সদস্য:Yunatrend/শিকন আৰু শিক্ষন

(শিকন আৰু শিক্ষনৰ পৰা পুনঃনিৰ্দেশিত)

শিকন এনে এক প্ৰক্ৰিয়া যি এজন ব্যক্তিৰ জন্মৰ সময়ৰ পৰাই আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত অব্যাহত থাকে। পৰিৱৰ্তনশীল পৰিৱেশৰ প্ৰয়োজনীয়তা অনুসৰি ব্যক্তিয়ে নিজৰ সামৰ্থ্য অনুসৰি শিকাৰ প্ৰচেষ্টাত নিয়োজিত হৈ থাকে।

শিকনৰ সংজ্ঞা সম্পাদনা কৰক

বিশিষ্ট শৈক্ষিক মনোবিজ্ঞানী ই.এ. গেটছৰ মতে “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ জৰিয়তে এজন ব্যক্তিৰ আচৰণৰ পৰিৱৰ্তন হোৱা কাৰ্যই শিকন। শিকনত সেই কাৰক বা শক্তিবোৰ অন্তৰ্ভুক্ত থাকে যি আমাৰ আচৰণত তুলনামূলকভাৱে স্থায়ী বা অস্থায়ী পৰিৱৰ্তন আনিবলৈ সক্ষম হয়।

ক্ৰ আৰু ক্ৰৰ মতে- শিকন হৈছে অভ্যাস, জ্ঞান আৰু মনোভাৱ আহৰণ কৰা প্ৰক্ৰিয়া। ইয়াত নতুন ভাৱে কাৰ্য সম্পাদন কৰাৰ উপায় অন্তৰ্ভুক্ত থাকে, আৰু ই এজন ব্যক্তিৰ বাধা অতিক্ৰম কৰিবলৈ বা নতুন পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ কৰা প্ৰচেষ্টাত সহায় কৰে।

শিকনৰ প্ৰকাৰ সম্পাদনা কৰক

কৌশলপূৰ্ণ শিকন- এই প্ৰকাৰৰ শিকন কাৰ্যত শিক্ষাৰ্থী বা শিশোৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। বিভিন্ন কাৰ্যসমূহ ৰূপায়ণৰ যোগেদি শিশোৱে এই সমূহৰ কৌশল আয়ত্ত কৰিবলৈ সক্ষম হয়। যেনে- কথা কোৱা, লিখা, খেলা, পঢ়া ইত্যাদি।

সংবোধনাত্মক শিকন- উদ্দীপক সমূহৰ পৰা আহৰণ কৰা অনুভূতি সমূহ শিশোৱে সংবেদনশীল ইন্দ্ৰিয় সমূহৰ মাধ্যমেৰে অৰ্থবহ কৰি তোলা কাৰ্যই হল সংবোধনাত্মক শিকন।

সংপ্ৰত্যেয়মূলক শিকন- ইন্দ্ৰিয় সমূহৰ যোগেদি আহৰণ কৰা সংবেদন, অনুভূতি বা অভিজ্ঞতাৰ সমষ্টিক অৰ্থ প্ৰদান কৰিলে সংবোধন হয় আৰু এই জ্ঞান বা সংবোধনক উন্নত আৰু সু-সংগঠিত কৰিলে সংপ্ৰত্যয়ন লাভ কৰে।

অনুৰংগ মূলক শিকন- কোনো এটা নিৰ্দিষ্ট অভিজ্ঞতা মাধ্যমত আন এটা নতুন অভিজ্ঞতা আহৰণ কৰাৰ প্ৰক্ৰিয়াই অনুৰংগ মূলক শিকন। পুৰণি অভিজ্ঞতাৰ লগত সংযুক্ত কৰি নতুন জ্ঞান আহৰণ কৰাৰ প্ৰক্ৰিয়া।

মনোভাৱ মূলক শিকন- এই শিকনে শিশুৰ মনোভাৱ গঠন কৰে। ভাল, বেয়া, সন্তোষ, অসন্তোষ আদিৰ ওপৰত নিৰ্ভৰশীল।

সমস্যা সমাধান মূলক শিকন- শিশোৱে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হয়, এই সমস্যা সমূহ সমাধানৰ যোগেদি শিশোৱে সমস্যা সমাধানৰ কৌশল আয়ত্ত কৰে। এনে শিকন কাৰ্যত শিশুৰ বাবে কৃত্ৰিম ভাৱে কোনো সমস্যাৰ সৃষ্টি কৰি সমাধান কৰিবলৈ উৎসাহিত কৰ হয়।