শালস্তম্ভ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ প্ৰথম জন ৰজা৷ তেওঁৰ ৰাজত্বকাল ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৭৫ খ্ৰীষ্টাব্দলৈ আছিল বুলি অনুমান কৰা হয়৷[1] কামৰূপত ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত ম্লেছসকলে বিদ্ৰোহ আৰম্ভ কৰে আৰু তেওঁলোকৰ দলপতি শালস্তম্ভই ৰাজসিংহাসন দখল কৰে৷[1]

উল্লেখযোগ্য কাম সম্পাদনা কৰক

শালস্তম্ভই নালন্দাকে ধৰি উত্তৰ বংগৰ পৰা পশ্চিমলৈ মগধলৈকে ৰাজত্ব কৰিছিল৷ তেওঁৰ ৰাজত্বকালত কামৰূপৰ পশ্চিম সীমান্তৰ সম্প্ৰসাৰণৰ প্ৰচেষ্টা লৈছিল বুলি জনা যায়৷

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 ’অসমৰ ইতিহাস’ (২০০৭)-ড° নিশিপদ দেৱ চৌধুৰী, চেনেহী বেগম, ড° শান্ত বৰ্মণ; অসম সাহিত্য সভা