখ্যক লোক আৰু ডিব্ৰুগড় জিলাৰ লেজাই আৰু লেঙেৰী অঞ্চলৰ নাচনী গাওঁ আৰু কচলু গাওঁত কেইঘৰমান মানুহেহে বৰ্তমান লুখুৰাখন উপাধি ব্যৱহাৰ কৰি থকা বুলি জনা যায়। গোলাঘাট জিলাতোএখন লুখুৰাখন গাওঁ আছে। ঢকুৱাখনা মহকুমাৰ দীঘলা গাঁৱত (বাপু চুবুৰী) লুখুৰাষণীয়া ফৈদৰ বহু কেইঘৰ মানুহ আছে। তেঁওলোকৰ পূৰ্ব পুৰুষে কোৱা অনুসৰি তেওঁলোকৰ ঘাইভেটী আছিল আগৰ শিৱসাগৰ জিলাৰ শামদৈ পথাৰ , দ-আটী খাট, নাহৰণি টেপতলত []।