লোহিত জিলা (Pron: /ˈləʊhɪt/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাৰ সদৰঠাই তেজু। ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলা আৰু চাংলাং জিলাৰ পিচতে অৰুণাচল প্ৰদেশ ৰাজ্যৰ আটাইতকৈ জনবহুল জিলা।[1]

লোহিত জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
অৰুণাচল প্ৰদেশত লোহিতৰ অৱস্থান
অৰুণাচল প্ৰদেশত লোহিতৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
সদৰ তেজু
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পূব
 - বিধানসভা সমষ্টি ১টা (তেজু)
মাটিকালি
 - মুঠ ৫,২১২ কি.মি. 
(২,০১২.৪ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ১,৪৫,৫৩৮ জন
 - জনঘনত্ব ২৭.৯ প্ৰতি বৰ্গ কি.মি. 
(৭২.৩ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৬৯.৮৮%[1]
 - লিংগ অনুপাত ৯০১[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 28°00′N 96°30′E / 28°N 96.5°E / 28; 96.5স্থানাংক: 28°00′N 96°30′E / 28°N 96.5°E / 28; 96.5
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

নামকৰণ সম্পাদনা কৰক

পূৰ্বতে লোহিত জিলাৰ নাম আছিল মিছমি হিলছ (Mishmi Hills)। বৰ্তমানৰ নামটো লোহিত নদীৰ নাম অনুসৰি দিয়া হৈছে যাৰ সংস্কৃত ভাষাত অৰ্থ হ’ল- মুগা বৰণীয়া (Louhitya, reddish- or rust-coloured)।

ইতিহাস সম্পাদনা কৰক

মধ্যযুগত বৰ্তমানৰ লোহিত জিলা চুতীয়া সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। তেৰ শতিকাৰ পৰা ষোল্ল শতিকালৈ চুতীয়া ৰজাসলে এই জিলা শাসন কৰিছিল। উনৈশ শতিকাত জিলাখন ব্ৰিটিছৰ অধীনলৈ আহে।

১৯৮০ চনৰ জুন মাহত লোহিত জিলাৰ একাংশ পৃথক কৰি দিবাং উপত্যকা জিলা গঠন কৰা হয়।[2] ২০০৪ চনৰ ১৬ ফেব্ৰুৱাৰীত পুনৰ লোহিত জিলাৰ উত্তৰ অংশ পৃথক কৰি অনজৌ জিলা সৃষ্টি কৰা হয়।[2] ২০১৪ চনৰ ২৫ নৱেম্বৰত লোহিত জিলাৰ একাংশ পুনৰ পৃথক কৰি নামচাই জিলা গঠন কৰা হয়।[3]

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

এই জিলাৰ উল্লেখযোগ্য মহকুমা দুটা হ’ল ৱাকৰ’ (Wakro) আৰু সোণপুৰা (Sunpura)। লোহিত জিলাৰ মুঠ মাটিকালি ৫,২১২ বৰ্গ কিলোমিটাৰ।

প্ৰশাসন সম্পাদনা কৰক

এই জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ এটা সমষ্টি আছে: তেজু (Tezu)।[4] এই সকলো অঞ্চল পূব অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।[5]

যাতায়াত সম্পাদনা কৰক

লোহিত জিলাৰ যাতায়াত ব্যৱস্থা এতিয়াও অনুন্নত হৈ আছে।

জনসংখ্যা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি লোহিত জিলাৰ জনসংখ্যা ১৪৫,৭২৬ জন।[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬০১।[1]জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ২৮ জন। [1] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৬.৫৯%।[1] লোহিত জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১২ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ ৬৮.১৮ %।[1]

লোহিত জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, জেখ্ৰিং (Zekhring), খামতি (Khampti), চিংফৌ (Singpho) আৰু মিছমি জনজাতিৰ। ১৯৬০ৰ দশকত কিছু তিব্বতীয় লোকেও এই জিলাত বসবাস কৰিবলৈ লয়। জেখ্ৰিং সকল তিব্বতীয় বৌদ্ধধৰ্মী, খামতি আৰু চিংফৌ সকল থ্ৰেভাদা বৌদ্ধ আৰু মিছমি আৰু আদিসকল এনিমিষ্ট লোক।

ভাষা সম্পাদনা কৰক

এই জিলাৰ ব্যৱহৃত মূল ভাষাসমূহ হ’ল খামতি, জেখ্ৰিং, আদি আৰু চিংফৌ।[6]

জৈৱবৈচিত্ৰ্য সম্পাদনা কৰক

১৯৮৯ চনত লোহিত জিলাৰ ৭৮৩ বৰ্গ কিলোমিটাৰ লৈ কামলাং বন্যপ্ৰাণী অভয়াৰণ্য স্ৰৃষ্টি কৰা হয়।[7] এই জিলাত বহুতো আপুৰুগীয়া উদ্ভিদ আৰু প্ৰাণী পোৱা যায়।

তথসূত্ৰ সম্পাদনা কৰক

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. 2.0 2.1 Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 11 October 2011. 
  3. "Namsai became the 18th district of Arunachal Pradesh in November 2014". India Today. December 18, 2014. Archived from the original on 14 November 2015. https://web.archive.org/web/20151114145612/http://indiatoday.intoday.in/education/story/namsai-officially-became-the-18th-district-of-arunachal-pradesh/1/407543.html। আহৰণ কৰা হৈছে: 26 October 2015. 
  4. "Constituencies of Lohit District". https://lohit.nic.in/constituencies/। আহৰণ কৰা হৈছে: 26 December 2018. 
  5. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  6. M. Paul Lewis, ed. (2009). "Galo: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 28 September 2011. 
  7. Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ সম্পাদনা কৰক