লেৱাটানা (ইংৰাজী: Lewatana dance) অসমৰ মংগোলীয় মূলৰ[1] বাসিন্দা হাজংসকলৰ অন্যতম জাতীয় উৎসৱ৷ কৃষিজীৱী হাজংসকলে কৃষিকাৰ্য সামৰণি পৰাৰ পিছত পুষণৈ, চ’ৰমাগা আদি নানা উৎসৱ পালন কৰে৷ কৃষিকাৰ্যৰ সামৰণি সময় মানে হাজং ডেকাসকলৰ অৱসৰ বিনোদনৰ সময়৷ এই সময়তে হাজং ডেকাসকলে ঘৰে ঘৰে চ’ৰমাগা অনুষ্ঠিত কৰি, ইয়াতে লেৱাটানা নৃত্য পৰিৱেশন কৰে৷ লেৱাটানাৰ অৰ্থ হ’ল, লেৱা মানে লতা আৰু টানা মানে টনা৷ যৌৱনৰ প্ৰতীক হিচাপে পালিত এই উৎসৱত ঘাইকৈ প্ৰেমমূলক গীত গাই হাজং ডেকা-গাভৰুৱে এই নৃত্য পৰিৱেশন কৰে৷ হাজংসকলৰ লেৱাটানা নৃত্যৰ লগত অসমৰ বিহুৰ গীত-নাচৰ যথেষ্ট সাদৃশ্য থকা দেখা যায়৷

লেৱাটানা নৃত্য

লেৱাটানা নৃত্য
আৰম্ভ শস্য চপোৱাৰ পিছত
অন্তৰ বাৰ্ষিক
ঠাই অসম, ভাৰত
অংশগ্ৰহণকাৰী হাজংসকল

লেৱাটানা নামৰ উৎস সম্পাদনা কৰক

লেৱাটানা নামটোৰ আঁৰত এক আখ্যান পোৱা যায়৷ সেইটো হ’ল, অতীতত এই নৃত্য কৰি কৰি ঘৰে ঘৰে গুপ্তভাবে ছোৱালী চাই ফুৰা নিয়ম আছিল৷ যিজনী ছোৱালী যিজন ডেকাৰ পছন্দ হয়, পিছত সেই ছোৱালী খুজি ঘৃহস্থলৈ বিয়াৰ প্ৰস্তাৱ পঠিওৱা হয়[2] আৰু ডেকা-গাভৰুৱে নতুন সংসাৰ আৰম্ভ কৰে৷ লেৱাটানা গীতবোৰত ইয়াৰ প্ৰমাণ পোৱা যায়৷ আন এক জনশ্ৰুতিমতে হাজংসকলে পাহাৰৰ নামনি হাবি-বন কাটি পৰিস্কাৰ কৰি বসতি স্থাপন কৰিছিল৷ লতাৰে আৱৰা হাবি কাটি ঠাই পৰিস্কাৰ কৰোঁতে ডেকা-গাভৰুসকলৰ মাজত লতাৰেই পৰস্পৰক স্পৰ্শানুভূতি আনি দিয়ে আৰু মনত প্ৰেম-পিৰীতি জাগ্ৰত হয়৷ এইদৰেই মনৰ ভাৱ প্ৰকাশ কৰোঁতে গোৱা গীতবোৰেই ’লেৱাটানা’ গীত[3]

সাজ-পাৰ সম্পাদনা কৰক

লেৱাটানা নৃত্যত যুৱক-যুৱতী উভয়ে অংশগ্ৰহণ কৰে৷ হাজং নাৰী বোৱা-কটাত পাকৈত৷ তেওঁলোকে নিজহাতে তৈয়াৰ কৰা নান ৰং-বিৰঙৰ কাৰু-কাৰ্যখচিত ৰাঙা পাতিন আৰু ফুলাম আগন প্ৰস্তুত কৰি নৃত্যৰ বাবে বহুদিন আগৰ পৰাই সাজু হয়৷ এই নৃত্যত গাভৰুসকলে বুকু ঢকা একোখন ফুলাম আগন ইংৰাজী V আখৰটোৰ দৰে পিন্ধি বুকুৰপৰা ভৰিপতাত লগাকৈ একোখন ৰাঙাপাতিন বা পাটানি পিন্ধে আৰু হাতত ৰঙীন ৰুমাল লয়৷ পাতানি হাজংসকলৰ জাতীয় ঐতিহ্যবহনকাৰী সাজ৷ যুৱকসকলে এখন গামোচা মূৰত শিৰস্ত্ৰাণৰূপে মেৰিয়াই লয় আৰু আন এখন গামোচা আঁঠুমূৰীয়াকৈ ধুতীৰ দৰে পিন্ধি লয়৷[2] যুৱতীসকলে সোণ-ৰূপ বা আজিকালি পোৱা বিভিন্ন আ-অলংকাৰ হাত, কাণ আৰু ডিঙিত পিন্ধে৷

পৰিৱেশন ৰীতি সম্পাদনা কৰক

লেৱাটানা নৃত্যত চিংৰা(ডেকা) আৰু চিংৰি(গাভৰুৱে) দুফালে দুটা শাৰীত ৰৈ নৃত্য পৰিৱেশন কৰে৷ পুৰণি অসমৰ বিহুৰ দৰে দুটা শাৰীত নৃত্য কৰা ডেকা-গাভৰুৱে পৰস্পৰে গীতৰ মাজেৰে প্ৰেম নিবেদন কৰি আনন্দ কৰে৷ আজিকালি লেৱাটানা নৃত্য বিভিন্ন সভা সমিতি আৰু আন আন উৎসৱতো পৰিৱেশন কৰা দেখা যায়৷

লেৱাটানা নৃত্যৰ গীত সম্পাদনা কৰক

লেৱটানা নৃত্য-গীত ডেকা-গাভৰুৰ প্ৰণয়মূলক, ব্যংগ-কৌতুকসূচক আৰু শ্ৰমজীৱী জীৱনৰ চিত্ৰৰে পৰিস্ফুট৷[4]

ডেকা-
আয় বইনি সংগে লেওকা টানং ৰংগে
লেওয়া টানিয়া যাং আপন ঘৰে
কি স্বজনী, লেওয়া টানিয়া যাং আপন ঘৰে৷
গাভৰু-
যাং দাদা ৰংগে, লেওৱা টানং সংগে
একে সংগে যাং আপন ঘৰে
কি ৰাম ঐ ৰাম, একে সংগে যাম আপন ঘৰে৷

[5]

বাদ্য-যন্ত্ৰ সম্পাদনা কৰক

লেৱাটানা নৃত্যত কিছুমান বিশেষ বাদ্য বজোৱা হয়৷ সেইবোৰ হ’ল, চাৰাণ্ডী, বাঁহী, দোতাৰা, ঢোল আৰু তাল৷ লেৱাটানা নৃত্যৰ গীতবোৰ চুটি চুটি আৰু একতাল বিশিষ্ট সুৰৰ৷ প্ৰথমে মধ্যম তালত গীত গাই শেষত খৰতালত শেষ হয়[2] আৰু গীতৰ তালে তালে খৰগতিত নৃত্য কৰি সামৰা হয়৷

তথ্য উৎস সম্পাদনা কৰক

  1. অসমীয়া মানুহৰ ইতিহাস, নগেন শইকীয়া
  2. 2.0 2.1 2.2 অসমৰ লোক-সংস্কৃতি, চাও লোকেশ্বৰ গগৈ
  3. পাহাৰৰ ওখ টিং, পৃ নং, ২৬১, সম্পা: পৰিতোষ চক্ৰৱৰ্তী
  4. বৈচিত্ৰময় অসম, দ্ৰুতপাঠ, NCERT
  5. পাম ৰাজেন, কাঢ়া নলৰ মৌসৰা ফুল, পৃঃ ২৭