শীতল পাটি

বঙ্গদেশৰ হস্তশিল্প

শীতল পাটি (ইংৰাজী: Shital Pati) ধাৰি সদৃশ মজিয়াত পাৰি বহা আসন। পাটি বেত (Schumannianthus dichotomus) নামৰ এবিধ গুল্মজাতীয় উদ্ভিদৰ বাকলিৰে এই পাটি তৈয়াৰ কৰা হয়। হস্তশিল্প হিচাপে ইয়াৰ যথেষ্ট আদৰ। চহৰত ইয়াক ঘৰ সজোৱা সামগ্ৰী আৰু গাঁৱত বহা আসন বা বিছনা চাদৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ নক্সা কটা পাটিক 'নক্সি-পাটি' বোলে।[1][2]

শীতল পাটিৰ বয়ন

ইতিহাস সম্পাদনা কৰক

 
কোচবিহাৰেৰ ঘুঘুমাৰিৰ তৈয়াৰ কৰা শীতল পাটি, পশ্চিমবঙ্গ, ভাৰত
 
শীতল পাটি তৈয়াৰ কৰাৰ দৃশ্য

অচ্যুতচৰণ চৌধুৰী তত্ত্বনিধিয়ে (১৮৬৫-১৯৫৩) ৰচনা কৰা 'শ্ৰীহট্টেৰ ইতিবৃত্ত' নামৰ বিশালাকাৰ গ্ৰন্থৰ প্ৰথম পৰ্বৰ ৪ৰ্থ অধ্যায়ত শীতল পাটি সম্পৰ্কে এনে বিৱৰণ পোৱা যায়, “….এই শিল্পবোৰৰ ভিতৰত শীতল পাটি সৰ্বপ্ৰধান আৰু বিশেষভাবে বিখ্যাত। পাটি বেত নামৰ এবিধ গুল্মজাতীয় উদ্ভিদৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হয়। ই শীতল, মসৃণ আৰু আৰামদায়ক বুলি সকলোতে বিখ্যাত। বঙ্গদেশৰ অন্য কতো এনে ধৰণৰ উৎকৃষ্ট পাটি তৈয়াৰ কৰা নহয়। ইয়াক পাশা, ডবা আদিৰ নক্সাৰে চিত্ৰিত কৰা হয়। পাটিৰ মূল্য গুণানুসাৰে ১০ আনাৰ পৰা ১০ টকা পৰ্যন্ত হব পাৰে। বেত যিমানে চিকুণ হয়, মূল্য সিমানে বাঢ়ে। পূৰ্বে নৱাবৰ আমোলত ২০-২৫ টকাৰ পৰা ৮০-৯০ টকা, এনে কি ১০০-২০০ টকা পৰ্যন্ত মূল্যৰো পাটি প্ৰস্তুত হোৱা বুলিও শুনা যায়। ২০-২১ হাত দৈৰ্ঘ্যৰ পাটিক 'সফ' বুলি কয়। ইট আৰু চৌৰাল্লিশ পৰগণাতে সকলোতকৈ উৎকৃষ্ট পাটি তৈয়াৰ হয়। পাটি প্ৰস্তুত কৰাসকলক ‘পাটিয়াৰা দাস’ নামে খ্যাত। ১৮৭৬-৯৯ খ্ৰীষ্টাব্দত শ্ৰীহট্টৰ পৰা ৩৯২৭ টকা মূল্যৰ পাটি ৰপ্তানি হৈছিল।”[3]

বয়ন পদ্ধতি সম্পাদনা কৰক

যি বেতৰ পৰা এই পাটি তৈয়াৰ কৰা হয়, তাক বাংলাদেশৰ ভাষাত 'মুৰ্তা পাটি' বুলি কোৱা হয়। স্থানভেদে ইয়াক 'মুচতাক' বা 'পাটিবেতো' বোলা হয়। বৈজ্ঞানিক নাম Schumannianthus dichotomus। এই গছ দেখাত সৰু বাঁহৰ দৰে আৰু জোপোহা। পাটিবেতৰ গাগছ গুৰিতে কাটি, ডাল-পাত পৰিষ্কাৰ কৰি পানীত তিয়াই ৰখা হয়। ইয়াৰ পিছত মাছ কটা বঠিৰে দীঘলে দীঘলে কমেও চাৰিফাল কৰে আৰু কাণ্ডৰ ভিতৰৰ বগা, পাতলীয়া অংশটো চাঁচি পেলাই দিয়া হয়। বাহিৰৰ বাকলি অংশৰ পৰা বেতৰ সুত তৈয়াৰ কৰা হয়। এই শিল্পৰ কাৰিকৰসকলক 'পাতিকৰ' বুলি কয়। পাতিকৰৰ লক্ষ্য থাকে, পাটিবেতৰ বাকলিৰ পৰা যিমানে সৰু আৰু পাতল সুত উলিয়াব পৰা যায়, সিমানে পাটিখন কোমল আৰু মিহি হ’ব। পিছত এই বেতৰ সুতবোৰ মোলায়েম আৰু চকচকীয়া কৰিবলৈ বিশেষ পদ্ধতিত সিজোৱা হয়। ৰঙীন পাটি তৈয়াৰ কৰাৰ বাবে সিজোৱাৰ সময়তে পানীৰ সৈতে ৰং মিহলোৱা হয়।[4][1]

স্বীকৃতি সম্পাদনা কৰক

ৰাষ্ট্ৰসংঘৰ এটা সংস্থা ইউনেস্ক'ই (UNESCO) বাংলাদেশ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ আবেদন মৰ্মে ২০১৭ চনৰ ৬ ডিচেম্বৰত দেশখনৰ চিলেট অঞ্চলৰ পৰম্পৰাগত শীতল পাটিক মানৱতাৰ অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধিমূলক তালিকাত অন্তৰ্ভুক্ত কৰিছে। দেশখনৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ হৈ বাংলাদেশ নেচনেল মিউজিয়ামে প্ৰস্তাৱটো তৈয়াৰ কৰিছিল আৰু ২০১৬ চনৰ চেপ্তেম্বৰত ইউনেস্কোৰ ওচৰত দাখিল কৰিছিল।[4]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 জিনাত মাহৰুখ বানু. "নকশি পাটি". http://bn.banglapedia.org/. http://bn.banglapedia.org/index.php?title=নকশি_পাটি। আহৰণ কৰা হৈছে: 3 March 2021. 
  2. Banu, Zinat Mahrukh (2012). "Nakshi Pati". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Nakshi_Pati. 
  3. অচ্যুতচৰণ চৌধুৰী তত্ত্বনিধি. শ্ৰীহট্টেৰ ইতিবৃত্ত. পৃষ্ঠা. প্ৰথম খণ্ড, চতুৰ্থ অধ্যায়. 
  4. 4.0 4.1 ""Cultural Heritage: Shital Pati on Unesco list"". The Daily Star. http://www.thedailystar.net/backpage/cultural-heritage-shital-pati-unesco-list-1501381। আহৰণ কৰা হৈছে: December 7, 2017. 

বাহ্যিক সংযোগ সম্পাদনা কৰক