শিখা বাৰ্মা (ইংৰাজী: Shikha Varma) হৈছে ঘনীভূত পদাৰ্থৰ পদাৰ্থ বিজ্ঞানৰ এগৰাকী সম্পৰীক্ষক। তেখেতৰ কৰ্মস্থান ভুৱনেশ্বৰস্থিত পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান। তেখেতেৰ গৱেষণাৰ বিচৰণথলী হৈছে:- পৃষ্ঠা বিজ্ঞান, প্ৰাৰম্ভিক পৰ্যায়ত Thin film ৰ বিকাশ আৰু বিকাশৰ ধৰণ, থিন ফিল্মৰ অণুবৈদ্যুতিক গঠন/দল গঠন, নেনোগঠন, আৰু নেনোক্লাষ্টাৰ, আধান ৰোপণৰ জৰিয়তে পৃষ্ঠ ৰূপান্তৰণ, আধান কিৰণৰ সহায়েৰে গাঠনিক ৰূপান্তৰণ।[1]

শিখা বাৰ্মা
বাসস্থান ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
কৰ্মস্থান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠা, ভুৱনেশ্বৰ
শিক্ষানুষ্ঠান আইআইটি কাণপুৰ, ছাইৰাকিউছ বিশ্ববিদ্যালয়
জনা যায় পৃষ্ঠ বিজ্ঞান (Surface Science), ঘনীভূত পদাৰ্থৰ পদাৰ্থ বিজ্ঞান সম্পৰীক্ষা
দাম্পত্যসঙ্গী অজিত মোহন
সতি-সন্ততি এজন পুত্ৰ সন্তান

শিক্ষা সম্পাদনা কৰক

১৯৮২ চনত শিখা বাৰ্মাই আইআইটি কাণপুৰত বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে। আইআইটিত অধ্যয়ন কৰি থাকোঁতেই তেখেতৰ "পৰীক্ষামূলক পদ্ধতি"ৰ প্ৰতি আগ্ৰহ জন্মে। এটা বিশেষ কথোপকথনত শিখা বাৰ্মাই অধ্যাপক জি. কে. মেহতাৰ শিক্ষণপদ্ধতিৰ প্ৰসংগ উত্থাপন কৰি কয় যে, “আমাক প্ৰফেচাৰ জি. কে. মেহতাই "পৰীক্ষামূলক পদ্ধতি"ৰ বিষয় এটা পঢ়ুৱাইছিল। সেইখিনিৰ পৰা উপকৃত হৈছিলোঁ। তেখেতে কেৱল পদ্ধতিবোৰৰ বিষয়েই কৈ থকা নাছিল, তাৰ লগতে এটা বিশেষ পদক্ষেপো লৈছিল। কোনোবাটো বিশেষ লেবৰটৰিত তেখেতে আমাক দহ দিন পৰ্যন্ত অতিবাহিত কৰোৱাইছিল। আৰু পৰীক্ষা এটা চলি থকাৰ সময়ত কি কি হৈছিল-সেইবোৰ আমাক দেখুৱাইছিল। আমিও নিজৰ ফালৰ পৰা উদ্যমেৰে লাগিছিলোঁ। অভিজ্ঞতাবোৰ বৰ গুৰুত্বপূৰ্ণ আছিল। ”[2] পাছলৈ তেখেতে পৰীক্ষামূলক ক্ষেত্ৰখনকেই নিজৰ পৰৱৰ্তী অধ্যয়নস্থল হিচাপে বাছি লয়। সেই ক্ষেত্ৰতে তেখেতে গৱেষণা আৰম্ভ কৰে। ১৯৮৪ চনত তেখেতে বিজ্ঞান শাখাত স্নাতকোত্তৰ শেষ কৰে আৰু আমেৰিকাৰ ছাইৰাকিউছ বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ডক্তৰেট ডিগ্ৰীৰ বাবে তেখেতে অণু-বৈদ্যুতিক গঠন আৰু পাতল পাৰাৰ ফিল্মৰ দল গঠন সম্পৰ্কে গৱেষণা চলাই যায়। সেইটো কাম কৰিবলৈ তেখেতে ছিলভাৰ ছাবষ্ট্ৰেট, অতিবেঙূণীয়া আলোক নিৰ্গমন বৰ্ণালীবিক্ষণ যন্ত্ৰ আৰু ছিংক্ৰটন বিকিৰণ (Ultraviolet Photoemission Spectroscopy and Synchrotron Radiation) ব্যৱহাৰ কৰিছিল।[3]

কৰ্মজীৱন সম্পাদনা কৰক

প'ষ্টডক্তৰেল কৰ্মৰ বাবে শিখা বাৰ্মাই ক্লিভলেণ্ডত থকা কেছ ৱেষ্টাৰ্ন বিশ্ববিদ্যালয়লৈ গমন কৰিছিল আৰু তাৰপিছত উইছকিনছন বিশ্ববিদ্যালয়লৈ গৈছিল। তাত তেখেতে অক্সাইডৰ লগত জড়িত আলোকনিৰ্গমন বৰ্ণালীবিক্ষণ যন্ত্ৰৰ বিষয়ে সুগভীৰ অধ্যয়ন কৰিছিল আৰু তাৰ বাবে তেখেতে ৰঞ্জন ৰশ্মি ফটোইলেক্ট্ৰন বিচ্ছুৰণ ব্যৱহাৰ কৰিছিল। ১৯৯৩ চনত তেখেত ছাণ্টা বাৰবাৰাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়লৈ যায় আৰু এএফএম আৰু এছটিএমৰ দ্বাৰা এমবিই আৰু এমঅ'চিভিডি বিকশিত কোৱাণ্টাম বিন্দু গঠন অধ্যয়ন কৰে (MBE and MOCVD grown quantum dots structures by AFM and STM)।[3]

১৯৯৪ চনৰ ১০ অক্টোবৰত শিখা বাৰ্মাই ভুৱনেশ্বৰত থকা পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰে। বৰ্তমান তেখেত সেইটো প্ৰতিষ্ঠানৰে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক।[1] তেখেতে কৰ্মনিৰ্বাহ কৰা আনকেইটামান পদ হৈছে:

  • অনাৱাসিক বিজ্ঞানী, ৰাসায়নিক আৰু নিউক্লিয়াৰ অভিযান্ত্ৰিক, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ছাণ্টা বাৰবাৰা, আমেৰিকা যুক্তৰাষ্ট্ৰ
  • সহযোগী প্ৰবক্তা আৰু গৱেষণা সহযোগী, পৃষ্ঠ বিজ্ঞান, পদাৰ্থ বিজ্ঞান বিভাগ, উইছকনছিন বিশ্ববিদ্যালয়,মিলৱাকি, আমেৰিকা যুক্তৰাষ্ট্ৰ
  • ৱেষণা সহযোগী, পৃষ্ঠ বিজ্ঞান, পদাৰ্থ বিজ্ঞান বিভাগ, কেছ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ বিশ্ববিদ্যালয়, ক্লিভলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ[4]

প্ৰকাশন সম্পাদনা কৰক

সম্পৰীক্ষক শিখা বাৰ্মাই বহুতো গৱেষণা-পত্ৰ লিখিছে। তাৰ ভিতৰত কেইখনমান হৈছে-

  • Enhanced Biocompatibility for plasmid DNA on Patterned TiO2 Surfaces; সুব্ৰতা মজুমদাৰ, আই.মিশ্ৰা, ইউ. সুবুদ্ধি, শিখা বাৰ্মা; প্ৰায়োগিক পদাৰ্থ বিজ্ঞান, ১০৩, (২০১৩) 063103
  • Anomalous Behaviour of Sb Implanted Si after mega-electron-volt carbon irradiation; সোমা দে', শিখা বাৰ্মা, প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ পত্ৰিকা,90 (২০০১) 2618
  • Damage and substitution anomalies for MeV Sb implantation in Si(100) after high energy irradiation, সোমা দে', শিখা বাৰ্মা, Nucl. Instr. and Meth. in Phys. Res.B , 212C (২০০৩) 146
  • Probing Gauge String Formation in a Superconducting Phase Transition; এছ.ৰুদাজ, এ. এম. শ্ৰীবাস্তৱ, শিখা বাৰ্মা, Int. J. Mod. Phys. A14 (১৯৯৯) 1591
  • Band Gap tailoring of TiO2 by Patterning, সুব্ৰতা মজুমদাৰ, ডি. পাৰামাণিক, ভি. সোলাংকী, বি.পি.বেগ. আৰু শিখা বাৰ্মা, প্ৰায়োগিক পদাৰ্থ বিজ্ঞান, Lett. 98, (২০১১) 053105.[5]

তথ্যসংগ্ৰহ সম্পাদনা কৰক