{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/টিন’স্প’ৰা|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

শগুণী লতা বৈজ্ঞানিক নাম : টিন’স্প’ৰা কৰ্ডিফ’লিয়া (আন কিছুমান নাম: হৃদপত্ৰৰ চন্দ্ৰবীজ, গুডুচি বা গিলয় আদি) ভাৰত উপমহাদেশৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ থলুৱা মেনিস্পাৰমেচিয়া পৰিয়ালৰ এবিধ ঘাঁহজাতীয় লতা।[1] আয়ুৰ্বেদত ইয়াক বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হৈছে যদিও ইয়াৰ ফলপ্ৰসূতাৰ কোনো চিকিৎসা-শাস্ত্ৰসন্মত প্ৰমাণ পোৱা নাই।[1]

টিন’স্প’ৰা কৰ্ডিফ’লিয়া
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): টিন’স্প’ৰা
প্ৰজাতি: ট. কৰ্ডিফ’লিয়া
দ্বৈৰাশিক নামকৰণ
টিন’স্প’ৰা কৰ্ডিফ’লিয়া
(Thunb.) Miers

উদ্ভিদবিজ্ঞানৰ বৰ্ণনা সম্পাদনা কৰক

 
শগুনী লতাৰ ফল

ই এবিধ ডাঙৰ, পৰ্ণপাতী, সহজে বিয়পি পৰা, বগাই যোৱা লতা আৰু ইয়াৰ কেইবাটাও দীঘলীয়া একেলগে বাঢ়ি যোৱা ডাল থাকে আৰু গুৰি আৰু শিখৰ দুয়োটাতে পাক খোৱা। পাতবোৰ সৰল, পৰ্যায়ক্ৰমে আৰু ১৫ চে.মি. হৃদয় আকৃতিৰ পাত আৰু ৰঙা ৰঙৰ ফলৰ বাবেই ইয়াৰ নাম হৃদপত্ৰ চন্দ্ৰগুটি নামেৰে জনা যায়। পাতৰ আকাৰ বহলকৈ ডিম্বাকৃতিৰ, ১০–২০ চে.মি. (৪–৮ ইঞ্চি) দীঘল বা ৮–১৫ চে.মি, সাতডাল শিৰাযুক্ত আৰু পাতৰ গুৰিত টান ঠেনু থাকে, পাতৰ ওপৰত মিহি শুং, বগা ৰঙৰ টমেণ্টাজ আৰু তলত বিশিষ্ট ৰেটিকুলাম থাকে।

ফুলবোৰ একলিংগী, গছজোপাত পৃথকে পৃথকে থাকে আৰু গছজোপা পাতবিহীন হ’লে দেখা পোৱা যায়, ভাঁজ আৰু লতাৰ পাকবোৰ দেখাত সেউজীয়া-হালধীয়া। মতা ফুলবোৰ থুপ খাই থাকে যদিও মাইকী ফুলবোৰ সাধাৰণতে এটা এটাকৈ থাকে। ইয়াৰ দুটা শাৰীৰ তিনিটাকৈ মুঠ ছটা চুপহি থাকে। বাহিৰৰ কেইটা ভিতৰৰ তুলনাত সৰু। ইয়াৰ ছটা পাহি থাকে যিবোৰ চুপহিতকৈ সৰু, ডিম্বাকৃতিৰ আৰু আৱৰণযুক্ত। ফলবোৰ এটাৰ পৰা তিনিটাকৈ থুপত একত্ৰিত হয়। ইহঁতৰ ডাঠ ডালত ডিম্বাকৃতিৰ মসৃণ কলি আৰু শিকলিৰ দৰে ৰঙা বা কমলা ৰঙৰ দাগ থাকে।[2]

পৰিৱেশ বিজ্ঞান সম্পাদনা কৰক

এণ্ড’ফাইটিক ভেঁকুৰে কোনো ক্ষতিকাৰক প্ৰভাৱ নেপেলোৱাকৈ নিজৰ অৱস্থানত জীৱিত, অভ্যন্তৰীণ কলাবোৰত উপনিৱেশ স্থাপন কৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে, টিনোস্প'ৰা কৰ্ডিফ'লিয়াৰ পৰা সংগ্ৰহ কৰা নমুনাত বিভিন্ন জাতিৰ অন্তৰ্গত ২৯টা এণ্ড'ফাইট উপস্থিত আছিল।[3]

টি.কৰ্ডিফ'লিয়াৰ পৰা এণ্ড'ফাইটিক ভেঁকুৰৰ পৰা পাত নিষ্কাশনৰ কৃমি মথ(Spodoptera litura) নামৰ বহুভোজী কীটৰ বিৰুদ্ধে কীটনাশক গুণ পোৱা গৈছিল।[4]

উদ্ভিদ ৰসায়ন সম্পাদনা কৰক

টিনোস্প’ৰা কৰ্ডিফ’লিয়াত এলকেল’ইড, ফাইট’ষ্টেৰল, গ্লাইকোচাইড, টিন’স্প’ৰাইড, আৰু অন্যান্য বিভিন্ন ফাইটোকেমিকেলচকে ধৰি বিভিন্ন ধৰণৰ ফাইটোকেমিকেল পোৱা যায়।[1][5]

পৰম্পৰাগত ব্যৱহাৰ সম্পাদনা কৰক

আয়ুৰ্বেদত শতিকাজুৰি টিনোস্পোৰাৰ ঔষধি গুণ আছে বুলি বিশ্বাস কৰি ব্যৱহাৰ কৰা হৈছে যদিও, আধুনিক চিকিৎসাশাস্ত্ৰৰ গৱেষণাৰ পৰ্যালোচনাৰ পৰা ইয়াৰ কিবা প্ৰভাৱ আছে বুলি কোনো প্ৰমাণ পোৱা নাই। ২০২০-২২ চনত ভাৰতত ক'ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত আয়ুষ মন্ত্ৰ্যালয়ে প্ৰতিৰোধ ক্ষমতাৰ বাবে ঘৰুৱা ঔষধ হিচাপে টি ক’ৰ্ডিফ’লিয়া ব্যৱহাৰৰ পৰামৰ্শ দিছিল; [6] কিন্তু মুম্বাইত মাত্ৰ ছয়জন হেপাটাইটিছ ৰোগী লোকে এই উদ্ভিদৰ সিজাই বা কেপচুল পদ্ধতিত ব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহিছিল। [6][7][8][9]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Tinospora". Drugs.com. 18 November 2023. https://www.drugs.com/npp/tinospora.html। আহৰণ কৰা হৈছে: 13 February 2023. 
  2. Sinha, Kirti; Mishra, N P; Singh, J; Khanuja, S P S (July 2004). "Tinospora cordifolia (Guduchi), a reservoir plant for therapeutic applications: A Review". Indian Journal of Traditional Knowledge খণ্ড 3 (3): 257–70. http://www.niscair.res.in/sciencecommunication/researchjournals/rejour/ijtk/fulltextsearch/2004/july%202004/tinospora%20cordifolia%20(guduchi)%20a%20reservoir%20plant%20for%20therapeutic%20applications%20a%20review.htm. 
  3. Mishra, Ashish; Gond, Surendra K.; Kumar, Anuj; Sharma, Vijay K.; Verma, Satish K.; Kharwar, Ravindra N.; Sieber, Thomas N. (2012). "Season and Tissue Type Affect Fungal Endophyte Communities of the Indian Medicinal Plant Tinospora cordifolia More Strongly than Geographic Location". Microbial Ecology খণ্ড 64 (2): 388–98. doi:10.1007/s00248-012-0029-7. PMID 22430503. 
  4. Thakur, Abhinay; Kaur, Sanehdeep; Kaur, Amarjeet; Singh, Varinder (2012). "Detrimental effects of endophytic fungus Nigrospora sp. on survival and development of Spodoptera litura". Biocontrol Science and Technology খণ্ড 22 (2): 151–61. doi:10.1080/09583157.2011.646952. 
  5. Swaminathan, K.; Sinha, U. C.; Bhatt, R. K.; Sabata, B. K.; Tavale, S. S. (1989). "Structure of tinosporide, a diterpenoid furanolactone from Tinospora cordifolia Miers". Acta Crystallographica Section C খণ্ড 45 ( Pt 1): 134–136. doi:10.1107/s0108270188009953. PMID 2610955. 
  6. 6.0 6.1 Banjot Kaur (17 February 2022). "As COVID Surged, India Had a Silent Outbreak of Giloy-Induced Liver Injury". Science: The Wire. https://science.thewire.in/health/india-silent-outbreak-giloy-induced-livery-injury-ayurveda-ayush/. 
  7. Nagral, Aabha; Adhyaru, Kunal; Rudra, Omkar S. et al. (2021-07-02). "Herbal Immune Booster-Induced Liver Injury in the COVID-19 Pandemic - A Case Series". Journal of Clinical and Experimental Hepatology খণ্ড 11 (6): 732–738. doi:10.1016/j.jceh.2021.06.021. ISSN 0973-6883. PMID 34230786. 
  8. Ray, Kalyan (6 March 2022). "Ayurvedic drug backed by AYUSH Ministry causes liver damage, says study". Deccan Herald (The Printers, Mysore). https://www.deccanherald.com/national/ayurvedic-drug-backed-by-ayush-ministry-causes-liver-damage-says-study-1088604.html. 
  9. Kulkarni, Anand V.; Hanchanale, Pavan; Prakash, Vikash et al. (6 February 2022). "Tinospora cordifolia ( giloy)–induced liver injury during the COVID‐19 pandemic — Multicenter nationwide study from India". Hepatology Communications খণ্ড 6 (6): 1289–1300. doi:10.1002/hep4.1904. PMID 35037744.