লোক-উৎসৱ

মানুহৰ সামাজিক আচৰণ

পৰম্পৰাগত লোক-শিল্প আৰু লোক-সংগীতেৰে উদযাপন কৰা উৎসৱেই লোক-উৎসৱ। লোক-উৎসৱত লোকনৃত্য বা জনগোষ্ঠীয় খাদ্যও থাকিব পাৰে। এনে অনুষ্ঠান আৰু উৎসৱসদৃশ সমাৱেশত দীৰ্ঘদিন ধৰি হস্ত-শিল্পৰ প্ৰদৰ্শন কৰা হয়, কিয়নো ইয়াৰ শিপা গ্ৰাম্য শিল্পকৰ্মৰ পৰাই আছে। লোক-শিল্পৰ দৰেই হস্ত-শিল্পৰ উৎপাদনৰো প্ৰায়ে সাংস্কৃতিক, ৰাজনৈতিক আৰু ধৰ্মীয় তাৎপৰ্য থাকে। লোক-শিল্পই কোনো থলুৱা সংস্কৃতিৰ পৰা বা কৃষক বা অন্যান্য শ্ৰমিক ব্যৱসায়ীৰ দ্বাৰা উৎপাদিত শিল্পক সামৰি লয়। সূক্ষ্ম শিল্পৰ বিপৰীতে লোক-শিল্প বিশুদ্ধ নান্দনিক নহয়, প্ৰধানকৈ উপযোগী আৰু সজ্জাগত আৰু ইয়াক উৎসৱৰ সময়ত প্ৰায়ে ব্যৱসায়ী বা অপেশাদাৰী অনুশীলনকাৰীয়ে বিক্ৰী কৰে।[1]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. West, Shearer (general editor), The Bullfinch Guide to Art History, page 440, Bloomsbury Publishing Plc, United Kingdom, 1996. আই.এচ.বি.এন. 0-8212-2137-X